Logo
image

উঃ প্ৰদেশ, মধ্য প্ৰদেশতো ‘শ্ৰদ্ধা-কাণ্ড’

আমাৰ অসম, ২২ নৱেম্বৰঃ  দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ কাণ্ডই দেশ জোকাৰি যোৱাৰ মাজতে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশতো দুটা ভয়ংকৰ হত্যাকাণ্ডৰ কথা পোহৰলৈ আহিছে৷ মধ্য প্ৰদেশৰ শ্বাহদলত ৰাম কিশোৰ পেটেল নামৰ এজন লোকে তেওঁৰ পত্নীক হত্যা কৰি মৃতদেহ দুটুকৰা কৰে আৰু হাবিৰ মাজত পুতি থয়৷ পত্নীয়ে বিশ্বাসঘাটকতা কৰা আৰু প্ৰাক্তন প্ৰেমিকৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰি অহা বুলি সন্দেহ কৰিয়েই তেওঁ এই কাণ্ড সংঘটিত কৰে৷ স্বামীৰ নিষ্ঠুৰতাৰ বলি হোৱা এই মহিলাগৰাকীৰ নাম হ’ল সৰস্বতী পেটেল৷ সৰস্বতীক হত্যা কৰি লোকজনে পলায়ন কৰিছিল৷ গতিকে ভাতৃয়ে ১৩ নৱেম্বৰত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল ককায়েক-বৌৱেক সন্ধানহীন হৈ থকা বুলি৷ গতিকে আৰক্ষীয়ে গোচৰ ৰুজু কৰি ঘৰৰ ওচৰৰ হাবিত অভিযান চলাওঁতেই সৰস্বতীৰ কাপোৰৰ টুকুৰা উদ্ধাৰ কৰে৷ তাৰ পাছতে হাবিত ভালদৰে অভিযান চলোৱাত পুতি থোৱা মৃতদেহৰ টুকুৰা উদ্ধাৰ কৰে৷ তেতিয়াহে সকলো কথা পোহৰলৈ আহে৷ তাৰ পাছতে আৰক্ষীয়ে পলাতক ৰাম কিশোৰ পেটেলক গ্ৰেপ্তাৰ কৰে৷ ইপিনে, উত্তৰ প্ৰদেশৰ আজমগড়ত প্ৰিন্স যাদৱ নামৰ এজন যুৱকে প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি মৃতদেহ ৬ টুকুৰা কৰি নাদত পেলাই দিয়াৰ কথা পোহৰলৈ অহাত আজমগড়ত ব্যাপক চাঞ্চল্য সৃষ্টি হয়৷ আৰক্ষীয়ে হত্যাকাৰী প্ৰিন্স যাদৱক শনিবাৰে গ্ৰেপ্তাৰ কৰি দেওবাৰে মৃতদেহ পেলোৱা স্থানলৈ অনাৰ সময়তে আৰক্ষীৰ ওচৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল৷ তেতিয়াই আৰক্ষীৰ গুলীত তেওঁ নিহত হয়৷ ১৫ নৱেম্বৰত আজমগড়ৰ পশ্চিমী গাঁৱৰ নাদটোত স্থানীয় ৰাইজে এগৰাকী যুৱতীৰ মৃতদেহৰ অংশ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীক খবৰ দিয়া হৈছিল৷ তেতিয়াহে এই হত্যাকাণ্ডৰ কথা পোহৰলৈ আহে৷ দুই-তিনিদিন পূৰ্বে হত্যা কৰি পেলাই দিয়া হৈছিল অনুৰাধা নামৰ যুৱতীগৰাকীক৷ ইয়াত সহায় কৰিছিল প্ৰিন্সৰ পৰিয়ালৰ লোকে৷ অনুৰাধাই প্ৰিন্সক এৰি আন এজন যুৱকৰ সৈতে বিয়াত বহা বাবেই এইদৰে হত্যা কৰিছিল প্ৰিন্সে৷