Logo
image

চিনেমাৰ কায়দাত আদালতৰ পৰা দুই সন্ত্ৰাবাদীৰ পলায়ন

আমাৰ অসম, ২২ নৱেম্বৰঃ বাংলাদেশৰ ৰাজধানী ঢাকাৰ এখন আদালতৰ পৰা মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা দুজন সন্ত্ৰাসবাদীক চিনেমাৰ কায়দাত পলুৱাই নিয়ে সহযোগীয়ে৷ এই ঘটনাই দেশখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰে৷ এই সন্ত্ৰাসবাদী দুজনে বাংলাদেশী মূলৰ মৰ্কিন ব্ল’গাৰ অভিজিৎ ৰয় আৰু তেওঁৰ প্ৰকাশকক হত্যা কৰিছিল৷ গতিকে এই হত্যাৰ গোচৰত তেওঁলোকক দোষী সাব্যস্ত কৰি আদালতে মৃত্যুদণ্ডৰ শাস্তি বিহে৷ কিন্তু দেওবাৰে তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ সময়তে সহযোগীয়ে দুয়োকে আদালতৰ পৰাই পলুৱাই নিয়ে৷ মটৰ চাইকেলত অহা কেইজনমান লোকে আদালতত প্ৰৱেশ কৰে আৰু মৃত্যুদণ্ডৰে দণ্ডিত দোষী দুজনৰ কাষ চাপি কেমিকেল স্প্ৰে কৰে৷ লগে লগে আদালতৰ উক্ত স্থানখিনি ধোঁৱাময় হৈ পৰে আৰু মটৰ চাইকেলত অহা লোককেইজনে দুয়োজন সন্ত্ৰাসবাদীকে লৈ তাৰ পৰা পলাই যায়৷ সকলোৱে অবাক হৈ সেয়া চাই ৰয়৷ কেমিকেল স্প্ৰে কৰাৰ পাছত ওচৰত থকা আৰক্ষীয়েও একো নেদেখা হৈ পৰে৷ এই ঘটনাই সমগ্ৰ বাংলাদেশতে ব্যাপক চৰ্চা লাভ কৰিছে আৰু এয়া আৰক্ষীৰ ব্যৰ্থতা বুলি অভিহিত কৰে৷