Logo
image

মালিচ বিতৰ্ক : আপ মন্ত্ৰীয়ে লৈছে ধৰ্ষণকাৰীৰ হাতেৰে মালিচ

জিজিটেল ডেস্ক : দুৰ্নীতিৰ অভিযোগত কাৰাবাস খাটি থকা ‘আপ’ৰ নেতা তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মালিচ বিতৰ্কই লৈছে এক নতুন মোৰ। সূত্ৰ অনুসৰি, ধৰ্ষণৰ অভিযোগত কাৰাবন্দী হৈ আছে মন্ত্ৰী সত্যেন্দ্ৰ জৈনক মালিচ দিয়া কয়েদী। সত্যেন্দ্ৰ জৈনক মালিচ দিয়া কয়েদীয়ে  POCSO ধাৰা 6 আৰু আইপিচিৰ ধাৰা 376, 506 আৰু 509 ৰ অধীনত তিহাৰ জে'লতে বন্দী হৈ আছে। উল্লেখ্য যে দুৰ্নীতিৰ অভিযোগত কাৰাবাস খাটি থকা ‘আপ’ৰ নেতা তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰাগাৰতো ‘ৰাজসুখ’ত থকাৰ এটা ভিডিঅ' ভাইৰেল হৈছে৷ ভিডিঅ'টোত দেখিবলৈ পোৱা গৈছে যে কাৰাগাৰত ‘আপ’ৰ মন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰ পঞ্চতাৰকাযুক্ত হোটেলৰ সা-সুবিধা লাভ কৰিছে৷ শেহতীয়াকৈ মন্ত্ৰীজন থকা কাৰাগাৰৰ এটা চিচিটিভি ফুটেজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ য’ত দেখা গৈছে কাৰাবন্দী মন্ত্ৰীজনে শুই শুই ভৰি মালিচ লৈছে৷ ইপিনে, ফুটেজটো ৰাজহুৱা হোৱাৰ পাছতে বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ শীৰ্ষ নেতা অৰবিন্দ কেজৰিৱালকো সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে৷ বিজেপিয়ে আম আদমী পাৰ্টীক সমালোচনা কৰি কয় যে ‘কাৰাগাৰত ভি ভি আই পি আচৰণ৷ কাৰাগাৰত ওলাই পৰিছে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা আম আদমী পাৰ্টীৰ প্ৰকৃত চেহেৰা৷’ শেহতীয়াকৈ এই মালিচ বিতৰ্কক লৈ পোহৰলৈ আহিছে যে 'আপ’ৰ নেতা তথা দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনক মালিচ দিয়া কয়েদীয়ে ধৰ্ষণৰ অভিযোগ কাৰাবন্দী হৈ আছে৷