Logo
image

ঠিকনা সুধিলেই কাষ চাপি নাযাব : ঠিকনা সোধাৰ চলেৰে যুৱকক অপহৰণ কৰি ৪ যুৱতীৰ দলবদ্ধ ধৰ্ষণ

ডিজিটেল ডেস্ক : দেশত বৃদ্ধি পাব ধৰিছে ধৰ্ষণৰ ঘটনা৷ কিন্তু শেহতীয়াকৈ সংঘটিত হোৱা এটা ধৰ্ষণ কাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কিয়নো দেশত এতিয়া যুৱতীৰ পৰা সুৰক্ষিত নহয় যুৱকো৷ ঠিকনা সোধাৰ চলেৰে ৪ যুৱতীয়ে এজন যুৱকক অপহৰণ কৰাৰ পাছত দলবদ্ধ ধৰ্ষণকাণ্ড পোহৰলৈ আহিছে৷ এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ জলন্ধৰত৷

৪গৰাকী যুৱতীয়ে যুৱকজনক প্ৰথমতে অপহৰণ কৰে আৰু পাছত ধৰ্ষণ কৰি তেওঁক মুকলি কৰি দিয়ে। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ জলন্ধৰৰ লেদাৰ কমপ্লেক্স ৰোডত৷ জানিব পৰা মতে, এটা কাৰখানাত কৰ্মৰত যুৱকজন নিশা ঘৰলৈ গৈ থকা অৱস্থাত এখন বাহনত থকা ৪গৰাকী যুৱতীয়ে তেওঁক ঠিকনা সুধিবলৈ আৰম্ভ কৰে। যুৱকজনে ঠিকনাটো কোৱাৰ সময়তে   যুৱকজনক অচেতন কৰি অপহৰণ কৰে যুৱতীকেইগৰাকীয়ে। পৰৱৰ্তী সময়ত যুৱকজনক এক অজ্ঞাত স্থানলৈ নি নিচাযুক্ত দ্ৰৱ্য সেৱন কৰাই ৪ যুৱতীয়ে দলবদ্ধ ধৰ্ষণ কৰে৷ ধৰ্ষণৰ পাছত যুৱকজনক পুনৰ কাৰখানাটোৰ সমীপত নমাই থৈ যায় যুৱতীকেইগৰাকীয়ে ৷

যুৱকজনে জনোৱা অনুসৰি, ৪ গৰাকী যুৱতীৰ বয়স ২২ ৰ পৰা ২৩ বছৰৰ ভিতৰত আছিল। এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীৰ ওচৰত কোনো অভিযোগ দাখিল কৰা হোৱা নাই। এই ঘটনাৰ পিছতে এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কিয়নো দেশত এতিয়া পুৰুষো সুৰক্ষিত নহয়৷