Logo
image

মেঘালয়ৰ ‘দুৰ্বৃত্ত’ৰ আক্ৰমণ, যুযুধান দুই ৰাজ্য, অসমৰ বনৰক্ষীসহ নিহত ৬

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ: অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা বিবাদ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰচেষ্টা চলাই থকাৰ সময়তে, দুই মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি দাবী কৰি থকাৰ সময়তে মঙলবাৰে অসম-মেঘালয়ৰ কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী মুক্ৰত সংঘটিত হয় এক ভয়াৱহ ঘটনা৷ কাৰ্বি আংলং জিলাৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা চলাই আহিছে অবাধ লুণ্ঠন৷ অক্টোবৰ মাহতো অবৈধ কাঠ ব্যৱসায়ীৰ লগত বনকৰ্মী আৰু আৰক্ষীৰ সংঘাত হৈছিল মুক্ৰত৷ সোমবাৰে নিশা চোৰাং কাঠ ব্যৱসায়ীয়ে মূল্যৱান গছ কাটি এখন ট্ৰাকত লৈ মেঘালয়লৈ গৈ থকা অৱস্থাত বনৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দলে জব্দ কৰে আৰু ৩ জন লোকক আটক কৰে৷ ইয়াৰ পাছতে শতাধিক লোক আহি অসমৰ দলটোক ঘেৰাও কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ মেঘালয়ৰ বাসিন্দাসকলে পশ্চিম কাৰ্বি আংলং জিলাৰ বন আৰু গৃহৰক্ষীৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত দলটোৱে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ অস্ত্ৰসহ অহা দলটোৱেও গুলীচালনা কৰাৰ ফলত অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে নিহত হয়৷ মেঘালয়ৰ আগ্ৰাসী দুৰ্বৃত্তৰ দলটোক অসম আৰক্ষী আৰু বনৰক্ষীয়েও গুলীৰে প্ৰত্যুত্তৰ দিয়ে৷ ফলত মেঘালয়ৰ থালচাদাপ (৪৫), নিকবি (৬৫) আৰু চিকতালাম (৫৫) নামৰ তিনিজন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়৷ গুৰুতৰভাৱে আহত তাল নাৰথিয়ামৰ বৰত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আৰু চিৰোপ তুমেৰ জোৱাই অসামৰিক চিকিৎসালয়ত মৃত্যু হয়৷ এই ঘটনাক কেন্দ্ৰ কৰি অসম-মেঘালয় সীমান্তত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ সময় বাগৰাৰ লগে লগে সীমান্তৰ উত্তেজনা মেঘালয়ৰ সৰ্বত্ৰ প্ৰসাৰিত হৈছে৷ অসমৰো বিভিন্ন ঠাইত উত্তেজনাৰ সৃষ্টি হৈছে৷ ইতিমধ্যে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ আশংকাত মেঘালয় চৰকাৰে মেঘালয়ৰ কেইবাখনো জিলাত ইণ্টাৰনেট আৰু মোবাইল সেৱা কৰ্তন কৰিছে৷ মেঘালয়ৰ দুৰ্বৃত্তৰ আক্ৰমণত অসমৰ গৃহৰক্ষী জোৱানৰ মৃত্যুৰ ঘটনা আৰু মেঘালয়ৰ যুযুধান ৰূপলৈ লক্ষ্য কৰি অসমৰ পৰা মেঘালয়লৈ সকলোধৰণৰ যান-বাহনৰ চলাচল বন্ধ কৰি দিছে অসম চৰকাৰে৷ ইপিনে, ভয়াৱহ সংঘৰ্ষৰ পাছত মেঘালয় আৰক্ষীয়ে অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ মৃতদেহো লৈ যায়৷ পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ ৰহমানে মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহটো ঘূৰাই দিব বুলি জনাইছে৷ ইফালে সীমান্তত উত্তেজনা ইমানেই বৃদ্ধি পাইছে যে অসমৰ বাসিন্দাসকলে গাঁও এৰি জিৰিকেন্দিং আৰু মকৌলুমত আশ্ৰয় লৈছে৷ মুক্ৰৰ বন বিভাগৰ শিৱিৰ মেঘালয়ৰ উত্তেজিত জনতাই জ্বলাই দিয়াৰ ফলত শিৱিৰটোৰ লগতে বলেৰ’ এখন আৰু কেইবাখনো বাইক ভস্মীভূত হৈছে৷ মধ্য মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱা আৰু আৰক্ষী অধীক্ষকে মকৌলুম সীমান্ত আৰক্ষী চকীত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি আছে৷ কাৰ্বি আংলং জিলাৰ সকলো নেতা এতিয়া লাচিত দিৱসৰ বাবে দিল্লীত থকাত সীমান্তত নাই কোনো নেতা৷ আনহাতে মেঘালয়ৰ গৃহমন্ত্ৰী, বিধায়ক, উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বৃহৎ দল এটাই মুক্ৰত বহি পৰিস্থিতি তদাৰক কৰিছে৷ উল্লেখ্য, ১২ নৱেম্বৰত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মেঘালয় সীমান্তৰ উমৰুখুটিত এটা বন বিভাগৰ অতিথিশালাৰ আধাৰশিলা স্থাপন কৰিছিল যদিও নিশালৈ মেঘালয়ৰ লোকে সকলো ভাঙি তচনচ কৰে৷ শ্বিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সংবাদমেল সম্বোধন কৰি মেঘালয়ৰ ভূমিত অসম আৰক্ষী আৰু বনৰক্ষী সোমাই অপ্ৰৰোচিতভাৱে গুলীচালনা কৰাৰ অভিযোগ কৰে৷ তেওঁ  ধৰ্মীয় নেতা, বুদ্ধিজীৱী সমাজৰ লগতো বিষয়টো লৈ আলোচনা কৰে৷ মেঘালয়ৰ সাতখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে মেঘালয় চৰকাৰে৷ চেৰিব্ৰুম উৎসৱকে ধৰি সকলো উৎসৱৰ কাৰ্যসূচী বাতিল কৰা বুলি মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত ব্যক্ত কৰিছে৷ এই ঘটনাত নিহত মেঘালয়ৰ পাঁচজন লোকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে মেঘালয় চৰকাৰে৷ গোচৰ ৰুজু কৰি উপযুক্ত তদন্তৰ জৰিয়তে এই ঘটনাৰ দোষীসকলক শাস্তি প্ৰদান কৰা হ’ব বুলিও মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমাই সংবাদমেলত উল্লেখ কৰে৷ ইফালে, মেঘালয়ৰ দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসমৰ গৃহৰক্ষী জোৱান অভিমন্যু দাসক জিৰিকেন্দিং চিকিৎসালয়ৰ পৰা ডিফু মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে৷ ইফালে, অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ মুকৰুত মঙলবাৰে সংঘটিত মেঘালয়ৰ দুবৃৰ্ত্ত আৰু অসমৰ বনৰক্ষীৰ দলৰ সংঘাতে এতিয়া দুয়োখন ৰাজ্যতে ভাতৃঘাতী ৰূপ লোৱাৰ আশংকা প্ৰবল হৈ পৰিছে৷ সীমান্তৰ এই উত্তেজনাই দুয়োখন ৰাজ্যতে ভাতৃঘাতী সংঘৰ্ষৰ আশংকাত উদ্বিগ্ন হৈ পৰিছে দিছপুৰ আৰু শ্বিলং৷ সীমান্তৰ ঘটনাই যাতে ভাতৃঘাতী সংঘৰ্ষৰ ৰূপ নলয় তাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বাৰ্তালাপত মিলিত হয়৷ সীমান্তৰ বিবদমান অঞ্চলত দুয়োখন ৰাজ্যৰ আৰক্ষী-বনৰক্ষীৰ পৰিৱৰ্তে নিৰপেক্ষ বাহিনী হিচাপে চি আৰ পি এফক নিয়োগ কৰিছে৷ কিন্তু পুৱা ভাগত হোৱা ঘটনাৰ পাছতেই অসম চৰকাৰে অসমৰ নাগৰিক তথা পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থত মেঘালয় সংযোগী সকলো পথ বন্ধ কৰি দিয়ে৷ গুৱাহাটীৰ যোৰাবাটৰ লগতে পিলিংকাটা আৰু বৰাক তথা পাহাৰীয়া কাৰ্বি আংলঙৰ মেঘালয় সংযোগী প্ৰৱেশ পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে৷ মেঘালয়মুখী সকলো ধৰণৰ যান-বাহনৰ লগতে সাধাৰণ লোকৰো প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰে৷ বৰাকৰ পৰা মেঘালয়ৰ লোকসকলক যাবলৈ অনুমতি দিয়া হয় যদিও যোৰাবাটত মেঘালয়ৰ লোকসকলকো যাবলৈ অনুমতি দিয়া নাই আৰক্ষী- প্ৰশাসনে৷ প্ৰশাসনৰ সুৰক্ষামূলক নিষেধাজ্ঞাৰ পাছতেই মেঘালয়ৰ প্ৰতিটো প্ৰৱেশ পথতে হাজাৰ হাজাৰ যান-বাহনৰ লানি লাগে৷ আনকি মেঘালয়মুখী যাত্ৰীসকল আৱদ্ধ হৈ পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ কাৰ্বি আংলঙৰ ঘটনাৰ আলম লৈ অসমৰ পৰা যোৱা লোকৰ ওপৰত মেঘালয়ৰ দুবৃৰ্ত্তই যাতে আক্ৰমণৰ লক্ষ্য কৰি নলয়, তাক নিশ্চিত কৰাৰ বাবেই অসম চৰকাৰে এই সুৰক্ষা মূলক ব্যৱস্থা গ্ৰহণ কৰে৷ আনহাতে মেঘালয়ত থকা অসমৰ লোকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণৰ আশংকা কৰি মেঘালয় চৰকাৰেও তাৎক্ষণিকভাৱে সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰে৷ সীমান্তৰ ঘটনাক লৈ যাতে ছ’চিয়েল মিডিয়া ফেচবুক, হোৱাটছএপ আদিত উৰা বাতৰি বিয়পি ভাতৃঘাতী সংঘৰ্ষৰ ৰূপ নলয়, তাক নিশ্চিত কৰাৰ বাবে মেঘালয় চৰকাৰৰ গৃহ বিভাগে জ্জ খন জিলাত মোবাইল ইণ্টাৰনেট-ডাটা সেৱা কৰ্তন কৰি দিছে৷ মঙলবাৰে পুৱা ১০.৩০ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে ৱেষ্ট জয়ন্তীয়া হিলছ, ইষ্ট জয়ন্তীয়া হিলছ, ইষ্ট খাচি হিলছ, ৰি-ভয়, ইষ্টাৰ্ণ ৱেষ্ট খাচি হিলছ, ৱেষ্ট খাচি হিলছ আৰু চাউথ ৱেষ্ট খাচি হিলছ জিলাত মোবাইল সেৱা তথা ইণ্টাৰনেট কৰ্তন কৰে৷ তদুপৰি মেঘালয়ৰ দুবৃৰ্ত্তই যাতে অসম তথা বহিঃৰাজ্যৰ পৰ্যটকক আক্ৰমণ নকৰে তাৰ সুৰক্ষাৰ বাবে মেঘালয়ত চলি থকা সকলো ফেষ্টিভেল বন্ধ কৰি দিয়ে৷ বিশেষকৈ পৰ্যটকৰ অন্যতম আকৰ্ষণ শ্বিলঙৰ Cherry Blossom Festival বন্ধ কৰি দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷ মেঘালয়ৰ চৰকাৰৰ এনে সুৰক্ষামূলক পদক্ষেপৰ মাজতে শ্বিলঙত মঙলবাৰে সন্ধিয়া অসম অভিমুখী এখন স্ক’ৰপিঅ’ বাহনত দুবৃৰ্ত্তই অগ্নিসংযোগ কৰাৰ খবৰ আহিছে৷

অসমৰ পৰা মেঘালয়লৈ যাতায়াত বন্ধ
মঙলবাৰৰ পুৱাৰ ভাগত অসম-মেঘালয়-কাছাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা গুলীবৰ্ষণৰ ঘটনাৰ পাছতেই পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে৷ এই ঘটনাৰ খবৰ পোৱাৰ পাছত কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাতো আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে আৰক্ষী বাহিনী লৈ দীগাৰখাল এলেকাত উপস্থিত হয়৷ আৰক্ষী অধীক্ষক নোমাল মাহাতোৱে কয়, ঘটনাৰ পাছত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ মেঘালয়ৰ যান-বাহনৰ বাহিৰে আন যান-বাহন যাবলৈ দিয়া হোৱা নাই৷ মেঘালয়ৰ যাত্ৰীসকলক যাবলৈ দিয়া হৈছে৷ লগতে সতৰ্কতাৰ বাবে গুৱাহাটীলৈ যোৱা যান-বাহন যাবলৈ দিয়া হোৱা নাই৷ দিন আৰু ৰাতি মেঘালয় হৈ যোৱা সকলো যান-বাহনৰ যাতায়াত বন্ধ ৰখা হৈছে৷ তেওঁ কয়, ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীৰ সৈতে যোগাযোগ কৰা হৈছে বুলিও তেওঁ কয়৷  উল্লেখ্য যে,  অসম-মেঘালয় সীমান্তত সংঘটিত এনে সংঘৰ্ষৰ ঘটনাই ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োপিনে ট্ৰাকসহ বিভিন্নধৰণৰ যান-বাহনৰ দীঘলীয়া লাইন দেখা গৈছে৷

দুই ৰাজ্যৰ চৰকাৰক দূষিলে উদ্বিগ্ন আছু-নেছ’ৱে
পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা হিংসাত্মক পৰিৱেশত সদৌ অসম ছাত্ৰ সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ হিংসাত্মক ঘটনাত অসমৰ বনৰক্ষীক হত্যা কৰা ঘটনাক ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা দিছে আৰু পুলিচৰ গুলীচালনাত মৃত্যু হোৱা ঘটনাকো সন্থাই গৰিহণা দিয়ে আৰু অঞ্চলটোত জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা নিশ্চিত কৰাৰ লগতে শান্তিপূৰ্ণ পৰিৱেশ ৰচনাৰ বাবে সকলো ফলপ্ৰসু পদক্ষেপ ল’বলৈ অসম চৰকাৰক ছাত্ৰ সন্থাই দাবী জনাইছে৷ ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই গভীৰ উদ্বেগ প্ৰকাশ কৰি কয়–এই ঘটনাক অসম আৰু মেঘালয়ৰ খিলঞ্জীয়া মানুহৰ মাজৰ সংঘাট বুলি সৰলিকৰণ কৰাটো উচিত নহ’ব৷ সীমা সমস্যাৰ স্থায়ী সমাধানৰ দায়িত্ব অসম আৰু মেঘালয় চৰকাৰৰ৷ সীমাৰ দুয়োপাৰে বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব উভয় চৰকাৰে ল’বই লাগিব৷ ছাত্ৰ সন্থাই সীমান্ত হিংসাবৰ্জিত শান্তিপূৰ্ণ পৰিৱেশৰ পোষকতা কৰিছে৷ সীমান্তত দুয়োপাৰে বসবাস কৰা জনসাধাৰণৰ মাজত সু-সম্পৰ্ক ৰক্ষাৰ বিষয়ে সন্থাই আত্মনিয়োগ কৰি যাব৷ ছাত্ৰ সন্থাই উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সংগঠন (নেছ’) আৰু খাছি ছাত্ৰ সন্থাৰ সৈতে যোগাযোগ অব্যাহত ৰাখি আছে৷ আনহাতে উত্তৰ-পূব ছাত্ৰ সংগঠনেও (নেছ’) অসম-মেঘালয় সীমান্তত সংঘটিত ঘটনাক তীব্ৰ গৰিহণা দিছে৷ সকলো খিলঞ্জীয়া লোককে আজিৰ এই ঘটনাটোক সীমা সমস্যা হিচাপে গণ্য কৰিবলৈ অনুৰোধ জনালো৷ ই জাতিগত সমস্যা নহয়৷ সংশ্লিষ্ট ৰাজ্য চৰকাৰ এই সমস্যা সমাধানৰ বাবে দায়ৱদ্ধ৷’ এই আহ্বান নেছ’ নেতৃত্বৰ৷ এই আকস্মিক ঘটনাত প্ৰাণ হেৰুৱা প্ৰতিজন লোকৰ পৰিয়াললৈ নেছ’ৱে সমবেদনা জনায়৷ দুয়োখন ৰাজ্যৰ মাজৰ সীমা প্ৰকৃত আৰু সৰ্বসন্মত নিৰ্ধাৰণেহে সীমান্তৱৰ্তী অঞ্চললৈ শান্তিৰ পৰিৱেশ উভতাই আনিব বুলিও নেছই মত প্ৰকাশ কৰে৷