Logo
image

কথমপি প্ৰাণৰক্ষা মুখ্য ন্যায়াধীশ বব্‌ডেৰ

আমাৰ অসম, ২৫ ডিচেম্বৰঃ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল ভাৰতৰ মুখ্য ন্যায়াধীশ এছ এ বব্‌ডে৷ বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ পৰা কলকাতা হৈ হায়দৰাবাদলৈ উভতি যোৱাৰ পথত মুখ্য ন্যায়াধীশ গৰাকী যোৱা বিমানখন আকাশমাৰ্গত যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়৷ এনে অৱস্থাত পাইলটে লগে লগে দমদম বিমান বন্দৰত বিমানখনৰ জৰুৰী অৱতৰণ কৰায়৷ সেই সময়ত বিমানখনত ১৪৬জন যাত্ৰী আছিল৷ উল্লেখ্য যে, উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকী শেহতীয়াকৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণলৈ গৈছিল৷ এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ গুৱাহাটীৰ কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ লগতে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে৷ ইয়াৰ পাছত মঙলবাৰে তেওঁ গুৱাহাটীৰ পৰা ত্ৰিপুৰাত উপস্থিত হয়৷ ত্ৰিপুৰাৰ উচ্ছ ন্যায়ালয়ৰ ই-সেৱা কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ পাছত মুখ্য ন্যায়াধীশ গৰাকী কালি কলকাতা হৈ হায়দৰাবাদলৈ যাত্ৰা কৰিছিল৷ সেই অনুসৰি বিমানখন নিৰ্ধাৰিত সময় মতেই কলকাতাত উপস্থিত হয়৷ ইয়াৰ পিছত সন্ধিয়া ৭.১৪ বজাত বিমানখনে হায়দৰাবাদ অভিমুখে উৰা মাৰে৷ কিন্তু উৰণৰ দুই মিনিটমানৰ পাছতে বিমানখনত যান্ত্ৰিক বিজুতি ঘটে৷ বিমান বন্দৰৰ সূত্ৰই প্ৰকাশ কৰা মতে উৰণৰ পাছত পাইলটে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল৷ ফলত দমদম বিমান বন্দৰত জৰুৰী অৱতৰণ কৰিবলগীয়া হয়৷ পৰৱৰ্তী সময়ত নিশা মুখ্য ন্যায়াধীশ গৰাকীৰ লগতে বিমানখনত থকা যাত্ৰীসকসলক এখন হোটেলত ৰখাৰ ব্যৱস্থা কৰা হয়৷ আজি পুৱাহে মুখ্য ন্যায়াধীশ ব’বডেসহ বাকীসকল যাত্ৰীক আন এখন বিমানেৰে হায়দৰাবাদত পৌছাই দিয়া হয়৷