Logo
image

শ্বিলঙত অসমৰ গাড়ীত জুই, মেঘালয়ৰ নিহতৰ পৰিয়াললৈ দিছপুৰৰ ৫ লাখকৈ

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ: অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দিং আৰক্ষী থানাৰ অন্তৰ্গত মুকৰুত অসমৰ বনাঞ্চলৰ কাঠ কাটি চোৰাংকৈ সৰবৰাহৰ অপচেষ্টাক কেন্দ্ৰ কৰি মেঘালয়ৰ দুৰ্বৃত্ত তথা স্থানীয় লোক আৰু অসমৰ বনৰক্ষী তথা গৃহৰক্ষী জোৱানৰ সৈতে হোৱা সংঘাতত ৬জন লোকৰ মৃত্যুৰ ঘটনাই দুয়োখন ৰাজ্যতে উত্তেজনাই চৰম সীমা অতিক্ৰম কৰিছে৷ মঙলবাৰে পুৱা কাৰ্বি আংলং সীমান্তত সংঘটিত সংঘৰ্ষৰ পাছতেই মেঘালয় আৰু অসমে সুৰক্ষামূলক ব্যৱস্থা ল’লেও নিশালৈ শ্বিলঙৰ জুলুপাৰা অঞ্চলত অসম অভিমুখী এখন বাহনত মেঘালয়ৰ দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ মঙলবাৰে নিশা প্ৰায় ৮ বজাত শ্বিলঙৰ ৰাজপথত পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অসমৰ পঞ্জীয়নভূক্ত এ এছ ০১ ডি কে ৫৯৫৮ নম্বৰৰ স্ক’ৰপিঅ’ বাহনখনত মেঘালয়ৰ এদল উন্মত্ত লোকে পেট্ৰ’ল ঢালি অগ্নি সংযোগ কৰা বুলি জানিব পৰা গৈছে৷ দুৰ্বৃত্তই জ্বলাই দিয়া বাহনখনত অসমৰ কেইবাজনো যাত্ৰী থকাৰ তথ্য মেঘালয়ৰ আৰক্ষীৰ সূত্ৰই নিশ্চিত কৰিছে যদিও এই ঘটনাত হতাহতৰ কোনো তথ্য এই পৰ্যন্ত লাভ কৰা হোৱা নাই৷ অসমৰ বাহনত অগ্নি সংযোগৰ খবৰ বিয়পি পৰাৰ পাছতেই সমগ্ৰ শ্বিলঙতে এতিয়া উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ উল্লেখ্য, পশ্চিম কাৰ্বি আংলং জিলাত অসমৰ বনাঞ্চলত চোৰাংভাৱে গছ কাটি মেঘালয়ৰ দুৰ্বৃত্তই ট্ৰাকত মেঘালয়লৈ লৈ যোৱাৰ সন্দৰ্ভত লাভ কৰা খবৰৰ ভিত্তিতে মঙলাবাৰে পুৱা অসমৰ বন আৰু গৃহৰক্ষীৰ এটা দলে ট্ৰাকসহ ৩জন মেঘালয়ৰ কাঠ বেপাৰীক কৰায়ত্ত কৰে৷ এই ঘটনাৰ পাছতেই মেঘালয়ৰ শ শ লোকে হাতে হাতে যাঠি-জোং লৈ অসমৰ বনৰক্ষীৰ দলটোক আবদ্ধ কৰি আক্ৰমণ কৰাত প্ৰত্যুত্তৰত বনৰক্ষীৰ দলটোৱে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ এই সংঘৰ্ষত অসমৰ এজন গৃহৰক্ষী জোৱানৰ লগতে মেঘালয়ৰ পাঁচজন লোকৰ মৃত্যু হয়৷ ঘটনাৰ পাছতেই সীমান্তত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অনুসৰি উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা এই তদন্ত কৰা হ’ব৷ এজনীয়া ন্যায়িক তদন্ত আয়োগে তিনি মাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলিও দিছপুৰে সদৰী কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে সীমান্তৰ ঘটনাৰ পাছতেই গৃহ বিভাগে তাৎক্ষণিকভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ আলীক বদলি কৰাৰ বিপৰীতে জিৰিকিন্দিং থানাৰ অ’ চি কাজল নাথক নিলম্বন কৰে৷ ইয়াৰ উপৰি খেৰণি ফৰেষ্ট ৰেঞ্জৰ বন সুৰক্ষা বিষয়া চিকাৰী ইংহিকো তাৎক্ষণিকভাৱে নিলম্বন কৰে৷ তদুপৰি উক্ত ঘটনাটোত জড়িত আৰক্ষী আৰু বনৰক্ষীৰ প্ৰতিজন বিষয়া-জোৱানক ৰিজাৰ্ভ ক্ল’জ কৰা বুলিও গৃহ বিভাগে সদৰী কৰিছে৷ আনকি এই ঘটনাৰ কেন্দ্ৰীয় নিৰপেক্ষ সংস্থাৰ দ্বাৰা তদন্ত কৰিব বুলিও অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইফালে মেঘালয়ৰ দুৰ্বৃত্তই অসমৰ বনৰক্ষী দলটোক আক্ৰমণ কৰাত প্ৰাণৰক্ষাৰ বাবে বনৰক্ষীৰ দলটোৱে প্ৰত্যাক্ৰমণ কৰাত মেঘালয়ৰ প্তজন লোকৰ লগতে অসমৰো এজন গৃহৰক্ষী জোৱানৰ মৃত্যু হয়৷ দিছপুৰে সংঘৰ্ষত নিহত অসমৰ গৃহৰক্ষী জোৱানজনৰ পৰিয়ালক পাচ লাখ টকা এককালীন সাহায্যৰ কথা ঘোষণা কৰিছে৷ কিন্তু আ(ৰ্যজনকভাৱে অসম চৰকাৰে ওলোটাই আক্ৰমণকাৰী নিহত মেঘালয়ৰ ৫জন ব্যক্তিৰ পৰিয়ালকো ৫ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে, মেঘালয়ৰ উন্মত্ত লোকে চোৰাং কাঠ বেপাৰীক সুৰক্ষা দি মোকলাই অনাৰ বাবে অসমৰ বনৰক্ষীৰ দলটোক আবদ্ধ কৰি আক্ৰমণ কৰিছিল৷ আনকি মেঘালয়ৰ লোকে অসমৰ বনৰক্ষীৰ পৰা বন্দুক আৰু গুলী পৰ্যন্ত কাঢ়ি লৈ গৈছিল৷ অৱশ্যে ইয়াৰ মাজতে উত্তেজিত লোকসকলক নেতৃত্ব দিয়া তথা কাঠ মাফিয়া তিনিজনক আটক কৰিবলৈ সক্ষম হৈছিল বনৰক্ষীৰ দলটোৱে৷ কিন্তু মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বন বিভাগে কোনো গোচৰ ৰুজু নকৰাকৈ মেঘালয়ৰ আটকাধীন দুৰ্বৃত্তকেইটাক  মুকলি কৰি দিয়া বুলিহে জানিব পৰা গৈছে৷ ইফালে সংঘৰ্ষত মৃত্যু হোৱা অসমৰ গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ মৃতদেহ মেঘালয় আৰক্ষীয়ে লৈ যায় যদিও বৰ্তমানলৈ মেঘালয় চৰকাৰে গৃহৰক্ষী জোৱনজনৰ মৃতদেহ অসমক ঘূৰাই দিয়া নাই৷ তদুপৰি অসমৰ বনৰক্ষী আৰু গৃহৰক্ষীৰ দলটোৰ পৰা মেঘালয়ৰ উত্তেজিত লোকে কাঢ়ি নিয়া বন্দুক আৰু গুলীও ওভতাই দিয়া নাই বুলিও জানিব পৰা গৈছে৷