Logo
image

বিক্ৰী হৈছে সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ পদ! তদন্ত ঘোষণা

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ: বহুদিনৰ আগৰে পৰা ঘূণে ধৰা অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠন অসম সাহিত্য সভা এতিয়া লাহে লাহে গেলিবলৈ লৈছে৷ অসমৰ জাতীয় সমস্যাসমূহৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভাই গ্ৰহণ কৰিবলগীয়া ভূমিকাক কেন্দ্ৰ কৰি অসমৰ ৰাইজৰ মাজত ক্ষোভ আৰু অসন্তুষ্টি বিয়পি পৰাৰ সময়তে এইবাৰ অসম সাহিত্য সভাৰ গুৰুত্বপূৰ্ণ পদ ধনৰ বিনিময়ত বিক্ৰী কৰিবৰ বাবে শক্তিশালী অসাধু চক্ৰই চেষ্টা চলাই থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে এই অভিযোগক বিশেষ গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতিয়ে৷ আৰু সেইবাবেই এই সমস্ত অভিযোগৰ খৰতকীয়া তদন্ত ঘোষণা কৰিছে নিৰ্বাচন সমিতিয়ে৷ কেৱল তদন্ত ঘোষণা কৰিয়েই ৰৈ থকা নাই নিৰ্বাচন সমিতি৷ বিভিন্ন প্ৰক্ৰিয়াৰে অভিযোগৰ তদন্তও আৰম্ভ কৰিছে সাহিত্য সভাৰ নিৰ্বাচন সমিতিয়ে৷ এই কথা সদৰী কৰি অসম সাহিত্য সভাৰ কেইবাটাও সূত্ৰই জনাইছে যে অসম সাহিত্য সভাৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে অনুষ্ঠিত হৈ থকা সাংগঠনিক নিৰ্বাচনত ব্যাপক ৰিগিং হোৱা বুলি অভিযোগ উঠাৰ পাছত নিৰ্বাচনী সমিতিয়ে গোপনে তদন্ত আৰম্ভ কৰিছে৷ অভিযোগ মতে, এইবাৰৰ নিৰ্বাচনত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ কেইজনমান বিষয়ববীয়াই শাখা সভাৰ সভাপতি-সম্পাদকৰ ঘৰে ঘৰে গৈ বেলট সংগ্ৰহ কৰি ডাকঘৰত জমা দিয়াৰ প্ৰতিশ্ৰুতি দিছে– যিটো সম্পূৰ্ণ নীতিবহিৰ্ভূত৷ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক গোবিন্দ কলিতাৰ বিৰুদ্ধে সভাপতি পদৰ এজন প্ৰাৰ্থীয়ে অভিযোগ দিয়াৰ পাছতেই সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ ওপৰত চোকা নজৰ ৰাখিছে নিৰ্বাচন সমিতিৰ সভাপতি ড॰ কুলধৰ শইকীয়া আৰু মুখ্য নিৰ্বাচন বিষয়া হৰেন্দ্ৰ নাথ বৰাই৷ ইফালে এইবাৰৰ নিৰ্বাচনত বৈতৰণী পাৰ হ’বৰ বাবে ধনৰ লেনদেনৰ গুৰুতৰ অভিযোগ উত্থাপনৰ পাছত নিৰ্বাচনী সমিতি অধিক তৎপৰ হৈ পৰিছে৷ অভিযোগ মতে, বছৰ বছৰ ধৰি সাহিত্য সভাত খুঁটি পুটি বহি লোৱা কেইজনমান অসাধু বিষয়ববীয়াই প্ৰত্যেকবাৰেই সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পাতি দিয়াৰ গইনা লৈ ব্যাপক হাৰত ধন সংগ্ৰহ কৰে৷ জিলা সভাতো সভাপতি, উপ-সভাপতি আৰু সম্পাদক পাতি দিয়াৰ বাবদ একাংশই ধন সংগ্ৰহ কৰে৷ নলবাৰী, যোৰহাট, গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড়, কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, মাজুলী, চৰাইদেউ, হোজাই, দৰং, ওদালগুৰি, ধুবুৰী, কামৰূপ (ম) আদি জিলাৰ অসম সাহিত্য সভাৰ কেইবাজনো বিষয়ববীয়াৰ বিৰুদ্ধে এই অভিযোগকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ এই অভিযোগসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি পৰৱৰ্তী সময়ত সভাৰ সংবিধানৰ আধাৰত কাৰ্যনিৰ্বাহকৰ সন্মতি সাপেক্ষে কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি নিৰ্বাচনী সমিতিয়ে স্পষ্ট কৰি দিয়াৰ পাছত এতিয়া অনুসন্ধান সমিতিয়ে জিলাই জিলাই তৃণমুল সদস্যসকলৰ পৰা গোপনে অভিযোগ সংগ্ৰহ কৰিছে৷ এতিয়া বহু শাখাই তেওঁলোকক অবৈধভাৱে বেলট প্ৰদান কৰা আৰু অবৈধভাৱে সংগ্ৰহ কৰা জিলা সভা আৰু কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ নামসহ অভিযোগ দাখিল কৰিছে৷ যিকেইজন বিষয়ববীয়াই এনেদৰে অনৈতিকভাৱে বেলট সংগ্ৰহ কৰি উপস্থিতিৰ ভুৱা চহী আৰু ভুৱা প্ৰস্তাৱ প্ৰেৰণ কৰিছে, সেইসকলৰ সমস্ত দুষ্কাৰ্য পুংখানুপুংখভাৱে অনুসন্ধান কৰাৰ পাছত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্বাচনী সমিতিৰ এটা সূত্ৰই জানিবলৈ দিছে৷