Logo
image

এই লাচিত দিৱস অসমীয়াৰ নহয়, বিজেপিৰ!

ডিজিটেল ডেস্ক, ২৩ নৱেম্বৰ: ‘চাৰিশ বছৰীয়া জন্ম জয়ন্তী হিচাপে লাচিতৰ বিষয়ে গুণগান কৰা হৈছে৷ তেওঁৰ কৃতিসমূহক লৈ আনন্দত মতলীয়া হোৱা দেখা গৈছে৷ এইটো কিন্তু অসমীয়া মানুহে নিজে পতা বুলি ক’ব নোৱাৰি৷ কোনোবাই কোনোবাই হয়তো কৰিছে, কিন্তু ঘাইকৈ বিজেপি, কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত কামটো কৰা হৈছে৷’–এই মন্তব্য ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱি ড॰ হীৰেন গোহাঁইৰ৷ মঙলবাৰে গুৱাহাটীৰ চান্দমাৰিৰ নিজ বাসগৃহত এক সংবাদমেলৰ আয়োজন কৰি ড॰ গোহাঁইয়ে কয়–‘বিষয়টো দেখাত অতি সাধাৰণ আৰু নিৰিহ কথা যেন লাগিলেও ইয়াৰ লগত আন বহুতো বিষয় জড়িত হৈ আছে৷ অসমীয়া জাতি, অসমখন খণ্ডবিখণ্ড কৰাৰ বিৰাট এটা ষড়যন্ত্ৰ ইয়াৰ অন্তৰালত আছে বুলি মোৰ ধাৰণা৷ কিন্তু কেনেকৈ–এটা জাতিৰ পৰিচয় কি, তাৰ ভেটিটো কি৷ অৰ্থনীতি, সংস্কৃতি সকলোৰ মাজেদি জাতি এটাৰ জীয়াই থকাৰ ইচ্ছা প্ৰকাশ পায়৷ সেই জাতিৰ সকলো অঞ্চলৰ সকলো মানুহে অন্তৰৰ পৰা এইটো বিচাৰিব লাগিব৷ যদি আনৰ নিৰ্দেশত নাচবাগ, বক্তৃতা, নাট আদি চলে, তেতিয়া হ’লে প্ৰমাণ নহয় যে এইটো আমাৰ জাতিয়ে বিচাৰিছে৷ লাচিত বৰফুকনে মাতৃভূমিৰ ৰক্ষাৰ কাৰণে, দেশৰ জনসাধাৰণক বচাবৰ কাৰণে এজন স্বৰ্গদেউৰ আদেশত যুদ্ধ কৰিছিল৷ তেওঁৰ এই যুদ্ধখনক মোগল বা মুছলমানৰ বিৰুদ্ধে আছিল বুলি ক’ব নোৱাৰি৷ আমি জানো যে তেওঁৰ বহু পালি সেনাপতিৰ মাজত খৰংগীৰ নদাই বুলি এজন অজাতি আছিল৷ দেৱেন্দ্ৰ নাথ আচাৰ্যই উপন্যাসত নদাইৰ বিষয়ে লিখিছিল৷ মুছলমানৰ বাঘ হাজৰিকা, ইছমাইল চিদ্দিকি আৰু কোনোবা থকা বুলিও বুৰঞ্জীৰ পৰা জনা যায়৷ গতিকে এইটো ঠিক যে মোগল বিৰোধী বা মুছলমান বিৰোধী বুলি ক’লে সত্যৰ অপলাপ কৰা হ’ব৷ মই ভাবো অসমীয়া জাতিৰ ডাঙৰ বিপদ আহিছে৷ জাতিটো খতম কৰাৰ চেষ্টা কোনোবাই কোনোবাই কৰবাত কৰিছে৷ কিন্তু কোনে কৰিছে, কিয় কৰিছে আমি ধৰিব পৰা নাই৷ তেওঁলোকে এনে এটা কৌশল কৰিছে–নিজৰ পৰিচয় লুকুৱাই আনৰ গাত সন্দেহৰ বোজা জাপি দিছে৷ গতিকে আচল কথা আমি লক্ষ্য নকৰি আনে আনে গঢ়ি দিয়া শত্ৰুৰ বিৰুদ্ধে যুঁজি আছো৷ মোগল বুলি, মিঞা বুলি যিসকল মানুহক সদায় আক্ৰমণ, অত্যাচাৰ কৰি থকা হৈছে, তেওঁলোকেই আমাৰ প্ৰধান শত্ৰু বুলি চিনাক্ত কৰি দিয়া হৈছে৷ যদি ধৰি লও যে তেওঁলোকেই আমাৰ শত্ৰু, তথাপি তেওঁলোকৰ এনে কোনো ক্ষমতা নাই যে অসমীয়া জাতি শেষ কৰি দিব৷ অসমক খণ্ড বিখণ্ড, অসমীয়া জাতিক খণ্ডবিখণ্ড কৰিব বিচৰা হৈছে৷ শেহতীয়া নলবাৰী গ্ৰন্থমেলাৰ আলোচনা সভাত অসমীয়া ভাষা-সাহিত্য একাষৰীয়া কৰি কামৰূপী ভাষাৰ অনন্যতা আৰু শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰাৰ চেষ্টা কৰা হৈছে৷ জাতি গঠন আৰু জাতিৰ বিকাশত এখন দেশৰ নৰম প্ৰচলিত আঞ্চলিক ভাষাৰ খিচিৰিৰে কাম চলোৱাতকৈ এটা আঞ্চলিক ভাষাৰ আধাৰত গঢ়া এটা জাতীয় ভাষাহে অধিক কাৰ্যকৰী বুলি ধৰি লোৱা হয়৷ তাত যোগ্য-অযোগ্যতাক প্ৰশ্ন নুঠে৷ শিৱসাগৰীয়া উপভাষাৰ আধাৰত গঢ় দিয়া অসমীয়া ভাষাহে সমগ্ৰ অসমত প্ৰচলিত হৈছিল৷ নামনি অসমৰ নানা ক্ষুব্ধ প্ৰতিবাদ সত্বেও শেষত অম্বিকাগিৰী, কালিৰাম মেধি, প্ৰমুখ্যে কামৰূপৰ বৰেণ্য লেখক সকলৰ নেতৃত্বত সেই ভাষাটো শেষত ব্যাপকভাৱে গৃহীত হৈছিল৷ এতিয়া আৰু সেই ভাষাই অসমৰ সৰহভাগ মানুহৰ বাবে সমস্যা নহয়৷ আনহাতে অসমীয়া ভাষা এতিয়া আৰু শিৱসাগৰীয়া উপভাষাতে আৱদ্ধ হৈ থকা নাই৷ অসমৰ নানা অঞ্চলৰ মানুহে ব্যৱহাৰ কৰাৰ ফলত আৰু তেনেদৰে সময়ৰ লগে লগে বিকশিত হৈ থকাৰ ফলত তাৰ ৰেহৰূপ ভালেখিনি সলনি হৈছে৷ এই ৰূপ গ্ৰহণ কৰাত নামনিৰ বাণীকান্ত, প্ৰসান্নলাল চৌধুৰি, হৰিনাৰায়ণ দত্তবৰুৱা, ৰঘুনাথ চৌধাৰী, ত্ৰৈলোক্য নাথ গোস্বামী, উপেন্দ্ৰনাথ গোস্বামীকে ধৰি নানা কৃতবিদ্য কামৰূপী লোকৰ বৰঙণি আছে৷ আনহাতে, চৰকাৰে জনজাতীয় লোকসকলক ৫০ বিঘা মাটি দিম বুলি যি কথা কৈ আছে এসময়ত সেই মাটি মাৰোৱাৰী বহিৰাগত বনিয়াৰ হাতলৈ যাব৷ অসম আৰু অসমীয়াৰ মাটি পুঁজিপতিৰ হাতত গতাবলৈ চৰকাৰে বিভিন্ন প্ৰকাৰে ব্যৱস্থা কৰিছে৷ মাটিৰ পাট্টা প্ৰদানৰ ক্ষেত্ৰও চৰকাৰখনে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেইয়াও মুঠেই সন্তোষজনক নহয়৷ অসমৰ মানুহৰ মাজত এতিয়াও ঐক্য আছে তেওঁলোকে জাতিটোক বচাবলৈ আগ্ৰহী কিন্তু কেনেকৈ কি কৰিব তাৰ সঠিক পথ বিচাৰি পোৱা নাই৷ অসমৰ চাহক লৈ আমি গৌৰৱ কৰো কিন্তু অসমৰ অধিকাংশ চাহ বাগিচাৰ মালিক বিদেশী অসমীয়া ভাষা অপসাৰণ কৰাৰ চেষ্টা চলাইছে চৰকাৰে৷ প্ৰাথমিক শিক্ষাত ইংৰাজী হিন্দী সংযোজনৰ অন্তৰালত গভীৰ ৰহস্য আছে৷ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগ কৰিবলৈ সুৰংগ পথ নিৰ্মাণ কৰিব বিচাৰিছে ভাল কথা কিন্তু এই সুৰংগ পথৰ বাবে বহু অসমীয়াই নিজৰ মাটি হেৰুৱাব৷’

‘কা’ সম্পৰ্কে অসম বিধানসভাৰ অধ্যক্ষৰ মন্তব্য অসাংবিধানিক
বাংলাদেশ ভ্ৰমণৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কেতবোৰ মন্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ‘কা’বিৰোধী সমন্বয় সমিতি, অসমে৷ সংগঠনটোৰ সভাপতি ড॰ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেৱেন তামুলীয়ে মঙলবাৰে ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এইদৰে উল্লেখ কৰে– ‘আমি দেখি আচৰিত হৈছোঁ যে অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই বাংলাদেশ ভ্ৰমণকালত অতি অনুচিত আৰু নীতিবিগৰ্হিতভাৱে তাত থকা অসমীয়া লোকসকলক ‘কা’ আইনৰ সহায়ত অসমলৈ উঠি আহিবলৈ আহ্বান জনাইছে৷ তেওঁ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰপেক্ষ ভূমিকা লোৱা উচিত৷ ‘কা’ আইনখন সম্পৰ্কে তেওঁ নেতৃত্ব দিয়া সঁজাতী দলৰ মাজতে কিছুমান সদস্যৰ মত তেওঁৰ বিপৰীত৷ তেওঁৰ লগত বিদেশত বাক-বিতণ্ডাত অৱতীৰ্ণ হ’লে অতি অশোভনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি নীৰৱে আছে৷ মন কৰিবলগীয়া কথা এয়ে যে তাত এই অসমীয়াসকল কোনো ধৰ্মীয় নিৰ্যাতনৰ বলি হোৱা নাই৷ অধ্যক্ষ মহাশয়ে তেওঁলোকৰ লগত মুকলিকৈ কথা পাতিছে৷ তেওঁলোকৰ গাঁও এখনো আছে৷ আৰু ‘কা’ আইনেও ধৰ্মৰ বাবে নিপীড়িতকহে সুৰক্ষা দিয়াৰ কথা৷ অৰ্থাৎ আমি সন্দেহ কৰা দৰে বিজেপিৰ অনুগ্ৰহত যিকোনো মানুহেই এই আইনৰ নাম লৈ অসমলৈ আহি নাগৰিক হ’ব পাৰিব৷ কেৱল মুছলিমে নোৱাৰে! আমি অধ্যক্ষৰ এই কাৰ্যৰ তীব্ৰ নিন্দা কৰোঁ আৰু তেওঁৰ এই অবৈধ অসমীচীন ভূমিকা সম্পৰ্কে যথাবিহিত ব্যৱস্থা বিচাৰোঁ৷ লগতে আন্তঃৰাষ্ট্ৰীয় বিষয়ত, বিশেষকৈ বেলেগ ৰাষ্ট্ৰৰ নাগৰিকক নাগৰিকত্ব পৰিহাৰ কৰাৰ বাবে কৰা অনুৰোধৰ উচটনি দিয়া কাৰ্যৰ বাবে এখন ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষই দেশৰ ‘বিদেশ বিভাগৰ’ অনুমতি গ্ৰহণ কৰিছিল নে নাই সেই বিষয়ত চৰকাৰৰ পৰা স্পষ্টীকৰণ দাবী কৰিছোঁ৷’