Logo
image

ৰে'ল মন্ত্ৰীৰ দাবী : প্ৰতিমাহে প্ৰায় ১৬ লাখ চাকৰিৰ সৃষ্টি কৰিছে চৰকাৰে

ডিজিটেল ডেস্ক : দেশত ভয়াৱহভাৱে বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা৷ নিযুক্তিৰ বিজ্ঞাপন মুকলি হোৱাৰ লগে লগে লাখ লাখ নিবনুৱাই আবেদন কৰা দেখিবলৈ পোৱা যায়৷ দেশত নিবনুৱাৰ সংখ্যা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ সময়তে ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দাবী কৰিছে যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিমাহে প্ৰায় ১৬ লাখ চাকৰি সৃষ্টি কৰিছে৷ ৰোজগাৰ মেলাত ভাষণ প্ৰদান কৰি এই দাবী কৰে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰীগৰাকীয়ে৷

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বব্যাপী অৰ্থনৈতিক সংকটৰ সন্মুখীন হ'লেও ভাৰতত ইয়াৰ কোনো প্ৰভাৱ পৰা নাই। তেওঁ কয় যে কেন্দ্ৰৰ আঁচনিসমূহে সমাজৰ প্ৰতিটো শ্ৰেণীৰ হিত সাধন কৰিছে। যুৱসকলক 'নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট'ৰ মন্ত্ৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে কেৱল সেইসকল লোকেহে জীৱনত সফলতা লাভ কৰে যিয়ে সদায় দেশক প্ৰথম স্থান দিয়ে। যুৱপ্ৰজন্মই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি বৈষ্ণৱে কয় যে যদি তেওঁলোকে কেৱল এটা কথা মনত ৰাখে, এটা মন্ত্ৰ মন ৰাখে, তেন্তে তেওঁলোকৰ মনত কেতিয়াও কোনো সন্দেহ নাথাকিব। সেই মন্ত্ৰটো হৈছে 'নেশ্যন ফাৰ্ষ্ট, অলৱেজ ফাৰ্ষ্ট'। 

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ৰোজগাৰ মেলাৰ জৰিয়তে ৭১,০০০ তকৈও অধিক যুৱক-যুৱতীক নিযুক্তিপত্ৰ প্ৰদান কৰে৷  প্ৰধানমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ৭১,০৫৬ জন নিযুক্তিপ্ৰাপ্ত লোকক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইফালে কেন্দ্ৰীয় চৰকাৰে প্ৰতিমাহে প্ৰায় ১৬ লাখ চাকৰি সৃষ্টি কৰা বুলি ৰে'ল মন্ত্ৰীয়ে কৰা দাবী পিছতে যথেষ্ট চৰ্চা আৰম্ভ হৈছে৷ কিয়নো এতিয়ালৈকে কেন্দ্ৰীয় পৰ্যায়ত মুঠ দুখন ৰোজগাৰ মেলা আয়োজন কৰা হৈছে৷ প্ৰথম ৰোজগাৰ মেলাত ৭৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হৈছে আৰু দ্বিতীয়টো পৰ্যায়ত ৭১,০০০জন প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে৷ অৰ্থাৎ দুযোখন ৰোজগাৰ মেলাত সৰ্বাধিক ১ লাখ ৪৬ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়া হৈছে৷