Logo
image

আদাক দেখি...! নাজিৰাত নগাই চলালে বুলড’জাৰ

আমাৰ অসম, ২৪ নৱেম্বৰঃ আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা...৷ এইষাৰ কথা যেন প্ৰযোজ্য হৈছে অসম-নাগালেণ্ড সীমান্তত৷ অসম-মেঘালয় সীমান্তত উত্তপ্ত পৰিস্থিতি অব্যাহত থকাৰ সময়তে সুযোগ বুজি পুনৰ অসমৰ ভূমিত নগাই আৰম্ভ কৰিছে আগ্ৰাসী অভিযান৷ নাজিৰাৰ বিহুবৰৰ ঔগুৰিজানত আজি পুৱাই জে চি বি লগাই নগা আৰক্ষীয়ে ভাঙি তহিলং কৰিছে অসমীয়া লোকৰ কেইবাখনো দোকান ঘৰ৷ ঘটনাস্থলীৰ পৰা কিছু নিলগতেই বিহুবৰ  আৰক্ষী থানা থকাৰ পাছতো কিদৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ আৰক্ষীয়ে বুলড’জাৰ চলাই এই দোকানসমূহ ভাঙি পেলালে তাক লৈও সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ উল্লেখ্য যে, ১৯৬৩ চনত অসমৰ পৰা নাগালেণ্ড পৃথক ৰাজ্য গঠন হোৱাৰ পাছৰে পৰা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহৰ সোপাঢিলা নীতিৰ সুযোগ গ্ৰহণ কৰি নাগালেণ্ডৰ নগা লোক আৰু উগ্ৰপন্থী দুই সংগঠন এন এছ চি এনে বিভিন্ন সময়ত সীমান্তৰ অসমীয়া লোকক ধন দাবী, হত্যা, ঘৰ-দোৱাৰত অগ্নিসংযোগ, থলুৱা অসমীয়া লোকৰ চাহ বাগিচাৰ চাহ গছ কাটি, গেলেকী সংৰক্ষিত বনাঞ্চলৰ বহু মূল্যৱান বনজ সম্পদ ধবংস কৰি অহাৰ উপৰিও অসমৰ শ শ হেক্টৰ ভূমি বেদখল কৰি আগ্ৰাসন চলাই আহিছে৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যাটোৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত উচ্ছতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকাৰ সুদীৰ্ঘ প্ৰায় ৫০ বছৰেও কোনো সমাধানৰ সূত্ৰ দাঙি ধৰা নাই৷ যাৰ ফলত সীমান্তত নগাই সঘনাই সন্ত্ৰাস চলাই আগ্ৰাসন কৰি আহিছে৷ বিগত সময়ত অসমৰ গেলেকী সংৰক্ষিত বনাঞ্চলৰ বহু হেক্টৰ ভূমি দখল কৰি নগাই স্কুল গৃহ, নাগালেণ্ড চৰকাৰৰ বিভিন্ন বিভাগৰ কাৰ্যালয়, গীৰ্জা গৃহ আদি নিৰ্মাণ কৰি অসমৰ ভূ-খণ্ড সংকুচিত কৰি অহাৰ পাছতো কোনো এখন চৰকাৰে ইয়াৰ স্থায়ী সমাধানৰ বাবে সু-পৰিকল্পিত পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই৷ যাৰ সুযোগ গ্ৰহণ কৰি নগাই অসমৰ ভূ-খণ্ডত আগ্ৰাসন অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ অসমৰ নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষী থানাৰ পৰা প্ৰায় দুশ মিটাৰ অসমৰ ভিতৰলৈ অতিক্ৰম কৰি আহি কাহিলীপুৱাতেই নগা দূৰ্বৃত্তই জে চি বি লগাই ঔগুৰিজানত বছৰ বছৰ ধৰি দোকান দি পৰিয়াল পোহ-পাল দি অহা বিশ্বজিৎ ডেকা, বিনয় বাঢ়ৈ, সৰু পাটৰ, কন্যাক নায়ক, ঊষা যাদৱ গগৈ, লাৱণ্য গোহাঁই আদিকে ধৰি প্ৰায় দহটা পৰিয়ালৰ দোকানগৃহ ভাঙি চূৰমাৰ কৰে৷ এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক উত্তেজনাই বিৰাজ কৰিছে৷