Logo
image

৩৮ দিন চৰকাৰী বন্ধ, মাজত ৭টা দেওবাৰ

আমাৰ অসম, ২৪ নৱেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত বুধবাৰে প্ৰথমবাৰৰ বাবে নতুন দিল্লীৰ অসম হাউছত অনুষ্ঠিত ৰাজ্যিক কেবিনেটৰ বৈঠকে ২০২৩ বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনায়৷ কেবিনেটে বছৰটোত ৩৮টা চৰকাৰী বন্ধৰ দিন ধাৰ্য কৰে৷ ইয়াৰে ৭টা দিন দেওবাৰ, এটা দিন চতুৰ্থ শনিবাৰ হ’ব৷ তদুপৰি ২০২৩ চনত ত্ৰিশ দিন সীমিত বন্ধ থাকিব৷ প্ৰতিজন কৰ্মচাৰীয়ে   নিজৰ ইচ্ছা অনুসৰি দুটা দিন সীমিত বন্ধ লব পাৰিব৷ প্ৰতিখন জিলাই এদিনীয়াকৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিব পাৰিব৷ বছৰটোত অৰ্ধছুটি দুদিন থাকিব৷ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৰ্ভামে স্বাক্ষৰ কৰা ২০২৩ বৰ্ষৰ সম্পূৰ্ণ বন্ধৰ সূচী এনেধৰণৰ– ‘১৫, ১৬ [দেও, সোমবাৰ]- মাঘ বিহু, ২৩ জানুৱাৰী [সোমবাৰ]- নেতাজীৰ জন্মদিন, ২৪ জানুৱাৰী [মঙলবাৰ]- ব্ৰাথৌ চান, ২৬ জানুৱাৰী [বৃহস্পতিবাৰ]- গণৰাজ্য দিৱস, ৩১ জানুৱাৰী [মঙলবাৰ]- মে দাম মেফি, ৫ ফেব্ৰুৱাৰী [দেওবাৰ]- বীৰ চিলাৰায় দিৱস, ৭ মাৰ্চ [মঙলবাৰ]- দৌল যাত্ৰা, ৭ এপ্ৰিল [শুকুৰবাৰ]- গুড ফ্ৰাইডে, ১৪-১৫ এপ্ৰিল [শুকুৰ-শনিবাৰ]- ব’হাগ বিহু, ২০ এপ্ৰিল [বৃহস্পতিবাৰ]- দামোদৰ দেৱৰ তিথি, ২১ এপ্ৰিল [শুকুৰবাৰ]- সতী সাধনী দিৱস, ২২ এপ্ৰিল [শনিবাৰ]- ঈদ-উল-ফিটৰ, ৰ মে’ [সোমবাৰ]- মে’ দিৱস, ৫ মে’ [শুকুৰবাৰ]- বুদ্ধ পূৰ্ণিমা, ৫জুন [সোমবাৰ]- মাধৱদেৱৰ জন্মোৎসৱ, ২৯ জুন [বৃহস্পতিবাৰ]- ঈদ-উল জোহা, ১৫ আগষ্ট [মঙলবাৰ]- স্বাধীনতা দিৱস, ১৮ আগষ্ট [শুকুৰবাৰ]- শংকৰদেৱৰ তিথি, ২৭ আগষ্ট [দেওবাৰ]- কৰম পূজা, ৪ ছেপ্টেম্বৰ [সোমবাৰ]- মাধৱদেৱৰ তিৰোভাৱ তিথি, ৬ ছেপ্টেম্বৰ [বুধবাৰ]-জন্মোষ্টমী, ২৫ ছেপ্টেম্বৰ [সোমবাৰ]- শংকৰদেৱৰ জন্মোৎসৱ, ২ অক্টোবৰ [সোমবাৰ]- মহাত্মা গান্ধীৰ জন্মদিন, ১৮ অক্টোবৰ [বুধবাৰ]- কাতি বিহু, ২১, ২২, ২৩ আৰু ২৪ অক্টোবৰ [শনি, দেও, সোম, মঙলবাৰ]- দুৰ্গা পূজা-বিজয়া দশমী, ১২ নৱেম্বৰ [দেওবাৰ]-কালি পূজা, দেৱালী, ১৫ নৱেম্বৰ [বুধবাৰ]- ভাতৃ দ্বিতীয়া, ১৯ নৱেম্বৰ [দেওবাৰ]- ষঠ পূজা, ২৪ নৱেম্বৰ [শুকুৰবাৰ]- লাচিত দিৱস, ২৭ নৱেম্বৰ [সোমবাৰ]- গুৰু নানকৰ জন্মদিন, ২ ডিচেম্বৰ [শনিবাৰ]- অসম দিৱস, ২৫ ডিচেম্বৰ [সোমবাৰ]- বৰদিন৷ আনহাতে,  ৯ জুলাই [শনিবাৰ] মহৰম, ২৮ অক্টোবৰ [শনিবাৰ]- লক্ষ্মী পূজা হ’ব অৰ্ধছুটিৰ দিন৷