Logo
image

দিল্লীত লাচিত জয়ন্তী আৰম্ভ প্ৰদৰ্শনী মুকলি নিৰ্মলাৰ

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ: নতুন দিল্লীৰ বিজ্ঞান ভৱনত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বুধবাৰে উদ্বোধন কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ বীৰ লাচিত বুলি নহয়, অসমৰ ইতিহাসৰ পাতত আবদ্ধ বীৰ লোকসকলৰ জীৱনগাঁথা অসম চৰকাৰে যিদৰে দেশবাসীৰ সমুখত দাঙি ধৰিছে তাৰ বাবে সীতাৰমনে অসম চৰকাৰ শলাগ লয়৷ তেওঁ কয় যে ইতিহাসৰ এই সংৰক্ষণে পৰ্যটনখণ্ডক উদগনী জনাব পাৰে তথা দক্ষিণ-পূৱ এছিয়াৰ দুৱাৰ মুকলি কৰিব পাৰে অসমে৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতিও এক সৱল ৰূপ ল’ব পাৰে বুলি সীতাৰমনে মন্তব্য কৰে৷ নিজৰ ভাষণত বিত্তমন্ত্ৰীগৰাকীয়ে লাচিত বৰফুকনৰ দৰে এজন মহাবীৰক দেশৰ অন্য প্ৰান্তৰ জনসাধাৰণৰ আগত পৰিচিত কৰোৱাৰ উদ্দেশ্যে লোৱা এই উদ্যোগৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক ধন্যবাদো জ্ঞাপন কৰে৷ লাচিতক এজন প্ৰকৃত দেশপ্ৰেমিক আখ্যা দি তেওঁ কয় যে অসাধাৰণ শৌৰ্য, সাহস তথা ৰণকৌশলৰ পৰিচয় দাঙি ধৰা বীৰজনৰ বিষয়ে প্ৰতিগৰাকী ভাৰতীয়ই জনাৰ প্ৰয়োজন আছে৷ আহোম যুগৰ স্বৰ্ণিল ইতিহাসক দেশবাসীৰ আগত তুলি ধৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তত এই ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক আহ৩ন জনাই কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই দিশত অসম চৰকাৰক সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সাংস্কৃতিক মন্ত্ৰণালয়ক অনুৰোধ জনাব৷ আনহাতে সীতাৰমণে আজি বিজ্ঞান ভৱনৰ ভিতৰত অসমৰ ২০০০ বছৰীয়া ইতিহাসক দাঙি ধৰা প্ৰদৰ্শনীৰ দ্বাৰো আনুষ্ঠানিকভাৱে মুকলি কৰে৷ আহোম যুগত বুৰজ্ঞী লিখাৰ পৰম্পৰা তথা চৰাইদেউৰ অনুপম মৈদামসমূহৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰি তেওঁ এই সাংস্কৃতিক ঐতিহ্যসমূহ সংৰক্ষণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে৷ আনহাতে তিনিদিনীয়া জয়ন্তীৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা নিজৰ ভাষণত মুখ্যমন্ত্ৰী ড॰  হিমন্ত বিশ্ব শৰ্মায়ো সীতাৰমনৰ সৈতে মহাবীৰ লাচিতৰ উদ্দেশ্যে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তেওঁ কয় যে অসাধাৰণ সাহস, দেশপ্ৰেম আৰু ত্যাগৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা লাচিত বৰফুকন নিঃসন্দেহে দেশৰ ইতিহাসৰ অন্যতম গৌৰৱোজ্জ্বল অধ্যায়৷ ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধত লাচিতৰ অতুলনীয় নেতৃত্ব আৰু অসাধাৰণ পৰাক্ৰমে আহোম ৰাজত্বৰ ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ উপৰি খিলজ্ঞীয়া অসমীয়াৰ স্বকীয়তা আৰু সংস্কৃতিক সুৰক্ষিত কৰিছিল৷ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে এই যুদ্ধত আগ্ৰাসী মোগলৰ হাতত যদি আহোমসকলৰ পৰাজয় হ’লহেতেন, তেন্তে অকল অসমৰে নহয়, বৰং সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ সাংস্কৃতিক পৰিচয়ে অন্য ৰূপ ল’লেহেতেন৷ সেয়েহে প্ৰাচীন আৰু মধ্যযুগৰ আন মহান যোদ্ধা আৰু ৰজাসকলক যিদৰে গুৰুত্ব প্ৰদান কৰা হৈছে, একেদৰে লাচিত বৰফুকনকো ইতিহাসৰ পাতত উপযুক্ত স্থান দিয়া উচিত৷ তেওঁ কয় যে ইতিহাসৰ পাতত মহান দেশপ্ৰেমিকজনক উপযুক্ত স্থান দিয়াৰ বাবেই দিল্লীত ৰাজ্য চৰকাৰে লাচিত দিৱস উদ্‌যাপন কৰি আছে৷ মুখ্যমন্ত্ৰী কয় যে যি সময়ত ভাৰত উপমহাদেশৰ অন্যান্য প্ৰান্তত ইছলামিক আগ্ৰাসনকাৰীয়ে  খিলজ্ঞীয়া ভাৰতীয়ৰ সাংস্কৃতিক পৰিচয়ৰ ধবংসলীলা চলাই আছিল সেই সময়ত ৰাজনৈতিক সুস্থিৰতা আৰু একতাৰ বাবে আহোম শাসনৰ ভূমিকাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে কয় যে এনে গৌৰৱগাঁথা থকা সত্ত্বেও আহোম শাসন আৰু লাচিত বৰফুকনৰ দৰে সেনাপতিৰ বিষয়ে অগ্ৰণী ইতিহাসবিদসকলে এক প্ৰকাৰ আওকাণ কৰাটো বিষ্ময়জনক৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে যোৰহাট জিলাত লাচিত বৰফুকনৰ মৈদামত এখন স্মাৰক নিৰ্মাণৰ লগতে অলাবলৈ ৰণৰ স্মৃতিত এখন ৱাৰ মেম’ৰিয়েল নিৰ্মাণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ আনহাতে হায়দাৰাবাদত থকা চৰ্দাৰ বল্লভভাই পেটেল ৰাষ্ট্ৰীয় পুলিচ একাডেমী প্ৰাংগণত মহাবীৰজনৰ এটা স্মাৰক ভৱন স্থাপনৰ কথাও তেওঁ নিজৰ ভাষণত উল্লেখ কৰে৷ উল্লেখ্য যে কাইলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞান ভৱনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰিব৷ বুধবাৰৰ এই উদ্বোধনী অনুষ্ঠানৰ পাছত বিজ্ঞান ভৱনত ‘আহোমৰ সোণালী অধ্যায়–আশা, নৈপুণ্য আৰু বীৰত্বৰ গাথা’ বিষয়ক এখন আলোচনা-চক্ৰও অনুষ্ঠিত হয়৷ অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱাই আঁত ধৰা এই আলোচনা-চক্ৰত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা,  প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান প্ৰকাশ সিং, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সম-উপাচাৰ্য অধ্যাপক কপিল কাপুৰ, ৰাজ্যিক তথ্য আয়ুক্ত ড॰ সমুদ্ৰগুপ্ত কাশ্যপ, বিশিষ্ট শিক্ষাবিদ কুলদীপ পাটোৱাৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰজ্ঞী বিভাগৰ অধ্যাপক ড॰ চন্দন কুমাৰ শৰ্মাই নিজা নিজা বক্তব্য দাঙি ধৰে৷ আলোচনা-চক্ৰত আহোমসকলৰ প্ৰশাসনিক আৰু সামৰিকগাঁথনি তথা আৰ্থ-সামাজিক ব্যৱস্থাৰ কথা গুৰুত্ব লাভ কৰে৷ লক্ষণীয়ভাৱে বিজ্ঞান ভৱনৰ এই অনুষ্ঠানৰ পাছত দক্ষিণ দিল্লীৰ সুন্দৰ নাৰ্ছাৰীত বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীক সন্মুখত ৰাখি এখন সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছিল৷ কেন্দ্ৰীয় মন্ত্ৰী কীৰেণ ৰিজিজুয়ে উদ্বোধন কৰা দেশপ্ৰেমমূলক এই সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত পৰিৱেশন কৰা হয়৷ জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ মহন্তও অনুষ্ঠানত সংগীত পৰিৱেশন কৰে৷ লক্ষণীয়ভাৱে শিল্পীসকল জনপ্ৰিয় গীতৰ পৰিৱৰ্তে দেশপ্ৰেমমূলক গীতেই পৰিৱেশন কৰে৷ আনহাতে সাংস্কৃতিক অনুষ্ঠানত লাচিত বৰফুকনৰ জীৱন কাহিনীৰ অৱলম্বনত হিন্দীত এখন নাটকো প্ৰদৰ্শন কৰা হয়৷ নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী কীৰেণ ৰিজিজুয়ে কয় যে সামগ্ৰিকভাৱে উত্তৰ- পূৰ্বাঞ্চলৰ ভাষা-সংস্কৃতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ ভূমিকা আছিল অনস্বীকাৰ্য৷ লাচিতৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ দেশৰ ভিতৰত এতিয়াও এখন সুকীয়া পৰিচয় বহন কৰিব পাৰিছে বুলি তেওঁ মন্তব্য কৰে৷ অখণ্ডতাৰ আদৰ্শ কি হ’ব পাৰে সেয়া লাচিত বৰফুকনেই আমাক দেখুৱাই গৈছে৷ আনহাতে নিজৰ ভাষণত মুখ্যমন্ত্ৰীজনে বীৰ লাচিতক কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰত আনকি বিশ্বৰ মহাবীৰ বুলি আখ্যায়িত কৰি মোঘলৰ পৰা উত্তৰ-পূৰ্বাঞ্চলবাসীক ৰক্ষা কৰা বুলি মত ব্যক্ত কৰে৷ উল্লেখ্য যে বিজ্ঞান ভৱনৰ লগতে সুন্দৰ নাৰ্ছাৰীৰ সাংস্কৃতিক অনুষ্ঠানত ডেৰ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ বিজ্ঞান ভৱনত পুৱাৰ পৰাই বিৰাজ কৰে এক উখল- মাখল পৰিৱেশ৷
দিল্লীৰ অসমীয়া গাঁৱত নামঘৰ, চাংঘৰ...
দিল্লীত থিয় হৈ দিল্লীবাসীয়ে প্ৰত্যক্ষ কৰিলে এখন অসমীয়া গাঁও৷ এটা নামঘৰ, এটা চাংঘৰ, এটা আছাম পেটাৰ্ণৰ সাধাৰণ ঘৰ– য’ত শিপিনীয়ে বয়ন কৰি আছে৷ অলপ দূৰত নৃত্য কৰি আছে চাহ জনগোষ্ঠীয় আদিবাসী মহিলাসকলে৷ ঘৰুৱা কামতো ব্যস্ত আন এছামে৷ আকৌ এফালে একাংশ আহোম পুৰুষ-মহিলাই পৰম্পৰাগত পোছাক পিন্ধি পূজা অৰ্চনাত ব্যস্ত হৈ আছে৷ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ সমান্তৰালকৈ দিল্লীৰ বিজ্ঞান ভৱনৰ প্ৰাংগনত এনেদৰেই প্ৰদৰ্শিত কৰা হৈছে অসমীয়া এখন গাঁও৷ এনে এখন গাঁও য’ত সকলো সম্প্ৰদায়ৰ মানুহ আছে৷ মন কৰিবলগীয়া যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ তত্ত্বাৱধানত আৰু বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ কাৰিকৰী দক্ষতাৰে সাজি উলিওৱা হৈছে এইখন গাঁও৷ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ উপস্থিতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে গাঁওখনৰ উদ্বোধন কৰে৷ এই বিশেষ প্ৰদৰ্শনীৰ বিষয়ে সবিশেষ ব্যক্ত কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে কয় যে যোৱা প্ৰায় এসপ্তাহ ধৰি দিল্লীত গাঁওখন নিৰ্মাণ কৰি থকা হৈছিল৷ দেশবাসীৰ সন্মুখত অসমীয়া লোকৰ দৈনন্দিন জীৱন-যাপনৰ প্ৰতিচ্ছবি এই গাঁওখনৰ জৰিয়তে দাঙি ধৰা হৈছে৷ আনহাতে বিজ্ঞান ভৱনৰ ভিতৰতো আন এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে৷ উক্ত প্ৰদৰ্শনীত মূলত আহোম ৰাজত্বৰ ৬০০ বছৰীয়া ইতিহাস দাঙি ধৰা হৈছে৷ বিত্তমন্ত্ৰীগৰাকীয়ে মুকলি কৰা প্ৰদৰ্শনীখনত আহোম ৰাজত্বৰ বীৰগাঁথা তথা সমৰসজ্জা দাঙি ধৰা হয়৷ ৰাজ্যিক সংগ্ৰহালয়ৰ পৰা কঢ়িয়াই অনা আহোম শাসনৰ অস্ত্ৰ সম্ভাৰৰ লগতে সাঁচি পাতৰ পুঁথিও প্ৰদৰ্শন কৰা হয়৷