Logo
image

ওড়িশাত অসমৰ যুৱকক নৃশংস হত্যা : হানি-খুঁচি পেট্ৰ’ল ঢালি জ্বলাই দিলে দেহ

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ: মানুহ ইমানে নিষ্ঠুৰ হ’ব পাৰেনে? এজন মানুহক ইমান নিৰ্দয়ভাৱে হানি-খুচি হত্যা কৰাত ক্ষান্ত নহয় অতি নিৰ্মমভাৱে কেৰাচিন অথবা পেট্ৰ’লজাতীয় কিবা ঢালি পুৰি পুৰি হত্যা কৰিলে গোবিন্দ মোদকক৷ ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত উত্তৰ ৰায়পুৰ গৌৰাং বাজাৰৰ উত্তৰৰায়পুৰ ৰম খণ্ডৰ বাসিন্দা আৰু পেছাত ট্ৰাকচালক আছিল গোবিন্দ মোদক৷ ওড়িশাত ট্ৰাকচালক হিচাবে কৰ্মৰত আছিল কিন্তু যোৱা ১৭ নৱেম্বৰৰ পৰা পৰিয়ালৰ লোকে তেওঁৰ কোনো যোগাযোগ নোপোৱাত পৰিয়ালৰ মাজত হুৱা-দুৱাৰ সৃষ্টি হয় ফলত গোলকগঞ্জ আৰু ওড়িশাৰ থানাৰ লগত যোগাযোগ কৰাত ওড়িশাত বস্ত্ৰা থানাৰ নিকটতম অঞ্চলত গোবিন্দ মোদকৰ নৃশংসতাৰে হত্যা কৰাৰ মৃতদেহ উদ্ধাৰ কৰে ওড়িশাৰ পুলিচ প্ৰশাসনে৷ দুখৰ কথা এই যে, গোবিন্দ মোদকৰ ঘৰত অকল তেওঁৰ সৰু ভনী আৰু বৃদ্ধ মাতৃ৷ দেউতা আগতে ঢুকাইছিল গতিকে সেই অঞ্চল বিভিন্ন দল-সংগঠনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই দুখীয়া তথা দুৰ্ভগীয়া পৰিয়ালটোক যিহেতু একমাত্ৰ উপাৰ্জনকাৰী হিচাবে থকা গোবিন্দ মোদকক কোনোবা দুষ্কৃতিকাৰীয়ে অতি নৃশংসভাৱে হত্যা কৰিলে সেয়ে দুৰ্ভগীয়া পৰিয়ালটোক এককালীন দহ লাখ টকা সাহায্য হিচাবে আগবঢাৱলৈ দেশী জাতীয় সংগঠন আৰু ধুবুৰী জিলা গৰীয়া-মৰীয়া দেশী জাতীয় পৰিষদে দাবী জনাইছে৷