Logo
image

৬০টা চোৰাং চিকাৰীৰ সন্ধান দিয়া ‘চোৰাংচোৱা’ই চকু মুদিলে

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ: বিশ্বৰ সৰ্বাধিক এটা খড়গ থকা গঁড়ৰ বাসস্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ দায়িত্ব বহন কৰিছিল জৰবাই৷ ৰাষ্ট্ৰীয় উদ্যানখন সুৰক্ষিত কৰাৰ উদ্দেশ্যে বন,আৰক্ষী বা নিৰাপত্তাৰক্ষীৰ উপৰিও জৰবাক দিয়া হৈছিল গধুৰ দায়িত্ব৷ যি দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিছিল জৰবাই৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ এক নতুন চিন্তাৰে ৰাজ্যখনৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ সহযোগত বিদেশী অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত জৰবাক ২০১২ চনত কাজিৰঙালৈ অনা হৈছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে এটাৰ পাছত এটাকৈ গঁড় নিধন কৰি সুৰক্ষাকৰ্মীৰ নিদ্ৰাহৰণ কৰি থকাৰ সময়তে জৰবাক চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ দায়িত্ব দিয়া হৈছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে জৰবাৰ সহযোগত চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল৷ এই জৰবা কালি নিশা প্ৰায় দহ বজাত বাধ্যকজিনত কাৰণ মৃত্যু হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত চোৰাং চিকাৰীৰ সন্ধান দিয়া জৰবাৰ মৃত্যুত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই গভীৰ শোক প্ৰকাশ কৰিছে৷ উল্লেখ্য, জৰবা বেলজিয়াম মালিনইচ প্ৰজাতিৰ এক উন্নত প্ৰশিক্ষণপ্ৰাপ্ত স্নিফাৰ ডগ৷ কেৱল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই নহয় ৰাজ্য বা দেশৰ ভিতৰত বন্যপ্ৰাণী সুৰক্ষা তথা চোৰাং চিকাৰী প্ৰতিহত কৰাত স্নিফাৰ ডগ জৰবা প্ৰথম৷ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে এই জৰবাক K- 9 ইউনিটত অন্তৰ্ভুক্ত কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিছিল৷ আৰণ্যকৰ কৰ্মী অনিল দাসৰ তত্বাৱধানত জৰবাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উপৰিও মানাহ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা পৰিতৰা বন্যপ্ৰাণী অভয়াৰণ্যতো সেৱা আগবঢ়ায় ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ লৈছিল৷ আৰণ্যকৰ সচিবপ্ৰধান ড॰ বিভৱ কুমাৰ তালুকদাৰে জানিবলৈ দিয়া মতে, জৰবাৰ সহযোগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীক প্ৰতিহত কৰিবলৈ বন বিভাগ সফল হৈছিল৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীয়ে গঁড় নিধন কৰি খড়গ কাটি লৈ গৈছিল৷ ইয়াৰ পাছত জৰবাই জীৱনৰ নিৰাপত্তাৰ কথা চিন্তা নকৰি অতি সুক্ষ্মভাৱে অনুসন্ধান চলাই দুষ্কৃতিকাৰীৰ সন্ধান দিবলৈ সক্ষম হৈছিল৷ জৰবাৰ সহযোগত বন বিভাগৰ লোকে ৬০টা চোৰাং চিকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছিল৷ জৰবাক ২০১৯ চনৰ ডিচেম্বৰ মাহত কৰ্তব্যৰ পৰা অৱসৰ দি আৰণ্যকৰ তত্বাৱধানত দেখ-ভাল কৰি থকা হৈছিল যদিও কালি নিশা মৃত্যু হয়৷ উল্লেখ্য, জৰবাক বন্যপ্ৰাণী চোৰাং চিকাৰীৰ সন্ধান দিয়াৰ কামত ব্যৱহাৰ কৰি সফল হোৱাৰ পাছত আৰণ্যকে বৰ্তমান ছটা স্নিফাৰ ডগ এই কামত ব্যৱহাৰ কৰি আছে৷ ইয়াৰে জুবি, লিয়ণ, ইমিক কাজিৰঙাত, মুস্কিক পবিতৰাত, ভীৰাক ওৰাং আৰু শিলাক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কামত নিয়োগ কৰি থকা হৈছে৷ তদুপৰি, হাৰ্লি আৰু নভাক প্ৰশিক্ষণ দি থকা হৈছে বুলি তত্বাৱধায়ক অনিল দাসে জানিবলৈ দিয়ে৷ বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত জৰবাৰ সেৱা কোনেও পাহৰিব নোৱাৰে৷ জৰবা সকলো প্ৰকৃতিপ্ৰেমীৰ হৃদয়ত থাকিব৷ জৰবাৰ আত্মাৰ শান্তি কামনা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে আৰণ্যকৰ সচিবপ্ৰধান ড॰ বিভৱ কুমাৰ তালুকদাৰ তথা আৰণ্যকৰ সকলো কৰ্মকৰ্তাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷