Logo
image

‘বাবা’ৰ আশিস লৈ যুঁজলৈ ওলাইছে বিটিচিৰ দুই মহাৰথী

ডিজিটেল ডেস্ক, ২৪ নৱেম্বৰ: জ্যোতিষী, তান্ত্ৰিক, ফকীৰ আৰু বাবাসকলৰ ওপৰত ৰাজনৈতিক নেতাসকলৰ অগাধ বিশ্বাস৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ ৰাজনৈতিক বৈৰী ইউপিপিএলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো৷ বাবাৰ ওপৰত থকা অগাধ বিশ্বাসৰ বাবেই বিটিচিৰ দুই মহাৰথীয়ে ক্ষমতাৰ যুঁজত জয়লাভ কৰাৰ উদ্দেশ্যে বাবাৰ আশীৰ্বাদ বিচাৰিছে৷ প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে কেইবাজনো জ্যোতিষী, বাবাৰ আশীৰ্বাদ বিচাৰিছে যদিও নাগপুৰৰ ঘনিষ্ঠ এজন বিশেষ বাবাৰ শৰণাপন্ন হৈছে দুয়োজন বৈৰী নেতা৷ আমোদজনক কথা এয়ে যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰীয়ে একেটা কাৰণতে একেজন বাবাৰ পৰাই একে আশীৰ্বাদেই বিচাৰিছে৷ বাবাসকলৰ নিয়ম অনুসৰি আচাৰ্য শৈলেশ নামৰ এই বাবাগৰাকীয়ে স্বাভাৱিকতেই এজনকো হতাশ কৰা নাই– দুইজনৰে মূৰত হাত থৈ বিজয়ী হোৱাৰ আশীৰ্বাদ দিছে৷ অসমৰ মানুহে বিশেষভাৱে নাজানিলেও আচাৰ্য শৈলেশ নামৰ বাবাজন অত্যন্ত শক্তিশালী৷ বহু ৰাজনৈতিক নেতাৰ সৈতে এইজন বাবাৰ দহৰম মহৰম৷ নতুন দিল্লীত থকা আচাৰ্য শৈলেশৰ সৈতে বিজেপিৰ বহু ৰথী-মহাৰথীৰ সনা-পোতোকা৷ সেইবাবেই আচাৰ্য শৈলেশক সাক্ষাৎ কৰি ক্ষমতাৰ যুঁজত বিজয়ী হোৱাৰ কৌশল অৱলম্বন কৰিছে হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৱে৷ উল্লেখ্য, সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত বিজেপিৰ সৈতে মিত্ৰতা আছিল পূৰ্বৰ কংগ্ৰেছৰ মিত্ৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ৷ হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ কিছু আগৰে পৰাই ৰাজনীতিত পৰিৱৰ্তন ঘটিল৷ বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে বিজেপিৰ দৃষ্টিত বড়োভূমিত হাগ্ৰামা বাহিনীতকৈ প্ৰমোদ বাহিনীৰ কদৰ বাঢ়িল৷ সেইবাবেই বিটিচি নিৰ্বাচনত বিপিএফে একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰাৰ পাছতো বিজেপিৰ ৰণকৌশল অনুযায়ী বিটিচিৰ গাদী দখল কৰিলে ইউপিপিএলে৷ বিধানসভা নিৰ্বাচনতো বিজেপিৰে মিত্ৰতা হ’ল ইউপিপিএলৰ৷ হিমন্তবিশ্ব শৰ্মা চৰকাৰত ইউপিপিএলৰ মন্ত্ৰীও সোমাল৷ লক্ষণীয়ভাৱে বিজেপিয়ে বাৰে বাৰে পূৰ্বৰ মিত্ৰ হাগ্ৰামা বাহিনীক উপেক্ষা কৰি আহিছে যদিও সকলো লাজ-মান একাষৰীয়া কৰি হাগ্ৰামা বাহিনীয়ে বিজেপিৰ মিত্ৰ হ’বৰ বাবে সৰ্বতোপ্ৰকাৰে চেষ্টা চলাই আহিছে৷ বাৰে বাৰে উপেক্ষিত হৈও ভাগি পৰা নাই বিপিএফ৷ কিছুদিন পূৰ্বে প্ৰমোদ বড়ো আৰু তেওঁৰ পাৰিষদবৰ্গৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সম্বলিত পত্ৰ বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ প্ৰেৰণ কৰিছে হাগ্ৰামা মহিলাৰীয়ে৷ সমান্তৰালভাৱে জ্যোতিষী, তান্ত্ৰিক, বাবাৰ দুৱাৰতো টোকৰ মাৰিছে হাগ্ৰামাই৷ সেই আপাহতে বিজেপিৰ ঘনিষ্ঠ আচাৰ্য শৈলেশৰ শৰণাপন্ন হৈছে হাগ্ৰামা৷ ইফালে, প্ৰমোদ বড়োও বহি থকা নাই৷ একেজন আচাৰ্য শৈলেশৰে শৰণাপন্ন হৈছে প্ৰমোদো৷ ৰাজনীতিকৰ সৈতে থকা মিতিৰালিৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট বাবা শৈলেশে দুয়োজনকে আশীৰ্বাদ দিছে– সকলো ঠিক হৈ যাব, চিন্তা নকৰিবা৷ বিজেপিৰ সৈতে তোমালোক দুয়োজন থাকিব লাগে৷ থাকিব পাৰিবা৷ প্ৰমোদ বড়োৰ দলৰ দৰে হাগ্ৰামা মহিলাৰীৰ দলৰ সৈতেও বিজেপিৰ মিত্ৰতা খাতাং৷ ভাৰতীয় জনতা পাৰ্টীক ভাল পোৱা সকলো লোক মোৰ ওচৰলৈ আহে৷ কাৰণ মই বিজেপিক বুজি পাওঁ৷ আৰু বিজেপিয়েও মোক বুজি পায়…৷ আচাৰ্য শৈলেশৰ এই ভাষ্যই অনানুষ্ঠানিকভাৱে ইতিমধ্যে বিজেপিৰ সৈতে হাগ্ৰামা বাহিনীৰ মিত্ৰতা হৈ যোৱাৰেই ইংগিত দিয়ে৷ অৱশ্যে আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ এতিয়াও বাকী বুলি সদৰী কৰিছে বিপিএফৰ এটা সূত্ৰই৷ সূত্ৰটোৰ মতে, যিকোনো মুহূৰ্তত বিজেপিৰ সৈতে বিপিএফৰ আনুষ্ঠানিক মিত্ৰতা হ’ব৷ ইয়াৰ বিপৰীত আশা ইউপিপিএলৰ৷ দলটোৰ এটা সূত্ৰৰ মতে, ইউপিপিএলক এৰি বিজেপিয়ে কোনো কাৰণতে বিপিএফৰ সৈতে মিত্ৰতা নকৰে আৰু এই মুহূৰ্তত বিজেপিয়ে ইউপিপিএলৰ সংগ ত্যাগ নকৰে৷ দুয়োটা দলৰে আশা– প্ৰভাৱশালী বাবা আচাৰ্য শৈলেশৰ আশীৰ্বাদে তেওঁলোকক অধিক শক্তিশালী কৰিছে৷ বাবা শৈলেশৰ আশিস লৈয়েই ক্ষমতাৰ যুঁজলৈ ওলাইছে দুয়োটা দল৷ সঁচাকৈ– প্ৰেম, ক্ৰিকেট আৰু ৰাজনীতিত অসম্ভৱ বুলি একো নাই…৷