Logo
image

আৰক্ষীৰ প্ৰতিবেদনত হতভম্ব ন্যায়াধীশ : ৫৮১ কি:গ্ৰা: গাঞ্জা খাই শেষ কৰিলে নিগনিয়ে

ডিজিটেল ডেস্ক : এক বা দুই কি:গ্ৰা: নহয়, ৫৮১ কি:গ্ৰা: গাঞ্জা আৰক্ষীৰ গুদামৰ পৰা নোহোৱা হ'ল৷ আৰক্ষীৰ গুদামত থকা ৫৮১ কি:গ্ৰা: গাঞ্জা খাই শেষ কৰিলে নিগনিয়ে৷ আৰক্ষীৰ গুদামতেই লুটপাত চলালে নিগনিয়ে৷ উত্তৰ প্ৰদেশৰ মথুৰা আৰক্ষীয়ে দাখিল কৰা প্ৰতিবেদনত কৰা হৈছে এই দাবী। আৰক্ষীৰ প্ৰতিবেদন হতভম্ব হৈ উঠিল ন্যায়ধীশ। মথুৰা আৰক্ষীয়ে আদালতত দাখিল কৰা প্ৰতিবেদন অনুসৰি আৰক্ষীৰ গুদামত ৰখা ৫৮১ কিলোগ্ৰাম জব্দকৃত গাঞ্জা খাই শেষ কৰিলে নিগনিয়ে। এই গাঞ্জাখিনিৰ মূল্য আছিল প্ৰায় ৬০ লাখ টকা।

এই বুজন পৰিমাণৰ গাঞ্জাখিনি আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত দুটা পৃথক গোচৰত জব্দ কৰিছিল। আৰক্ষীৰ প্ৰতিবেদনত আশ্চৰ্য প্ৰকাশ কৰি ন্যায়ালয়ে ২৬ নৱেম্বৰৰ ভিতৰত নিগনিয়ে গাঞ্জা খোৱাৰ প্ৰমাণ দাখিল নিৰ্দেশ দিয়ে। লগতে আদালতে নিগনিৰ সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈও নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে ২০১৮ চনতে জব্দ কৰা গাঞ্জাখিনি এটা গুদামত ৰখা হৈছিল। আৰক্ষীয়ে প্ৰতিবেদনত কয় যে গুদামত নিগনিয়ে চলোৱা উপদ্ৰৱৰ বাবে বচাব পৰা নগ'ল গাঞ্জাখিনি৷ আৰক্ষীৰ এই প্ৰতিবেদনৰ পিছতে ২৬ নৱেম্বৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ন্যায়ালয়ে। নিগনিয়ে গাঞ্জা খোৱাক লৈ পৰৱৰ্তী শুনানিত আৰক্ষীয়ে কি প্ৰমাণ দাখিল কৰিব সেয়া হ'ব লক্ষণীয়৷