Logo
image

জলে-স্থলে বীৰগাথা

আমাৰ অসম, ২৫ নৱেম্বৰঃ  ‘মই লাচিতে কৈছোযমোৰ সঘনাই নাম লোৱা লুইতপৰীয়া ডেকা দল’–শৰাইঘাটৰ যুজৰ মহাবীৰ লাচিতক সোঁৱৰি আকৌ এবাৰ ৰাজ্যবাসীয়ে গালে বীৰগাথা৷ ধূলিৰ চামনি গুচাই পুনৰবাৰ চকমকাই উঠিল অসমৰ বুৰঞ্জীৰ সৌৰ্য বীৰ্যৰ সোণালী সুদিন৷ ৪০০ বছৰীয়া জন্ম জয়ন্তীত শদিয়াৰ পৰা ধুবুৰীলৈ জলে-স্থলে, পাহাৰে-ভৈয়ামে গুঞ্জৰিত হ’ল মহাবীৰ  লাচিতৰ নাম৷ গীতে মাতে মুখৰ হ’ল ৰাজ্য৷ পদুলিয়ে পদুলিয়ে লাচিতৰ সোঁৱৰণত জ্বলিল মাটিৰ চাকি৷ আজি লাচিত দিৱস উপলক্ষে নতুন দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজিত কেন্দ্ৰীয় কাৰ্যসূচীৰে লগতে ৰাজ্যৰ প্ৰতিখন জিলাতে সংশ্লিষ্ট জিলা প্ৰশাসনৰ উদ্যোগত নিজা নিজা ধৰণে অনুষ্ঠিত হ’ল লাচিত দিৱসৰ বিবিধ কাৰ্যসূচী৷ কৰবাত যদি অনুষ্ঠিত হ’ল সংগীতানুষ্ঠান, কৰবাত অনুষ্ঠিত হ’ল বাটৰ নাট, কৰবাত আকৌ অনুষ্ঠিত হ’ল দৌৰ প্ৰতিযোগিতা, শিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতা ইত্যাদি৷ কেৱল অসমতে নহয় ওড়িশাৰ পুৰীৰ সাগৰৰ পাৰতো সুদৰ্শন প্ৰান্তিক নামৰ এগৰাকী শিল্পীয়ে অংকন কৰিলে লাচিতৰ এক বালিৰ প্ৰতিমূৰ্তি৷ মহান বীৰ যোদ্ধা জনৰ জন্মস্থান বুলি একাংশ বুৰঞ্জীবিদ শিক্ষাবিদে ঠিৰাং কৰা শিৱসাগৰৰ দিখৌ পাৰৰ শুকতি আলিত শিৱসাগৰ জিলা প্ৰশাসনে বলুকাত জিলিকাই তুলিলে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত চাউলখোৱা নৈৰ বুকুত মঞ্চস্থ হ’ল মহাবীৰ লাচিত বৰফুকন নাটক৷ ঐতিহাসিক শৰাইঘাটৰ ৰণৰ মূল স্মৃতি বিজৰিত কামৰূপ জিলাতো চালে চকু ৰোৱা কাৰ্যসূচীৰে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত উদ্‌যাপিত হ’ল লাচিত দিৱসৰ কাৰ্যসূচী৷ কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীৰ বিশেষত উদ্যোগত আজি আমিনগাঁৱৰ সংকটমোচন আশ্ৰমৰ সমীপত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত অনুষ্ঠিত হ’ল আহোম আৰু মোগল সৈন্যৰ প্ৰতীকি শৰাইঘাটৰ ৰণ৷ প্ৰতীকাত্নক ৰণৰ পিছত লাচিতৰ প্ৰীতিকি বেশত থকা অভিনেতাগৰাকীক জিলা উপায়ুক্তই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়৷ উক্ত অনুষ্ঠানত জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, ৰঙিয়াৰ মহকুমাধিপতি, অতিৰিক্ত উপায়ুক্তসকল, সহকাৰী আয়ুক্তসকলৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি তথা স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ পূৰ্বে পুৱা আজ্ঞাঠুৰীস্থিত শৰাইঘাট ৰণ স্মৃতি উদ্যানৰ পৰা ৰাজ্যখনৰ বাৰেৰহণীয়া সংস্কৃতিৰ প্ৰতিফলনেৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে ফ্লেগ অফ্‌ কৰি শুভাৰম্ভ কৰা তথা জিলাখনৰ সহস্ৰাধিক জনসাধাৰণে অংশ গ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰা হাজো চ’ক হৈ আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত অন্ত পৰে৷ উল্লেখ্য যে এই সাংস্কৃতিক শোভাযাত্ৰাত ৪০০ ছাত্ৰই লাচিতৰ বেশভুষাৰে অংশ লয়৷ ইয়াৰ পিছতে কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত এক সাংস্কৃতিক অনুষ্ঠানো আনুষ্ঠিত হয়৷ আনহাতে বীৰ লাচিত দিৱস উপলক্ষে কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত স্থাপন কৰা বীৰ লাচিত বৰফুকনৰ অস্থায়ী প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে বীৰ গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তি সকলে৷

তেজপুৰৰ নেহৰু ময়দানৰ নাম হওক লাচিত বাকৰি

অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন অৰ্থাৎ ৪০০ বছৰীয়া জয়ন্তী উপলক্ষে আজি দিনটোৰ পুৱাই তেজপুৰৰ ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখৰ অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সন্মুখত শোণিতপুৰ জিলা প্ৰশাসনৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ তৰফৰ পৰা আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি নৃপেন কুমাৰ নাথ, তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে৷ ১৯৮৭ চনত ঐতিহাসিক নেহৰু ময়দানৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ তৎপৰতাত প্ৰতিষ্ঠা হোৱা মহাবীৰ লাচিত বৰফুকনৰ প্ৰথমটো প্ৰতিমূৰ্তিৰ সন্মুখত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰি ভাষণ প্ৰসংগত ১৮ নৱেম্বৰৰ পৰা লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীসমূহ সদৰি কৰি লাচিত বৰফুকন তথা আহোম ৰাজবংশৰ যিসমূহ স্মৃতিচিহ্ন জিলাখনৰ বিভিন্ন প্ৰান্তত আছে সেইসমূহ পুনৰউদ্ধাৰ কৰি ইয়াৰ বিকাশ আৰু উত্তৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে, অসমৰ প্ৰথমটো লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰা নেহৰু ময়দানৰ নাম ‘লাচিত বাকৰি’ কৰিবলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে শোণিতপুৰ জিলা প্ৰশাসনৰ জৰিয়তে অসম চৰকাৰক দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি অহাৰ পাছত আজিৰ এই অনুষ্ঠানতে পুনৰ জিলাৰ সভাপতি নৃপেন কুমাৰ নাথে উপায়ুক্ত আৰু স্থানীয় বিধায়কজনক অনুৰোধ কৰাত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই তেজপুৰ পৌৰসভাৰ জৰিয়তে এই সন্দৰ্ভত আৱশ্যকীয় নীতি-নিয়ম অনুসৰি ৰাইজৰ মতামত গ্ৰহণ কৰি আগন্তুক সময়ত নামকৰণ সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে চেষ্টা কৰিব বুলি ভাষণ প্ৰসংগতে সদৰি কৰে৷ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা শান্তনু বৰুৱাই আঁতধৰা অনুষ্ঠানটোৰ মাজতে আজিৰ দিনটোৰ তাৎপৰ্য আৰু লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ সন্দৰ্ভত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ভাষণ প্ৰদান কৰি তেজপুৰৰ এক শুদ্ধ ইতিহাসৰ ওপৰত গুৰুত্ব আৰোপ কৰি অচিৰেই এখন বুৰঞ্জীমূলক গ্ৰন্থ প্ৰকাশ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি কয়৷ একেদৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা শান্তনু বৰুৱাই লাচিত বৰফুকন সন্দৰ্ভত থকা বুৰঞ্জীৰ তথ্য বিভ্ৰাটৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত সম্পূৰ্ণ গৱেষণালব্ধভাৱে শুদ্ধ তথ্যৰে বুৰঞ্জীমূলক গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে৷ জিলাৰ সভাপতি নৃপেন কুমাৰ নাথে এই প্ৰতিমূৰ্তি স্থাপনৰ ইতিহাস সদিৰ কৰা অনুষ্ঠানটোত তেজপুৰ সাহিত্য সভাৰ সভাপতি ড॰ ভূপেন শইকীয়াই লাচিত বৰফুকনৰ বীৰ গাথাৰ বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন জিলা সভাপতি মৃদুল কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱা, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়াকৰণ, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী পুষ্পা ডেকাকে ধৰি বিশিষ্ট ব্যক্তিসকলে লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে৷ আনহাতে, শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ সংগ্ৰহালয় অৰ্থাৎ ডাক বাংলো প্ৰাংগণত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত লাচিতৰ প্ৰতিচ্ছবিৰ সন্মুখত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিণ, মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা, ৰাজ বৰুৱাকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰাৰ পাছত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি জিলা সংগ্ৰহালয় বিষয়াৰ তৎপৰতাত লাচিত বৰফুকনৰ সৈতে সংপৃক্ত আহোম ৰাজবংশৰ কেতবোৰ গুৰুত্বপূৰ্ণ চিত্ৰৰ এখন আকৰ্ষণীয় প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে ফিতা কাটি উন্মোচন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই৷ শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটিৰ বিশেষ সভাত ভাষণ প্ৰসংগত উপায়ুক্ত আৰু বিধায়কজনে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ বৰ্ণাঢ্য কাৰ্যসূচী আৰু লাচিত বৰফুকনৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে৷ উল্লেখ্য যে, সম্পূৰ্ণ আহোমৰ জাতীয় সাজ-পাৰ পৰিধান কৰি উপযুক্ত প্ৰমুখ্যে সকলো প্ৰশাসনিক বিষয়া উপস্থিত থকা আজিৰ শোণিতপুৰ জিলা প্ৰশাসনৰ এই কাৰ্যসূচীতে তাই আহোমৰ উপৰিপুৰুষসকলৰ প্ৰতি শ্ৰদ্ধা জনাই চৰাইদেউৰ পৰা অহা আহোম পুৰোহিতে পৰম্পৰাগত ‘বান ফি’ পূজাৰে লাচিত বৰফুকনলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কুকুৰা চৰাইকে ধৰি তাই আহোমৰ বিভিন্ন নৈবেদ্যৰে তিনিজনকৈ তাই পুৰোহিতে সম্পন্ন কৰা এই বানফি পূজাত তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ প্ৰমুখ্যে প্ৰশাসনিক বিষয়াসকলেও অংশগ্ৰহণ কৰে৷ ইয়াৰ সমান্তৰালভাৱে লাচিত দিৱসৰ দিনটোত বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা উলিওৱা সজাগতামূলক শোভাযাত্ৰাই তেজপুৰ চহৰ মুখৰিত কৰি তোলে৷ সন্ধিয়া শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ উদ্যোগত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ পথত চাৰিশগছি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা আৰু শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই৷

শৰাইঘাটৰ ৰণৰ ১২ হাজাৰ দৰঙী সৈনিকক স্মৰণ

 ইতিহাসবিদে উপেক্ষা কৰিলেও ইতিহাসে উপেক্ষা নকৰে৷ এই কথাকেই প্ৰতিফলিত কৰিলে দৰং জিলা প্ৰশাসনে৷ মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম উৎসৱৰ লগত সংগতি ৰাখি মঙলদৈ মিডিয়া চাৰ্কোলৰ অনুৰোধমৰ্মে দৰঙৰ জিলা প্ৰশাসনে বুধবাৰে মঙলদৈৰ সমীপৰ মণিটাৰীৰ বৰবৰী পথাৰত ‘শৰাইঘাটৰ ৰণ’ত অংশগ্ৰহণ কৰা ১২ হাজাৰ দৰঙী সৈন্যৰ পৱিত্ৰ সোঁৱৰণত বৰবৰীত [মণিটাৰী] এক আলোচনা চক্ৰৰ অনুষ্ঠিত কৰাৰ লগতে প্ৰথমবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, দৰঙী ৰাজপৰিয়ালৰ সন্তান তথা বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, মঙলদৈৰ ৰাজহ চক্ৰ বিষয়া নয়ন জ্যোতি পাঠক, মঙলদৈ মিডিয়া চাৰ্কোলৰ সম্পাদক ময়ূখ গোস্বামী আদি উপস্থিত থকা এই আলোচনা চক্ৰত জ্যেষ্ঠ সাংবাদিক তথা মঙলদৈ মিডিয়া চাৰ্কোলৰ সভাপতি ভাৰ্গৱ কুমাৰ দাসে কয় যে, ইতিহাসপ্ৰসিদ্ধ শৰাইঘাটৰ যুদ্ধত দৰঙৰ ৰজা চন্দ্ৰ নাৰায়ণৰ আদৰ্শত তেওঁৰ সুযোগ্য বীৰ পুত্ৰ গন্ধৰ্ব নাৰায়ণে দৰঙী সেনা ১২ হাজাৰ লৈ লাচিত বৰফুকনক সহায় নকৰাহেঁতেন সেইদিনাই অসমৰ ভাগ্যৰৱি চিৰকালৰ বাবে অস্তমিত হ’লহেঁতেন৷ তেওঁ লগতে এই তথ্য বিশিষ্ট সাংবাদিক, ইতিহাসবিদ, কবি তথা স্বাধীনতা সংগ্ৰামী দেৱকান্ত বৰুৱাই ১৯৪৬ চনৰ ২৫ অক্টোবৰত দেওবাৰে মঙলদৈৰ সমীপৰ বৰবৰীৰ মণিটাৰীত [বিখ্যাত বৰবৰী শিবিৰৰ সময়ত] আয়োজিত এখন সভাত উদ্দাত্ত কণ্ঠেৰে কৈছিল বুলি তথ্য দাঙি ধৰে৷ তেওঁ লগতে স্বাধীনতা সংগ্ৰামী তথা দৰঙৰ প্ৰথমজন সাংবাদিক প্ৰয়াত পানী ৰাম দাসে এই গুৰুত্বপূৰ্ণ তথ্য ১৯৯৯ চনৰ ১১ এপ্ৰিলত প্ৰকাশিত এখন স্মৰণিকাত লিপিবদ্ধ কৰি যোৱাৰ কথা ব্যক্ত কৰে৷ দৰঙী সেনাৰ বীৰত্বৰ এই ঐতিহাসিক তথ্য আজিলৈ কোনো বুৰঞ্জীত লিপিবদ্ধ নোহোৱাটো দৰঙী ৰাইজৰ বাবেই দুৰ্ভাগ্যজনক বুলি জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাসে কয়৷ সহস্ৰাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত দৰঙৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই শৰাইঘাটৰ ৰণত অংশগ্ৰহণ কৰা বাৰহাজাৰ দৰঙী বীৰ সৈনিকৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰি কয় যে, শৰাইঘাটৰ ৰণত দৰঙী সৈনিকে অংশগ্ৰহণ কৰাটো কেৱল ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ ঘটনাই নহয়, দৰঙী সৈনিকৰ অংশগ্ৰহণে এই যুঁজত লাচিত বৰফুকনৰ নেতৃত্বত অসমীয়া সেনাই বিজয় লাভ কৰাটো এক অতি সাহসী আৰু গুৰুত্বপূৰ্ণ বিষয়৷ পৰৱৰ্তী কালত দৰঙী সেনাৰ এই ভূমিকাৰ বিষয়ে ইতিহাসবিদসকলে নীৰৱে থকাটো অতি দুৰ্ভাগ্যজনক৷ বিস্মৃতিৰ অটল গৰ্ভত লীন যোৱা এই ঐতিহাসিক তথ্য পুনৰুদ্ধাৰ কৰি অসমৰ গৌৰৱোজ্বল ইতিহাসত এক নতুন পৃষ্ঠা সংযোজন কৰাৰ ক্ষেত্ৰত মঙলদৈ মিডিয়া চাৰ্কোলৰ সদস্যসকলে লোৱা৷ প্ৰশংসনীয় ভূমিকাৰ শলাগ লয়৷ উপায়ুক্তজনে ভাষণ প্ৰসংগত স্থানীয় কৃষকসকলে ১৯৪৬ চনতেই ভূমি আগ্ৰাসনকাৰীসকলৰ বিৰুদ্ধে লোৱা অহিংস প্ৰতিৰোধৰ সোঁৱৰণ কৰি কৃষকসকলক বহুতৰপীয়া কৃষিকৰ্ম আৰম্ভ কৰি এক নতুন কৃষক জাগৰণৰ সৃষ্টি কৰিবলৈ আহ৩ান জনায়৷ শৰাইঘাটৰ ৰণত অংশগ্ৰহণ কৰা বাৰ হাজাৰ দৰঙী সৈন্যৰ পৱিত্ৰ স্মৃতিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰি জ্যেষ্ঠ সাংবাদিক ময়ূখ গোস্বামীয়ে দৰঙৰ ঐতিহ্যমণ্ডিত গৌৰৱগাথাৰ বিষয়ে বহলাই কোৱাৰ লগতে দৰঙৰ সোণসেৰীয়া ইতিহাসৰ ওপৰত নতুন গৱেষণাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে৷ দৰঙী ৰাজপৰিয়ালৰ সদস্য বিশিষ্ট চিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে প্ৰজাবৎসল দৰঙী ৰজাসকলৰ সহজ-সৰল জীৱনশৈলীৰ লগতে আপোচবিহীন সত্ত্বাৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়৷ মঙলদৈ সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নয়ন জ্যোতি পাঠকে অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰবৰী মণিটাৰী অঞ্চলৰ কৃষকসকলে সুদীৰ্ঘদিনে ভোগ কৰি অহা ভূমি সম্পৰ্কীয় অসুবিধাবোৰ এমাহৰ ভিতৰত সমাধান কৰাৰ আশ্বাস দিয়ে৷ অনুষ্ঠানটোৰ আৰম্ভণিতে উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এগছি বন্তি প্ৰজ্বলন কৰি বাৰহাজাৰ দৰঙী সৈন্যৰ পৱিত্ৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে৷

নগাঁৱৰ ৰাজপথত প্ৰতিবাদকাৰীৰ ৰূপত ‘লাচিত’

 মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ দিনটোত ব্যতিক্ৰমী ৰূপত নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰিঞ্চি বৰা নামৰ যুৱকজনে৷ পূৰ্বে ৰাজপথত মহাদেৱ শিৱৰ বেশ লৈ মটৰ চাইকেল চলাই আহি পাৰ্ৱতীৰ লগত তৰ্কৰ মাধ্যমেৰে মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হৈছিল বিৰিঞ্চি বৰা৷ তাৰ পাছত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত মুক্তি লাভ কৰিছিল৷ সেইজন বিৰিঞ্চি বৰাই আজি নগাঁৱৰ ৰাজপথত ঘোঁৰা চেঁকুৰাই মহাবীৰ লাচিতৰ ভাও দিয়ে৷ মহাবীৰ লাচিতৰ শৌৰ্য-বীৰ্য তথা আদৰ্শক নৱ-প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা তথা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেতবোৰ জনবিৰোধী কাৰ্যৰ প্ৰতিবাদ কৰাৰ উদ্দেশ্যৰেই নগাঁৱৰ বিৰিঞ্চি বৰাই লাচিত বৰফুকনৰ বেশভূষাৰে ঘোঁৰাত উঠি প্ৰতীকি প্ৰতিবাদ কৰে৷ তেওঁ সংবাদ মাধ্যমক কয় যে– অসমত বৰ্তমান সৃষ্টি হোৱা স্বৈৰাচ্ছাৰী শাসন তথা অগ্নিগৰ্ভা পৰিস্থিতিৰ প্ৰতিবাদত প্ৰতিজন অসমীয়া যুৱক ওলাই অহা উচিত৷ মহাবীৰ লাচিতে ৰামসিংহৰ নেতৃত্বত অসম আক্ৰমণ কৰিবলৈ আহোঁতে মোগলক পৰাভূত কৰি অসমৰ স্বাধীনতা, সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল৷ ইয়াৰ বিপৰীতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজক সুৰক্ষিত কৰিব পৰা নাই৷  বৰঞ্চ ‘কা’ৰ দৰে আইন বলবৎ কৰি বিদেশীক নাগৰিকত্ব দিবহে বিচাৰিছে৷ এই আইনখন আনিবৰ বাবে চৰকাৰে অসমৰ প্ত জনকৈ তেজাল যুৱকক হত্যা কৰিছে৷ তেওঁ কয় যে লাচিত বৰফুকনে বিদেশীক বৰপীৰা পাৰি দিবৰ বাবে যুঁজ কৰা নাছিল৷ সেয়েহে বিদেশীক বৰপীৰা পাৰি দিব বিচৰা বিজেপি চৰকাৰখনৰ মহাবীৰ লাচিত বৰফুকনৰ জয়ন্তী অনুষ্ঠিত কৰাৰ নৈতিক অধিকাৰ নাই৷ বিৰিঞ্চি বৰাই লাচিত বৰফুকনৰ নাম লোৱা জাতীয় সংগঠনসমূহক একত্ৰিত হোৱাৰ আহ৩ান জনোৱাৰ লগতে যুৱ প্ৰজন্মক ওলাই আহিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে, বিৰিঞ্চি বৰা আম আদমি পাৰ্টীৰ নেতা৷