Logo
image

বাট খোল খোৱা নাই মেঘালয়ৰ

আমাৰ অসম, ২৫ নৱেম্বৰঃ পশ্চিম কাৰ্বি আংলং জিলাৰ মুক্ৰৰ সংঘৰ্ষৰ উত্তেজনা আজিও অব্যাহত আছে৷ উক্ত ঘটনাৰ পাছত সম্পূৰ্ণ তিনিটা দিনে মেঘালয়ৰে যোগাযোগ বন্ধ হৈ আছে অসমৰ বাহন তথা নাগৰিকৰ৷ সীমান্তৰ ঘটনাক কেন্দ্ৰ কৰি মেঘালয়ৰ উন্মত্ত লোকে অসমৰ পঞ্জীয়নভুক্ত বাহন তথা অসমৰ পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত সুৰক্ষাৰ স্বাৰ্থতে অসম চৰকাৰে মেঘালয়ত অসমৰ বাহন তথা নাগৰিকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে বন্ধ ৰাখিছে৷ দুৰ্ভাগ্যজনকভাৱে তিনিদিন ধৰি অসমৰ লগতে আন মালবাহী বাহন তথা পৰ্যটক মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰাত হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে যদিও এই পৰিস্থিতি মোকাবিলা কৰিবলৈ ৰাজ্যত নাই কোনো এজনো বৰমূৰীয়া৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি প্ৰতিজন মন্ত্ৰী-বিধায়ক তথা আৰক্ষী সঞ্চালক প্ৰধান আৰু মুখ্য সচিব পৰ্যন্ত এতিয়া দিল্লীৰ লাচিত দিৱসৰ ৰ  সাংস্কৃতিক কাৰ্যসূচীত ব্যস্ত৷ ফলত মেঘালয়ৰ প্ৰৱেশ পথত অসম আৰক্ষীয়ে ভেটা দিয়াত দুৰ্যোগপূৰ্ণ পৰিস্থিতিক নিয়ন্ত্ৰণলৈ আনিবলৈও মন্ত্ৰী তথা আমোলা-বিষয়াৰ অভাৱ৷ অৱশ্যে মেঘালয়ত অসমৰ বাসিন্দা তথা অসমত পঞ্জীয়নভুক্ত বাহনৰ প্ৰৱেশতে নিষেধাজ্ঞা আৰোপ কৰিছে যদিও মেঘালয়ৰ পৰা কোনো বাধা নোহোৱাকৈ অসমলৈ অহা-যোৱা চলি আছে যান-বাহনৰ৷ মেঘালয়ৰ যান-বাহনৰ চলাচলক লৈ স্বাভাৱিকভাৱেই এতিয়া ক্ষুব্ধ হৈ পৰা দেখা গৈছে অসমৰ টেক্সি চালকসকল৷ যাৰ বাবে মেঘালয়ৰ পৰা অহা বাহনক বাধা দিয়াৰ বাবে যোৰাবাটত অসম আৰক্ষীৰ সৈতে বৃহস্পতিবাৰে তৰ্কাতৰ্কিত লিপ্ত হোৱা দেখা গ’ল অসমৰ টেক্সি চালকক৷ আনকি গুৱাহাটীৰ পল্টনবজাৰ আৰু মালিগাঁৱৰ কামাখ্যা ষ্টেচনত মেঘালয়ৰ পঞ্জীয়নভুক্ত টেক্সিত যাত্ৰী উঠোৱাত বাধা আৰোপ কৰে অসমৰ একাংশ চালকে৷ অসমৰ চালকসকলে মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহন গুৱাহাটীৰ ষ্টেণ্ডত ৰখোৱাত বাধা আৰোপ কৰাতে ক্ষান্ত নাথাকি তেনে গাড়ীৰ পৰা যাত্ৰীক নমাই দিয়াও দেখা গ’ল৷ ইফালে মেঘালয়ত যদিহে যদি অসমৰ বাহনৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখে, তেনেহ’লে মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিছে অসমৰ টেক্সি চালকসকলে৷ মেঘালয়ৰ দুৰ্বৃত্তৰ আক্ৰমণৰ আশংকাতে তিনিদিন ধৰি উপাৰ্জনবিহীনভাৱে টেক্সিসমূহ ৰখাই থ’বলগীয়া হোৱা বুলি চালক-মালিকসকলে অভিযোগ কৰিছে৷ আনহাতে, বৰাক সীমান্তৰ দিঘৰখালতো এতিয়া ট্ৰাকৰ লানি লাগিছে৷ অসম আৰক্ষীয়ে নিৰাপত্তাৰ স্বাৰ্থত মেঘালয়ৰ বাহনৰ পৰিৱৰ্তে আন ৰাজ্যৰ পঞ্জীয়নভুক্ত ট্ৰাক তথা বাহন সমূহ মেঘালয়ত প্ৰৱেশত বাধা দিয়াত বৰাকৰ সীমান্ততো চালক হেণ্ডিমেনৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ কেৱল যান-বাহনেই নহয়, অসমৰ পৰা মেঘালয়লৈ যাব বিচৰা পৰ্যটকসকলেও গুৱাহাটী তথা বৰাকতে আৱদ্ধ হৈ পৰাত ভয়ংকৰ দুৰ্যোগৰ মুখামুখি হ’বলগীয়া হৈছে৷