Logo
image

মুখ্যমন্ত্ৰী হিমন্তক শলাগিলে অমিত শ্বাহে

আমাৰ অসম, ২৫ নৱেম্বৰঃ  দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে ইতিহাস পুনৰলিখনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷ মহান বীৰযোদ্ধাজনলৈ   মূলসুঁতিৰ ইতিহাসবিদসকলৰ অনীহাক প্ৰশ্ন উত্থাপন কৰি শ্বাহে ইতিহাসৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে দেশৰ বুৰঞ্জীবিদসকলৰ উদ্দেশ্য আহ্বান– আপোনালোকে গৱেষণা কৰক আৰু অনাগত দিনত নতুনকৈ ইতিহাসৰ পাঠ প্ৰস্তুত কৰক৷ কাৰণ নিজৰ দেশৰ ইতিহাসক লৈ গৌৰৱান্বিত বোধ কৰিব নোৱাৰিলে কোনো জাতি মহান হ’ব নোৱাৰে৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে লাচিতৰ বীৰত্বৰ কথা প্ৰসাৰৰ বাবে দেশৰ বিভিন্ন ভাষাত গ্ৰন্থ আকাৰত প্ৰকাশ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ৩ান জনায়৷ ইয়াৰ বাবে হিন্দীকে ধৰি আন ১০টা ভাষা বাছি ল’বলৈ তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায়৷ আনহাতে অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য– লাচিত বৰফুকনৰ দৰে বীৰযোদ্ধা নাথাকিলে আজি ভাৰতত উত্তৰ-পূৰ্বাঞ্চল নাথাকিলেহেঁতেন৷ কেৱল উত্তৰ-পূৰ্বাঞ্চল বুলি নহয়, লাচিত বৰফুকনে সমগ্ৰ দক্ষিণ-পশ্চিম এছিয়াৰ ভাষা-সংস্কৃতিও ৰক্ষা কৰিছিল৷ মহান এই বীৰজনাই মোগলক প্ৰতিহত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দক্ষিণ-পশ্চিম এছিয়াক ৰক্ষা কৰিছিল৷ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ দ্বিতীয় দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷ নিজৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে বাৰম্বাৰ লাচিত বৰফুকনে আগ্ৰাসী মোগলক প্ৰতিহত কৰি কেনেদৰে দেশৰ তথা এছিয়াৰ এটা অংশক নিজৰ ভাষা-সংস্কৃতি ৰক্ষাত সহায় কৰিছিল তাৰ ব্যাখ্যা দাঙি ধৰা পৰিলক্ষিত হয়৷ আনকি লাচিতে কেনেদৰে সমগ্ৰ দক্ষিণ-পশ্চিম এছিয়াত সনাতনী ধৰ্মৰ প্ৰসাৰত সহায় কৰিছিল সেই কথাও ব্যক্ত কৰে শ্বাহে৷ বাস্তৱত এই অনুষ্ঠানৰ জৰিয়তে লাচিতৰ বীৰগাঁথা সমগ্ৰ দেশৰ সমুখত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে দাঙি ধৰিছে তাৰ বাবে গৃহমন্ত্ৰীজনে মুখ্যমন্ত্ৰী শৰ্মাৰ শলাগ লৈ কয় যে এয়া দেশৰ বাবে তথা সভ্যতাৰ বাবে উৎসৰ্গিত কাম৷ আনহাতে লাচিত বৰফুকনে কেনেদৰে অসমৰ জনগোষ্ঠীসকলক ঐক্যবদ্ধ কৰাত ব্ৰতী হৈছিল সেই কথা ব্যক্ত কৰি শ্বাহে কয় যে সৰু-সুৰা জনগোষ্ঠীৰ সহায় লৈ তথা তেওঁলোকক একত্ৰিত কৰি লাচিতে দৰাচলতে চাৰি শতিকা পূৰ্বেই অখণ্ড ভাৰত নিৰ্মাণৰ সূত্ৰপাত আৰম্ভ কৰিছিল৷ শ্বাহৰ মতে, স্বৰাজৰ ধাৰণা লাচিত বৰফুকনৰ কৰ্মৰ যোগেদিও প্ৰতিফলিত হৈছে৷ লাচিতৰ জয় দৰাচলতে স্বৰাজৰ জয় বুলি তেওঁ অভিহিত কৰে৷ আনহাতে সাহসিকতাৰ ব্যাখ্যা যদি আমাক দাঙি ধৰিব লাগে তেনেহলে লাচিত বৰফুকনৰ জীৱন কাহিনী ইয়াৰ বাবে যথেষ্ট৷ মহাভাৰতত থকা বীৰত্বৰ যি ৫ বিধ গুণ আছিল তাৰ সকলোবোৰ লাচিতৰ শৰীৰ তথা মনত আছিল বুলি তেওঁ ভাষণত প্ৰকাশ কৰে৷ আনহাতে নিজৰ ভাষণত শৰাইঘাটৰ যুদ্ধৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীজনে কয় যে, শৰাইঘাটৰ কথা সকলোৱে সদায় স্মৰণ কৰি আহিছে আৰু আগন্তুক প্ৰজন্ময়ো সদায় কৰি থাকিব৷ একেদৰে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’– লাচিতৰ এই উক্তিৰ কথাও দাঙি ধৰি গৃহমন্ত্ৰীৰ প্ৰশ্ন– ইয়াতকৈ দেশভক্তিৰ আৰু উৎকৃষ্ট উদাহৰণ কি হ’ব পাৰে? উল্লেখ্য, গৃহমন্ত্ৰীজনে আজি বীৰ লাচিত বৰফুকনক লৈ ইতিহাসবিদ সূৰ্য কুমাৰ ভূঞাৰ কৰ্মৰাজিৰ কথাও নিজৰ ভাষণত উল্লেখ কৰি তেওঁৰ গ্ৰন্থখনো বিভিন্ন ভাষাত অনুবাদ কৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে৷ আনহাতে শ্বাহে আজি অসম চৰকাৰে লাচিতক লৈ প্ৰস্তুত কৰা এখন তথ্যচিত্ৰও মুকলি কৰে৷ ৪৫ মিনিটৰ তথ্যচিত্ৰখনৰ ১৫ মিনিটৰ সাৰাংশ আজিৰ অনুষ্ঠানত প্ৰদৰ্শনো কৰা হয়৷ আনহাতে বিজ্ঞান ভৱনৰ ভিতৰত আহোম ৰাজত্বৰ ইতিহাসৰ নিদৰ্শন দাঙি ধৰা প্ৰদৰ্শনী তথা সংগ্ৰহালয়ৰ কথাও সবিশেষ উল্লেখ কৰি উক্ত প্ৰদৰ্শনী সকলোকে প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ উল্লেখ্য, অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এখন মুগাৰ গামোছা, মুগাৰ চেলেং, লাচিতৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু আহোমসকলৰ এখন পৰম্পৰাগত হেংদাঙেৰে উষ্ণ সম্বৰ্ধনা জনায়৷  উল্লেখ্য যে ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ দ্বিতীয় দিনা অমিত শ্বাহৰ সৈতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈ, কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, ৰাজ্যৰ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে অংশগ্ৰহণ কৰে৷ এই অনুষ্ঠানৰ জৰিয়তে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লাচিত বৰফুকনক আগুৱাই লৈ যোৱাৰ কথা দোহাৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰশংসা কৰে৷

প’ৰ্টেলত লিখিছে ৰচনা ৩৮ লাখ লোকেঃ মুখ্যমন্ত্ৰী শৰ্মা

‘শৌৰ্য-বীৰ্য আৰু সাহসৰ প্ৰতীক, পৰাক্ৰমী বীৰ লাচিত বৰফুকনৰ নামত দেৰগাঁৱৰ পুলিচ একাডেমীখন উছৰ্গা কৰিলো৷ এতিয়াৰে পৰা দেৰগাঁৱৰ পুলিচ প্ৰশিক্ষণ কেন্দ্ৰটো ‘লাচিত বৰফুকন পুলিচ একাডেমী’ হিচাপে পৰিচিত হ’ব৷’ নতুন দিল্লীত বৃহস্পতিবাৰে এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ উল্লেখ্য যে নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ মুকলি সভাৰ অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  মুখ্য অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বীৰ লাচিতে মোগল শাসক ঔৰংগজেৱৰ সেনাৰ বিৰুদ্ধে বীৰত্বৰে যুঁজ কৰি সফল হোৱা ইতিহাস ব্যাখ্যা কৰি এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে৷ তেওঁ কয় যে লাচিত বৰফুকন আমাৰ বাবে এক নিৰন্তৰ প্ৰেৰণাৰ স্ৰোত৷ মোগলৰ বিৰুদ্ধে যুঁজ কৰি জাতিক ঐক্যবদ্ধ কৰা এইজন মহান বীৰৰ নামত দেৰগাঁও পুলিচ একাডেমীৰ নাম উছৰ্গা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছো৷ উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰামেশ্বৰ তেলী, উচ্ছতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সাংসদ তপন গগৈ, অসম চৰকাৰৰ মন্ত্ৰী পীয়ূষ হাজৰিকা উপস্থিত থকা মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জন্ম-জয়ন্তী অনুষ্ঠানৰ মুখ্য অতিথি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন মুগাৰ গামোচা, মুগাৰ ছেলেং চাদৰ, হেংডাং আৰু লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰে আদৰণি জনায়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি সভাত ভাষণ দি কয়– আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ বীৰযোদ্ধা লাচিত বৰফুকনৰ বন্দনা কৰিছে৷ লাচিত বৰফুকনৰ বন্দনাৰে টুইটাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে গৃহমন্ত্ৰী অমিত শ্বাহেও মহাযোদ্ধাজনাৰ বীৰত্বৰ বন্দনা কৰিছে৷ আজি পুৱাৰে পৰা দেশৰ বহু মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে অন্যান্য লোকে লাচিত বৰফুকনৰ গৌৰৱময় ইতিহাসক স্মৰণ কৰে৷ এয়া আমাৰ বাবে আনন্দৰ কথা৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে মোগলৰ সৈন্যক লাচিতে প্ৰতিৰোধ কৰিছিল৷ যি সময়ত ঔৰংগজেৱে সমগ্ৰ দেশতে সাম্ৰাজ্য বিস্তাৰ কৰিবৰ বাবে চেষ্টা কৰিছিল সেই সময়ত আহোম সাম্ৰাজ্য মোগলৰ অধীন নাছিল৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ঔৰংগজেৱে সেই সময়ত ভাৰত জয় কৰা বুলি ভুৱা প্ৰচাৰ কৰা হৈছিল৷ মাৰাঠী আৰু আহোমৰ দৰে বহুতে ঔৰংগজেৱক প্ৰতিৰোধ কৰিছিল৷ ইছলামীসকলৰ আক্ৰমণক লাচিতে তেতিয়াই প্ৰতিহত কৰাটো এটা ডাঙৰ কথা আছিল৷  বীৰ লাচিতে খিলঞ্জীয়াৰ সহযোগতে মোগলক বাধা দিছিল আৰু বিজয়ী হৈছিল৷ সেই সময়ত  গুৱাহাটীক মোগলৰ পৰা ৰক্ষা  কৰাটো ঐতিহাসিকভাৱেই গুৰুত্বপূৰ্ণ আছিল৷ কাৰণ শৰাইঘাটৰ যুদ্ধই দক্ষিণ-পূব এছিয়াৰ সভ্যতা-সংস্কৃতিক মোগলৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিল৷ লাচিতৰ গৌৰৱ গাথাক  সাৰোগত কৰি আজি অসমক আমি সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিব পাৰিম৷ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তী উপলক্ষে গ্ৰন্থ প্ৰকাশ, তথ্যচিত্ৰ নিৰ্মাণ, মাৰ্চপ’ষ্ট, ৰচনা লিখা আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে৷ জন্ম-জয়ন্তী উপলক্ষে ৩৮ লাখ লোকে  চৰকাৰৰ প’ৰ্টেলত লাচিত বৰফুকন সন্দৰ্ভত লিখা ৰচনা ‘আপলোড’ কৰিছে৷ বৰাকবাসীৰ লগতে বড়ো আৰু সকলো জনগোষ্ঠীৰ লোকে ৰচনা লিখিছে৷ জন্ম-জয়ন্তীত এনেধৰণৰ অংশগ্ৰহণেৰে জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ বাৰ্তা দিছে৷  অসমবাসীক বীৰজনাৰ জন্ম-জয়ন্তীতে ঐক্যবদ্ধ হৈ আগবঢ়ি যোৱাৰ প্ৰেৰণা দিছে৷ এনে অনুষ্ঠান সুকলমে অনুষ্ঠিত হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দেশবাসীক অভিনন্দন জ্ঞাপন কৰে৷

‘অসমৰ শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস’ শীৰ্ষক আলোচনাচক্ৰ

নতুন দিল্লীত তিনিদিনীয়া কাৰ্যসূচীৰে অব্যাহত থকা লাচিত বৰফুকনৰ ৪০০সংখ্যক জয়ন্তীৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ অংশৰূপে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ‘অসমৰ শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস’ বিষয়ক এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়৷ আলোচনাচক্ৰখন সঞ্চালনা কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক [ড॰] ননীগোপাল মহন্তই৷ আলোচক হিচাপে অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ৰাজীৱ সন্দিকৈ, মঙলদৈ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহযোগী অধ্যাপিকা ড॰ সংগীতা গগৈ, বিশিষ্ট লেখক বিক্ৰম সম্পট, চলচ্ছিত্ৰ নিৰ্মাতা আৰু সমালোচক ৰাজেশ কুমাৰ সিং আৰু চলচ্ছিত্ৰ নিৰ্মাতা আৰু অভিনেতা চন্দ্ৰপ্ৰকাশ দ্বিবেদীয়ে৷ আলোচকসকলে প্ৰধানতঃ দিল্লীৰ পৰা আঁতৰত থকা অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল আৰু দেশৰ আন কেতবোৰ ঠাই ভাৰতৰ মূলধাৰাৰ ইতিহাসৰ পৰা সদায় উপেক্ষিত হৈ অহাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে৷ আলোচনাচক্ৰত ভাগ লৈ বিশিষ্ট লেখক বিক্ৰম সম্পটে কয় যে, নতুন প্ৰজন্মই ভাৰতত বখটিয়াৰ খিলজিৰ সামৰিক অভিযানৰ কাহিনীসমূহৰ বিষয়ে জানে, কিন্তু ৰজা পৃথুৰ হাতত বখটিয়াৰৰ কামৰূপত হোৱা লজ্জাজনক পৰাজয়ৰ কথা বহুতেই নাজানে৷ আলমগীৰনামাত আহোমক কৰা প্ৰশংসা আৰু মোগলৰ গুৰুত্বপূৰ্ণ এই ঐতিহাসিক নথিত বৰ্ণিত আহোমসকলৰ অদম্য শক্তিৰ বিষয়ে তেওঁ উল্লেখ কৰে৷ আলোচক হিচাপে অংশ লোৱা ড॰ সংগীতা গগৈয়ে আহোমৰ বুৰঞ্জী লিখাৰ পৰম্পৰা আৰু সমসাময়িক ভাৰতৰ অন্য ৰাজবংশসমূহৰ তুলনাত আহোমসকলৰ সামাজিক-সাংস্কৃতিক উৎকৃষ্টতাসমূহৰ  বিষয়ে আলোকপাত কৰে৷ অনুষ্ঠানত চন্দ্ৰ প্ৰকাশ তিৱাৰীয়ে কয় যে, দোলাকাষৰীয়া বৰুৱা, ঘোঁৰাবৰুৱা আৰু পৰৱৰ্তী সময়ত বৰফুকনৰ দায়িত্ব লাভ কৰি সুদক্ষ সেনানায়ক লাচিত বৰফুকনে আগ্ৰাসী মোগলক নিজৰ পৱিত্ৰ মাতৃভূমিৰ পশ্চিম সীমান্তৰ পৰা খেদি পঠিয়াবলৈ সমৰ্থ হয়৷ ভাৰতত লাচিতৰ দৰে বীৰৰ এনে বহু কাহিনী আছে যিসমূহ কাহিনীয়ে এতিয়াও গ্ৰন্থ, চলচ্ছিত্ৰ আৰু অন্য মাধ্যমসমূহৰ দ্বাৰা উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই বুলি তেওঁ উল্লেখ কৰে৷ আন এজন আলোচক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে কেইবাজনো অসম সন্তানৰ বিষয়ে উল্লেখ কৰি কয় যে, এইসকল বীৰ-বীৰাঙ্গনাৰ অনবদ্য অৱদানৰ বাবে ভাৰতৰ ইতিহাসত বিশেষভাৱে নাম লিপিবদ্ধ হ’ব লাগিছিল যদিও বহুক্ষেত্ৰত ভাৰতৰ ইতিহাসত তেওঁলোক অৱহেলিত হৈ ৰ’ল৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চল আৰু দিল্লীৰ মাজৰ দূৰত্ব এই উপেক্ষাৰ অন্যতম কাৰণ বুলি তেওঁ কয়৷ তেওঁ লগতে লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিক জনসাধাৰণৰ মাজলৈ উলিয়াই অনাৰ উদ্দেশ্যে সূৰ্যকুমাৰ ভূঞাই আহোম সেনাপতিজনৰ বিষয়ে লিখি উলিওৱা গ্ৰন্থ আৰু প্ৰসংশনীয় পদক্ষেপৰ শলাগ লয়৷ আলোচনাত চলচ্ছিত্ৰ নিৰ্মাতা ৰাজেশ কুমাৰ সিঙে আহোমসকলৰ সাংগঠনিক দক্ষতাৰ প্ৰশংসা কৰি কয় যে সেই সময়ত সাধাৰণ লোকসকলেও প্ৰয়োজনসাপেক্ষে একোজন সেনানী হৈ যুদ্ধত অৱতীৰ্ণ হ’বলৈ দ্বিধাবোধ কৰা নাছিল৷ উল্লেখ্য যে, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ জীৱন আৰু কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ ৪০০বছৰীয়া জয়ন্তীৰ সামৰণী অনুষ্ঠান নতুন দিল্লীত উদযাপন কৰিছে৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত তিনিদিনীয়া কাৰ্যসূচীৰে কালিৰে পৰা অনুষ্ঠিত এই কাৰ্যসূচীৰ কাইলৈৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব৷