Logo
image

দূৰবীনৰ ভিতৰত বীয়েৰ কঢ়িয়াই ধৰা পৰিল মেক্সিকোৰ সমৰ্থক

আমাৰ অসম, ২৫ নৱেম্বৰঃ  কাতাৰ বিশ্বকাপ চলি থকা সময়ছোৱাত ষ্টেডিয়ামৰ ভিতৰত বীয়েৰ অথবা আন সুৰা বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ কোনেও এনে সামগ্ৰী ষ্টেডিয়ামলৈ লৈ যাব নোৱাৰে৷ এই নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবোদো সাব্যস্ত কৰা হৈছে৷ কিন্তু ৰাজ পৰিয়ালৰ এই নিৰ্দেশ প্ৰত্যাখ্যান কৰাটো সম্ভৱ হোৱা নাই বিশ্বকাপ আয়োজক কমিটীৰ বাবে৷ তাৰ মাজতে লুকাই চুৰকৈ ষ্টেডিয়ামলৈ বীয়েৰ কঢ়িয়াই নিয়াৰ চেষ্টা চলাই আৰক্ষীৰ হাতত ধৰা পৰিবলগীয়া হ’ল মেক্সিকোৰ এজন সমৰ্থক৷ ঘটনাটো ঘটিছিল মেক্সিকো আৰু পোলেণ্ডৰ মাজৰ খেলখনৰ পূৰ্বে৷ মেক্সিকান ফুটবলপ্ৰেমীজনে লগত লৈ যোৱা দূৰবীনটোৰ ভিতৰত  বীয়েৰৰ বটল সুমুৱাই ষ্টেডিয়ামলৈ লৈ যোৱাৰ চেষ্টা চলাইছিল৷ তেওঁ ভাবিছিল তেনে কৰিলে কোনো সমস্যা নহ’ব৷  কিন্তু ষ্টেডিয়ামৰ বাহিৰত নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তাৰক্ষীৰ চকুত পৰিল দূৰবীনটোৰ ওপৰত৷ সন্দেহবশতঃ দূৰবীনটো খুলি চোৱাতহে ধৰা পৰি যায় মেক্সিকোৰ সমৰ্থকজন৷ তেওঁক ষ্টেডিয়ামৰ ভিতৰলৈ যোৱাত অনুমতি দিয়া হ’লেও লগত লৈ যোৱা বীয়েৰৰ বটলটো বাজেয়াপ্ত কৰে আৰক্ষীয়ে৷