Logo
image

কেন্দ্ৰৰ স্পষ্ট কথা : কা বলৱৎ হ'বই...

ডিজিটেল ডেস্ক : অথলে গ'লে 'কা' বিৰোধী আন্দোলন৷ নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ দেশতে প্ৰতিবাদ হ'লেও কেন্দ্ৰীয় চৰকাৰৰ স্পষ্ট কথা 'কা' বলৱৎ হ'বই৷ দেশৰ কেইবাখনো ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে 'কা' লৈ পুনৰবাৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ অমিত শ্বাহে কয় যে যিসকল লোকে ভাবিছে 'কা' বলৱৎ নহয়, তেওঁলোক ভুল৷ 'কা'ক লৈ জনতা বিভ্ৰান্ত হ'ব নালাগে৷ 

টাইমছ নাও নৱভাৰতৰ এক কাৰ্যসূচীত অংশ লৈ গৃহমন্ত্ৰী শ্বাহে কয় যে নাগৰিকত্ব সংশোধনী আইন এতিয়া বাস্তৱ আৰু 'কা' দেশৰ আইন৷ 'কা' বলৱৎ নহ'ব বুলি ভৱাসকলে ভুল কৰিছে৷ লগতে শ্বাহে কয় যে ক'ভিডৰ বাবেহে 'কা' বলৱৎ হোৱাত পলম হৈছে৷ দেশত ক'ভিড পৰিস্থিতি উন্নত হোৱাত 'কা' কাৰ্যকৰী কৰাৰ বাবে কাম কৰা হ'ব৷ 

উল্লেখ্য যে অসমৰ লগতে সমগ্ৰ দেশতে ব্যাপকভাৱে হৈছিল 'কা' বিৰোধী আন্দোলন৷ 'কা' বিৰোধী আন্দোলনে অসমত পাঁচজনকৈ যুৱকৰ প্ৰাণ কাঢ়িছিল৷ সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন হ'লেও কেন্দ্ৰীয় চৰকাৰে জনতাৰ প্ৰতিবাদ আওকাণ কৰি 'কা' বলৱৎ কৰাত উঠিপৰি লাগিছে৷ শেহতীয়াকৈ গৃহমন্ত্ৰীয়ে 'কা'ক লৈ কৰা এই মন্তব্যই স্পষ্ট কৰিছে যে অনাগত দিনত 'কা' বিৰোধী আন্দোলন তীব্ৰতৰ হ'লেও শীঘ্ৰে 'কা' বলৱৎ কৰিব কেন্দ্ৰই৷