Logo
image

ভাৰত মানে কেৱল বাবৰ, জাহাংগীৰ বা ঔৰংগজেৱ নহয়ঃ হিমন্ত বিশ্ব শৰ্মা

আমাৰ অসম, ২৬ নৱেম্বৰঃ মহাবীৰ লাচিতৰ বীৰত্বৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ সভ্যতা-সংস্কৃতি ৰক্ষা পৰিল৷ ঔৰংগজেৱৰ সাম্ৰাজ্য বিস্তাৰৰ সপোন বীৰ পুৰুষজনৰ বীৰত্বৰ বাবেই সাৰ্থক হ’ব নোৱাৰিলে৷ এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ শুকুৰবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত লাচিত জয়ন্তীৰ তিনিদিনীয়া কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়– লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্যৰ গাথা ভাৰতৰ প্ৰতিখন বিশ্ববিদ্যালয়ত চৰ্চা কৰা হ’ব৷ লাচিতৰ দৰে দেশৰ স্বল্প পৰিচিত নায়কসকলক   দেশবাসীৰ সন্মুখলৈ উলিয়াই আনিবলৈ ইতিহাসৰ ছাত্ৰ-অধ্যাপকসকল আগবাঢ়ি আহিব লাগিব৷ লাচিতক নতুন দৃষ্টিৰে অধ্যয়ন কৰাৰ প্ৰয়াস হ’ব লাগে৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত এই সামৰণি অনুষ্ঠানটোত মুখ্যমন্ত্ৰী শৰ্মাই বীৰজনাৰ বীৰত্বক পুনৰ স্মৰণ কৰি কয় যে তেওঁ সৰ্বশ্ৰেষ্ঠ  আহোম আৰু অসমীয়া বীৰ আছিল৷ এই মহান বীৰজনে হৈছে সাহসৰ প্ৰতীক৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰত মানে কেৱল বাবৰ, ঔৰংগজেৱ, জাহাংগীৰ, হুমায়ুনৰ কাহিনী নহয়৷ ছত্ৰপতি শিৱাজী, লাচিত বৰফুকন, দুৰ্গাদাস, গুৰু গোবিন্দ সিঙৰো ইতিহাসৰ গুৰুত্ব আছে৷ এইসকল বীৰক নতুন দৃষ্টিৰে চোৱাৰ প্ৰয়াস কৰিব লাগে৷ মুখ্যমন্ত্ৰীয়ে আৰু কয় যে লাচিতৰ অৱদান কেৱল অসমৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেই তেওঁৰ অৱদান অতুলনীয়৷ লাচিতৰ অৱদানক ভাৰতৰ ইতিহাসত সোণালী আখৰেৰে লিখিবলৈ দেশবাসীক মুখ্যমন্ত্ৰী শৰ্মাই আহ৩ান জনায়৷ আনহাতে মুখ্যমন্ত্ৰীয়ে ৪০০ বছৰীয়া জন্ম-জয়ন্তীত উপস্থিত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমবাসীৰ হৈ ধন্যবাদ জনায়৷ ভাৰতক বিশ্বজয়ী  কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে কৰি অহা নিৰৱচ্ছিন্ন ত্যাগক প্ৰশংসাৰে ওপচাই মুখ্যমন্ত্ৰীয়ে৷ তেওঁক দেশৰ প্ৰাক্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভ ভাই পেটেলৰ লগত তুলনা কৰে৷ তেওঁ কয় পেটেলে ভৌগলিক ৰূপত দেশক একত্ৰিত কৰাৰ কাম কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ আত্মাক সংযোগ কৰাৰ কাম কৰিছে বুলিও তেওঁ কয়৷ আনহাতে সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাচিত বৰফুকনক আত্মনিৰ্ভৰশীলতাৰ প্ৰতীক বুলি অভিহিত কৰে৷ বৰফুকনক দেশৰ স্বাভিমান আৰু সাহসৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিবলৈ দেশবাসীক আহ্বান জনায়৷ মাতৃভূমিক ৰক্ষাৰ বাবে মহাবীৰ লাচিতে মোগলৰ সৈতে পৰম পৰাক্ৰমেৰে যুঁজ দিছিল বুলি উল্লেখ কৰি সোণোৱালে কয় যে শত্ৰুৰ পৰা অসমক সুৰক্ষিত কৰি ৰাখি মহান সেনাপতিগৰাকীয়ে অসমীয়াৰ স্বাভিমান ৰক্ষা কৰিছিল৷ শৰাইঘাটৰ যুঁজত ৰণ কৌশল প্ৰস্তুতকাৰী অন্যতম হোতা অতন বুঢ়াগোহাঁইকো তেওঁ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে৷ থলুৱা ৰণ কৌশল, থলুৱা যুদ্ধ সামগ্ৰীৰে মোগলক খেদি পঠোৱা লাচিত বৰফুকন দেশৰে অদ্বিতীয় বীৰ বুলি অভিহিত কৰে সোণোৱালে৷ মহাবীৰ লাচিত সদায়েই অসমবাসীৰ হূদয়ত অমৰ হৈ ৰ’ব বুলিও তেওঁ উল্লেখ কৰে৷ লাচিতৰ ৪০০ বছৰীয়া জন্ম-জয়ন্তীৰ সামৰণি অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাচিত বৰফুকনৰ পৰাক্ৰমৰ গাথা প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত উপেক্ষিত হৈ ৰৈছিল৷ মহাবীৰজনৰ গৌৰৱময় গাথাই দেশবাসীক প্ৰেৰণা যোগাব বুলি উল্লেখ কৰি তেওঁ কয়– ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ নিৰ্মাণৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবাসীক প্ৰেৰণা দিব লাচিতৰ আদৰ্শই৷