Logo
image

পাপনৰ গান শুনিবলৈ দিল্লীলৈ কিয় যাম! সিদ্ধাৰ্থ

আমাৰ অসম, ২৬ নৱেম্বৰঃ লাচিত জয়ন্তী চাবলৈ সকলো যদি দিল্লীলৈ যায়, গুৱাহাটীত থাকিব কোন? অসমত থাকিব কোন? পাপনৰ গান চাই মই দৰ্শক হ’বলৈ যোৱাৰ যুক্তি নাই৷ মোৰ তাত গুৰুত্বপূৰ্ণ ভূমিকা থকাহেঁতেন যাবলৈ বাধ্য হ’লোহেঁতেন৷ একমাত্ৰ দৰ্শক হ’বলৈ পাপনৰ সংগীত উপভোগ কৰিবলৈ যোৱাৰ যুক্তি নাই৷ বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীত দিল্লীলৈ যোৱা মানে অংগৰাগ পাপন মহন্তৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ যোৱা বুলি উল্লেখ কৰিছে যদিও উক্ত অনুষ্ঠানৰ মুখ্য অতিথি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অন্যতম অতিথি গৃহমন্ত্ৰী অমিত শ্বাহ৷ এই বিশেষ অনুষ্ঠানত তেওঁলোকৰ ভাষণৰ যথেষ্ট গুৰুত্ব আছে৷ তাৰ পাছতো বিধায়কজনৰ এনে ভাষ্যত স্পষ্ট হৈ পৰিছে যে শাসকীয় দলৰ বহু জ্যেষ্ঠ নেতা-কৰ্মী চৰকাৰখনৰ কাম-কাজত ক্ষুণ্ণ৷ বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে উমি উমিজ্ব লি আছে বিজেপিৰ বহু নেতা কৰ্মী৷ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাও নগ’ল দিল্লীলৈ৷ তেওঁ হৈ হাল্লা ভাল নাপায় বাবে দিল্লীলৈ যোৱা নাই বুলি উল্লেখ কৰিছে যদিও তেওঁৰ মনৰ মাজত যে ক্ষোভ আছে সেয়া স্পষ্ট হৈ পৰিছে৷ ইতিমধ্যে তেওঁ একাধিক মন্ত্ৰীৰ বিৰুদ্ধে ৰাজহুৱা মন্তব্য কৰিছে৷ বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, ৰমেন ডেকায়ো বিগত সময়ত বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ বিৰুদ্ধে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰি আহিছে৷

হাফপেণ্ট পিন্ধি পানীত নামি পানীৰ বটল দিলেই উন্নয়ন নহয়

গুৱাহাটী পৌৰ নিগমৰ ব্যৰ্থতা ৰাইজৰ আগত তুলি ধৰিছে খোদ শাসকীয় দল বিজেপিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই৷ তেওঁ পৌৰ নিগমৰ ব্যৰ্থতা তুলি ধৰি কয়–হাফপেণ্ট পিন্ধি পানীত নামি পানীৰ বটল দিলেই গুৱাহাটীৰ উন্নয়ন নহয়৷ কাম কৰিবলৈ অভিযন্তাই নাই পৌৰ নিগমৰ৷ সকলো জে’লত আছে৷ প্ৰতিটো কামতেই গুৱাহাটী পৌৰ নিগমৰ ব্যাপক খেলিমেলি হৈছে৷ গুৱাহাটীত যদি কোনোবাই কাম কৰিব খোজে তেতিয়া হ’ল নৱেম্বৰ-ডিচেম্বৰেই উপযুক্ত সময়৷ নৱেম্বৰ-ডিচেম্বৰত যদি নিবিদা আহ্বানেই কৰা নাই, নিবিদা প্ৰস্তুত কৰিবলৈ প্ৰাৰম্ভিক কামখিনিয়েই কৰা নাই মাৰ্চ মাহত বাৰিষাৰ আগে আগে কাম কৰা মানে পইচা পানীত পেলোৱাহে হয়৷ পৌৰ নিগমৰ নিবিদা আহ্বান কৰিবলৈ এতিয়া অভিযন্তাই নাই৷ সময়ৰ শৰ সময়তে মাৰিব লাগে৷ ইফালে, মহানগৰবাসীৰ খোৱা পানীৰ সমস্যা সমাধানৰ দাবীত আপে আৰম্ভ কৰিছে ‘পানী আন্দোলন’৷ মহানগৰবাসীৰ খোৱাপানী সমস্যাৰ স্থায়ী সমাধানৰ দাবীৰে আম আদমি পাৰ্টীয়ে পানী আন্দোলনৰ কাৰ্যসূচী ৰূপে আজি গুৱাহাটীৰ কেইবাটাও ঠাইত বাটৰ নাট প্ৰদৰ্শন কৰে৷ বাটৰ নাটৰ যোগেদি দলটোৱে মহানগৰবাসীয়ে খোৱাপানীৰ নামত যি সমস্যাত ভূগি আছে তাৰ এক প্ৰতিচ্ছবি দাঙি ধৰে৷ উল্লেখ্য যে মহানগৰবাসীক খোৱাপানী সমস্যাৰ সমাধানৰ নামত ৰাজ্য চৰকাৰে কেৱল ভেকোভাওনা চলাই থকাৰে বিৰুদ্ধে আপৰ সদস্যসকলে ইতিমধ্যে গুৱাহাটীৰ ৱাৰ্ডে ৱাৰ্ডে গৈ সাধাৰণ ৰাইজক সজাগ সচেতন কৰিবলৈ চেষ্টা কৰিছে৷ চৰকাৰৰ চৰম বঞ্চনাৰ বিৰুদ্ধে দলটোৱে ইতিমধ্যে মহানগৰবাসীৰ ঘৰে ঘৰে গৈ গোহাৰি পত্ৰ বিতৰণ কৰিছে লগতে গুৱাহাটীত কেইবাটাও ৱাৰ্ডত পোষ্টাৰ, বেনাৰ লগাই সৰ্বসাধাৰণ ৰাইজৰ মাজত এই ক্ষেত্ৰত এক জন জাগৰণ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছে৷ আজি বাটৰ নাট প্ৰদৰ্শনৰ সময়ত আপৰ নেতা জিতুল ডেকাই যোৱা পৌৰ নিগম নিৰ্বাচনৰ প্ৰচাৰ কালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰবাসীক জুলাই মাহৰ পৰা চুইছ টিপিলেই ঘৰে ঘৰে খোৱাপানী পাব লগতে ষ্ট্ৰীট লাইট, বাট-পথ, নলা নৰ্দমা, বানপানীৰ সমস্যাৰ সমাধান হ’ব আদি প্ৰতিটো প্ৰতিশ্ৰুতি পূৰ কৰিবলৈ আৰু কিমান দিনৰ সময় ল’ব বুলি প্ৰশ্ন উত্থাপন কৰে৷ আপৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাই গুৱাহাটীবাসীক খোৱাপানী যোগান ধৰিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে দিল্লীৰ পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ গুৱাহাটীৰ উন্নয়নৰ কথা কোৱাটো হাস্যকৰ বুলি উল্লেখ কৰে৷