Logo
image

অসমৰ ১৬জনলৈ সংগীত-নাটক একাডেমীৰ বঁটা

আমাৰ অসম, ২৬ নৱেম্বৰঃ  মহাবীৰ লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদ্‌যাপনৰ মাজতে অসমবাসীৰ বাবে সুখবৰ৷ এইবাৰ অসমৰ কেইবাগৰাকী শিল্পীয়ে সংগীত-নাটক একাডেমী বঁটা লাভ কৰিছে৷ এই বাতৰি যুগুতোৱা পৰলৈকে অসমৰ ১৬গৰাকী শিল্পীয়ে সংগীত-নাটক একাডেমী বঁটা লাভ কৰাৰ খবৰ আহিছে৷ ইয়াৰে দহগৰাকী জ্যেষ্ঠ শিল্পীয়ে সংগীত-নাটক একাডেমী বঁটা লাভ কৰাৰ বিপৰীতে সংগীত-নাটক  একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা [যুৱ] লাভ কৰিছে ছগৰাকী শিল্পীয়ে৷ সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী ৰঞ্জুমণি শইকীয়া, সুদক্ষ নাট্যকাৰ-পৰিচালক অবিনাশ শৰ্মা, প্ৰসিদ্ধ অভিনেতা প্ৰাঞ্জল শইকীয়া, অসমৰ পৰম্পৰাগত নাট অংকীয়া ভাওনাৰ সংগীত আৰু পৰিচালনাৰ সৈতে জড়িত বিশিষ্ট শিল্পী গুণীন্দ্ৰনাথ ওজা, অসমৰ লোকসংগীত আৰু নৃত্যৰ বিশিষ্ট শিল্পী, প্ৰসিদ্ধ বিহুৱা প্ৰসন্ন গগৈ, সত্ৰীয়া নৃত্যৰ প্ৰসিদ্ধ শিল্পী হৰি বৰা বৰবায়ন, ব্যাস ওজাপালিৰ বিশিষ্ট শিল্পী ধৰ্মেশ্বৰ নাথ ওজা, সত্ৰীয়া ওজাপালিৰ [ব্যাস কীৰ্তন] প্ৰসিদ্ধ শিল্পী গুৰুপ্ৰসাদ ওজা, বিশিষ্ট বেহেলাবাদক মিনতি খাউণ্ড আৰু অসমৰ লোকসংগীত আৰু নৃত্যৰ বিশিষ্ট শিল্পী মাখন চন্দ্ৰ বৰাই লাভ কৰিছে সন্মানজনক সংগীত-নাটক একাডেমী বঁটা৷ উল্লেখ্য, এইবাৰ ২০১৯, ২০২০ আৰু ২০২১ বৰ্ষৰ বঁটাসমূহ একেলগে ঘোষণা কৰিছে সংগীত-নাটক একাডেমীয়ে৷ ২০১৯ চনৰ বাবে সত্ৰীয়া নৃত্যত সংগীত-নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা লাভ কৰিছে প্ৰভাত কাকতিয়ে৷ ২০২০ চনৰ বাবে এই বঁটা লাভ কৰিছে জলীমণি শইকীয়া [সত্ৰীয়া], মানস কুমাৰ চমুৱা [বেহেলা] আৰু হিমাংশু শৰ্মাই [নাট পৰিচালনা]৷ ২০২১ চনৰ বাবে বিছমিল্লাহ খাঁ বঁটা লাভ কৰিছে সত্ৰীয়া নৃত্যৰ দুই শিল্পী দীপজ্যোতি দাস আৰু দীপাংকৰ আৰন্ধৰাই৷ উল্লেখ্য, এইবাৰ সংগীত-নাটক একাডেমী বঁটা লাভ কৰিছে দেশৰ মুঠ ১১৬গৰাকী প্ৰসিদ্ধ শিল্পীয়ে৷ আনহাতে, ৯৬গৰাকী শিল্পীয়ে লাভ কৰিছে সংগীত-নাটক একাডেমীৰ ওস্তাদ বিছমিল্লাহ খাঁ বঁটা৷