Logo
image

নাকচ কৰা সত্ত্বেও ‘বাঘ’ ওলাল দিল্লীত

আমাৰ অসম, ২৬ নৱেম্বৰঃ  অসম বুৰঞ্জীৰ কিংবদন্তী চৰিত্ৰ বাঘ হাজৰিকা ওৰফে ইস্মাইল ছিদ্দিকিকলৈ বিতৰ্কৰ অন্ত নাই৷ শৰাইঘাটৰ যুদ্ধৰ প্ৰধান সেনাপতি মহাবীৰ লাচিত বৰ ফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত পুনৰ লাচিতৰ সমানেই চৰ্চালৈ আহিছে বাঘ হাজৰিকাৰ প্ৰসংগ৷ ড॰ হীৰেণ গোহাঁইকে ধৰি একাংশ পণ্ডিতৰ মতে বাঘ হাজৰিকা বা ইস্মাইল ছিদ্দিকি শৰাইঘাটৰ যুদ্ধৰ লাচিতৰ অন্যতম সহযোগী আছিল৷ শত্ৰু সেনা মোগলৰ বৰটোপত পানী ভৰাই নিষ্ক্ৰিয় কৰাৰ দৰে দুঃসাহসী দায়িত্বত বাঘ হাজৰিকাক নিয়োগ কৰিছিল লাচিত বৰফুকনে৷ শংকৰ-আজানৰ দৰে লাচিত বৰফুকন আৰু বাঘ হাজৰিকাৰ সম্পৰ্কক অসমৰ একাংশই সাতামপুৰুষীয়া হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীক হিচাপেও তুলি দাঙি ধৰি আহিছে৷ পিছে বিজেপি বা আৰ এছ এছে আৰম্ভণিৰে পৰা নস্যাৎ কৰি আহিছে বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিকিৰ প্ৰসংগ৷ তেওঁলোকে স্পষ্ট ভাষাৰে বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ বুলি বিভিন্ন সময়ত দাবী কৰি আহিছে৷ আৰ এছ এছ বা বিজেপিয়ে নাকচ কৰা সত্বেও বাঘ হাজৰিকাৰ প্ৰসংগ ওলাল নতুন দিল্লীত ৰাজ্য চৰকাৰৰ উদ্যোগত পতা ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ মনোজ্ঞ আলোচনাসত্ৰত৷ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা অধ্যাপক [ড॰] ননী গোপাল মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত এই আলোচনাসত্ৰত এজন উৎসুকে বাঘ হাজৰিকাৰ অস্তিত্বৰ সন্দৰ্ভত প্ৰশ্ন তোলে৷ ইয়াৰ উত্তৰ দিবলৈ গৈ আলোচনাসত্ৰত সমল ব্যক্তি হিচাপে থকা অধ্যাপক বুৰঞ্জীবিদ ড॰ সংগীতা গগৈয়ে এনেদৰে ক’লে–‘ইতিহাস বৰ কঠোৰ৷ এক কথাত ক’বলৈ গ’লে আমি বুৰঞ্জ ীৰ ক’তো বাঘ হাজৰিকাৰ সন্দৰ্ভত নাপাওঁ৷ এয়া মানুহৰ কথাৰ ভিতৰতহে আছে৷ আহোম বুৰঞ্জী বুজিবলৈ তেওঁলোকৰ পৰম্পৰাগত ব্যৱস্থা বুজিব লাগিব৷ কেতিয়াও তেওঁলোকে নিজৰ কাষত আনক ৰাখি নথব৷ দূত হিচাপে চুলতান গৰিয়াক ৰখাৰ কথা আমি পাওঁ৷ কিন্তু কোনো হিষ্টৰিকেল চৰ্চত বাঘ হাজৰিকাৰ সম্পৰ্কত পোৱা নাযায়৷’ উল্লেখ্য যে বুৰঞ্জীবিদগৰাকীৰ এই ভাষ্যৰ পাছতে বাঘ হাজৰিকাক নস্যাৎ কৰা বিজেপি আৰ এছ এছে যেন আকৌ অি’জেন বিচাৰি পালে৷ পুনৰ জাউৰিয়ে জাউৰিয়ে কমেণ্ট কৰি বিজেপি আৰ এছ এছৰ একাংশই উৰাই দিলে বাঘ হাজৰিকাৰ অস্তিত্ব৷ ইয়াৰ মাজতে অৱশ্যে একাংশই ইতিপূৰ্বে ৰাজ্যত নিৰ্মাণ হোৱা লাচিত, বাঘ হাজৰিকাৰ প্ৰতিমূৰ্তি দাঙি ধৰি উভটি ধৰিলে বিজেপি আৰ এছ এছক৷ তেওঁলোকে সামাজিক মাধ্যমত এনেদৰে লিখিলে–‘ঐতিহাসিক শিৱসাগৰৰ ভতিয়াপাৰৰ শৰাইঘাট ৰণৰ দৃশ্যাংশ প্ৰদৰ্শন কৰা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ কাষৰ ওখ দাড়ীৱালা মানুহজন কোন? একে প্ৰতিমূৰ্তি গুৱাহাটীত চৰকাৰী পৃষ্ঠপোষকতাত নিৰ্মাণ হৈছে৷ এতিয়াও আছে৷ হোমেন বৰগোহাঞিয়ে ইছমাইল ছিদ্দিকিৰ বিষয়ে লিখা নিৱন্ধৰো প্ৰতিবাদ হওক৷’ বহুতেই আকৌ শিৱসাগৰ জিলাৰ অন্তৰ্গত হাঁহচৰা মৌজাৰ হাৰিপৰা আলিৰ কাষৰ দয়া চাৰিআলিত বীৰ বাঘ হাজৰিকাৰ সোঁৱৰণত ৭ বিঘা মাটি সামৰি বাঘধৰা পুখুৰী খন্দা বুলি [পুখুৰীটোৰ পুৰণি ফটোগ্ৰাফসহ] তথ্য প্ৰমাণ দাঙি ধৰিছে৷ এনেদৰে অতিসম্প্ৰতি বাঘ হাজৰিকাৰ অস্তিত্বৰ সন্দৰ্ভত ৰাজ্যত উত্তাল হৈছে বাক-বিতণ্ডা৷