Logo
image

অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইনাৰ লাইন পাৰ্মিট দাবী, ‘কা’-আফস্পা বাতিল, অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব: নেছ’

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ: অসম-মেঘালয় সীমান্তত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছ’ই অসমসহ উত্তৰ পূবৰ সকলো ৰাজ্যৰ বাবে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ দাবী তুলিলে৷ ইয়াৰ লগতে উত্তৰ পূবৰ প্ৰতিখন ৰাজ্যৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ বিশেষ ভিত্তিবৰ্ষৰ ভিত্তিত এন আৰ চিৰ প্ৰস্তুতিৰো দাবী তুলিলে নেছ’ই৷ উত্তৰ পূবৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠনটোৱে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা) সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰৰ দাবী জনোৱাৰ লগতে ‘কা’ আইন প্ৰত্যাহাৰৰো দাবী জনায়৷ ‘কা’ৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কেউখন ৰাজ্যত তথা কেউখন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ উমৈহতীয়া মঞ্চ নেছ’ৰ আন্দোলন অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়ে নেছ’ৱে৷ আনহাতে, নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত অসম চুক্তি ৰূপায়ণৰ দাবী তোলাৰ লগতে অসম চুক্তিৰ ৬নং দফা অনুসৰি অসমৰ খিলঞ্জীয়াৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ দাবী জনায় নেছ’ই৷ অসম চুক্তিৰ ছয়নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্ছ পৰ্যায়ৰ সমিতিৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিবৰ বাবেও উত্তৰ-পূব ছাত্ৰ সংগঠনে দাবী জনায়৷ গৃহভূমি ত্ৰিপুৰাতে সংখ্যালঘুত পৰিণত হোৱা ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ সাংবিধানিক ৰক্ষাকৱচৰো দাবী তোলে নেছ’ৱে৷ উত্তৰ পূৰ্বাঞ্চলৰ সাত ৰাজ্যৰ বাবে সুকীয়া টাইম জন’ গঠন কৰা, উত্তৰ পূবৰ বান-গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা, আন্তঃৰাজ্যিক সীমা সমস্যা দুৰ কৰা, ককবৰক-খাছী আৰু গাৰো ভাষাক সংবিধানৰ অষ্টম অনুসুচীত অন্তভুক্ত কৰাৰো দাবী জনায় নেছ’ৱে৷ উল্লেখ্য যে ত্ৰিপুৰাৰ ৰাজধানী চহৰ আগৰতলাৰ নাতিদূৰৰ খুমলুঙত ত্ৰিপুৰা ট্ৰাইবেল এৰিয়া অটোনমাচ ডিষ্টিক কাউন্সিলাৰ সদৰত ২২ নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত নেছ’ৰ সাধাৰণ অভিৱৰ্তনৰ যোৱা নিশা সামৰণি পৰে৷ ত্ৰিপুৰা ছাত্ৰ সন্থাৰ উদ্যোগত নেছ’ৰ এই বিশেষ অভিৱৰ্তন অনুষ্ঠিত হৈছিল৷ এই অভিৱৰ্তনত পৌৰোহিত্য কৰে নেছ’ৰ অধ্যক্ষ ছেমুৱেল বি জেওৰাই৷ নেছ’ৰ অন্যতম অংশীদাৰ আছুৰ হৈ আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জল ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাসহ এটা বৃহৎ দল নেছ’ৰ অধিৱেশনত উপস্থিত থাকে৷ বৈঠকত খাছি ছাত্ৰসন্থাৰ সভাপতি এল মাৰনগাৰ, নেছ’ৰ সচিব  প্ৰধান চিনাম প্ৰকাশ সিঙো উপস্থিত থাকে৷ অভিৱৰ্তনৰ অন্তত এক সংবাদমেল সম্বোধন কৰি চেমুৱেল জেওৰা, দীপাংক কুমাৰ নাথসহ নেছ’ৰ নেতৃবৃন্দই কয় যে অবৈধ অনুপ্ৰৱেশকাৰী এতিয়াও উত্তৰ পূবৰ খিলঞ্জীয়া লোকৰ বাবে পৰিচয় আৰু সুৰক্ষাৰ ক্ষেত্ৰত বৃহৎ ভাবুকি হৈয়েই আছে৷ নেছ’ই যোৱা ২২ নৱেম্বৰত  অসম-মেঘালয় সীমান্তৱৰ্তী জয়ন্তীয়া পাহাৰ জিলাত সংঘটিত অবাঞ্ছিত ঘটনাত উদ্বেগ প্ৰকাশ কৰি ইয়াক গৰিহণা দিয়ে৷ নেছ’ই এই ঘটনাক সীমা বিবাদ আখ্যা দি দুয়োখন ৰাজ্যৰ চৰকাৰক বিষয়টো ক্ষীপ্ৰভাৱে সমাধানৰ বাবে আহ৩ান জনায়৷ স্থানীয় জনগোষ্ঠীৰ লোকসকলক বিষয়টো গোষ্ঠীগত বিষয় হিচাপে গণ্য নকৰিবলৈ আহ৩ান জনায় নেছ’ই৷ দুয়োখন ৰাজ্যৰে সীমান্ত অঞ্চলৰ বসবাস কৰা লোকসকলক আস্থা আৰু বিশ্বাসত লৈ সীমা সমস্যা সমাধানৰ বাবে নেছ’ই পৰামৰ্শ দিয়ে৷ লগতে গুৱাহাটী, শ্বিলং বা মেঘালয়ৰ বিভিন্ন অঞ্চলত বাস কৰা দুয়োখন ৰাজ্যৰ লোকসকলৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ অসম আৰু মেঘালয় চৰকাৰক দাবী জনায় সংগঠনটোৱে৷ উল্লেখ্য যে নেছ’ৰ ত্ৰিপুৰা অভিৱৰ্তনতে আছুৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ বৰ্তমানৰ উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যক পৰৱৰ্তী কাৰ্যকালৰ বাবে নেছ’ৰ মুখ্য উপদেষ্টা হিচাপে নিৰ্বাচিত কৰে প্ৰতিনিধিসকলে৷