Logo
image

মেঘালয়ত উত্তেজনা বৃদ্ধি : মুখ্যমন্ত্ৰী কনৰাডৰ ঘৰ ঘেৰাও

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ: সীমান্তৰ সংঘৰ্ষৰ ঘটনাক কেন্দ্ৰ কৰি মেঘালয়ত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে৷ বিগত ৫ দিন ধৰি মেঘালয়ৰ ৫ খন জিলাত ইণ্টাৰনেট বন্ধ ৰখাৰ লগতে অসমৰ পৰাও যান-বাহনৰ প্ৰৱেশ বন্ধ থকাৰ পাছতো চুবুৰীয়া ৰাজ্যখনত উত্তেজনা হ্ৰাস পোৱা নাই৷ বৰঞ্চ সময় বাগৰাৰ লগে লগে পৰিস্থিতি যেন অধিক জটিল ৰূপ ল’ব ধৰিছে৷ পশ্চিম কাৰ্বি আংল জিলাৰ মুক্ৰত অসম আৰক্ষী তথা বনৰক্ষীৰ দলৰ সৈতে মঙলবাৰে পুৱা মেঘালয়ৰ দুবৃৰ্ত্ত তথা উন্মত্ত লোকৰ সংঘৰ্ষত অসমৰ এজন বনৰক্ষীৰ লগতে মেঘালয়ৰ আন পাঁচ জন লোকৰ মৃত্যু হয়৷ এই ঘটনাৰ পাছতেই সীমান্তত উত্তেজনা বৃদ্ধি পোৱাত মেঘালয় চৰকাৰে তাৎক্ষণিকভাৱে সুৰক্ষাৰ স্বাৰ্থত পাঁচখন জিলাত ইণ্টাৰনেট কৰ্তন কৰে যদিও পৰিস্থিতি অধিক জটিল হৈ পৰা ইণ্টাৰনেট কৰ্তন কৰা জিলাৰ সংখ্যা ৭ খনলৈ বৃদ্ধি কৰিবলৈ বাধ্য হয়৷ অৰ্থাৎ বিগত ৫ দিনে মেঘালয়ত মোবাইল ডাটা তথা ইণ্টাৰনেট সেৱা বন্ধ হৈ থকাৰ লগতে অসম চৰকাৰেও সুৰক্ষাৰ স্বাৰ্থত বিগত পাঁচ দিনে অসমৰ পঞ্জীয়নভুক্ত বাহন তথা নাগৰিকৰ প্ৰৱেশ মেঘালয়ত বন্ধ কৰিছে৷ কিন্তু ইয়াৰ পাছতো মেঘালয়ৰ একাংশ সংগঠনে সীমান্তৰ ঘটনাৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে উন্মত্ত প্ৰতিবাদকাৰীয়ে আৰক্ষী, চি আৰ পি এফলৈ পেট্ৰ’ল বোমা নিক্ষেপ কৰাতে ক্ষান্ত  নাথাকি ট্ৰেফিক পইণ্ট পৰ্যন্ত জ্বলাই দিয়া দেখা গৈছে৷ তদুপৰি মেঘালয়ৰ একাংশ দুবৃৰ্ত্তই শ্বিলঙৰ ৰাজপথত অসমৰ পঞ্জীয়নভুক্ত বাহন জ্বলাই দিয়াৰ লগতে অসমৰ বহু বাহন আৰু পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ ইপিনে শনিবাৰেও মেঘালয়ৰ পাঁচটাকৈ সংগঠনে শ্বিলঙত সীমান্তৰ ঘটনাক লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ পূব জয়ন্তীয়া ৰাষ্ট্ৰীয় পৰিষদ, হাইনিট্ৰেপ যুৱ পৰিষদ, জয়ন্তীয়া ষ্টুডেণ্ট মুভমেণ্ট, হাইনিট্ৰেপ আচিক নেচনেল মুডমেণ্ট আৰু কনফেডাৰেছন অৱ ৰি-ভয় পিপ’লছ নামৰ সংগঠন কেইটাই শ্বিলঙৰ প’ল’স্থিত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ৰাজপথত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেৰা প্ৰতিকৃতি দাহ কৰে৷ প্ৰতিবাদকাৰীসকলে সীমান্তৰ সমস্যা সমাধানত মেঘালয় চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী জনায়৷ তদুপৰি অসম আৰক্ষীৰ গুলীত পাঁচজন খাছি লোকৰ মৃত্যু হোৱাত আই পি এছ বিষয়াৰ অসম-মেঘালয় কেডাৰ পৃথক কৰাৰো দাবী জনায়৷ ইফালে মেঘালয়ৰ দুবৃৰ্ত্তৰ আক্ৰমণৰ আশংকাত অসমৰ পৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত বাহনক বাদ দি আন সকলো বাহনৰ চলাচল বন্ধ হৈ পৰাত চুবুৰীয়া ৰাজ্যখনত এতিয়া অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ইন্ধনৰ নাটনিয়ে দেখা দিছে৷ যাৰ বাবে মেঘালয়ৰ পেট্ৰল ডিপু সমূহক জৰুৰীকালীন পৰিস্থিতি মোকাবিলা কৰাৰ বাবে পৰ্যাপ্ত ইন্ধন মজুত ৰখাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷ অৱশ্যে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা মেঘালয় আৰক্ষীয়ে সুৰক্ষা দি ২২ খন ইন্ধন কঢ়িওৱা বাহন মেঘালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷