Logo
image

চৰাইদেউৰ নাগালেণ্ড সীমান্তত অস্ত্ৰধাৰী নগা যুৱক

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ: হিন্দী চিনেমাৰ কায়দাৰে হাতত মাৰণাস্ত্ৰ লৈ এজন নগা যুৱকে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তইদি শনিবাৰে অসমত প্ৰৱেশ কৰাৰ ঘটনাই সীমান্তৱৰ্তী এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম-নাগালেণ্ড সীমান্তৰ লাহদৈগড় দলঙেৰে মটৰ চাইকেলেৰে মাৰণাস্ত্ৰৰে সু-সজ্জ্বিত হৈ অসমত প্ৰৱেশ কৰা নগা যুৱকে প্ৰৱেশ কৰাৰ পাছৰে পৰা সীমান্তৱৰ্তী অসমীয়াসকল ভীতিগ্ৰস্ত হৈ পৰিছে৷ উল্লেখ্য, ২৮ নৱেম্বৰৰ আলফাৰ(স্বাঃ) ‘প্ৰতিবাদ দিৱস’ৰ প্ৰাকক্ষণত নিষিদ্ধঘোষিত সংগঠনটোৰ দুধৰ্ষ কেডাৰ গণেশ লাহনৰ নেতৃত্বত ১১জনীয়া এটা আলফাৰ দলে কূটাঘাটৰ উদ্দেশ্যে অসম-নাগালেণ্ড সীমান্তইদি অসমত প্ৰৱেশৰ সুযোগ বিচাৰি থকা বুলি চোৰাংচোৱাই সেনা-আৰক্ষীক দিয়া তথ্যৰ ভিত্তিত চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত সেনা-আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা বুলি দাবী জনোৱাৰ সময়তে শনিবাৰে সীমান্তৱৰ্তী অঞ্চলটোত হাতত মাৰণাস্ত্ৰ লৈ নগা যুৱকে অসমত প্ৰৱেশ কৰা ঘটনাই অসম চৰকাৰৰৰ নিৰাপত্তাৰ ফোঁপোলাস্বৰূপ ওলাই পৰা বুলি সীমান্তৱৰ্তী ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে৷ অসমৰ লোক নাগালেণ্ডত প্ৰৱেশ কৰাৰ বেলিকা নাগালেণ্ড পুলিচে তন্ন-তন্নকৈ তালাচী চলাই যদিও নগালোক অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কোনোধৰণৰ তালাচী বা পৰীক্ষা-নিৰীক্ষা নকৰাৰ বাবেই বিনাদ্বিধাই নগালোকে অসমত প্ৰৱেশৰ সুবিধা লাভ কৰাৰ সুবিধা পাইছে আৰু বিভিন্ন সময়ত নগা উগ্ৰপন্থীকে ধৰি বহুতো দাগী অপৰাধী অসমত প্ৰৱেশ কৰি ড্ৰাগ-গাঞ্জাৰ ব্যৱসায়, অপৰাধজনিত ঘটনা সংঘটিত কৰা বুলি সীমান্তবাসী ৰাইজে অভিযোগ কৰিছে৷  প্ৰাসংগিকভাৱে উল্লেখ্য, নিৰাপত্তা বাহিনীৰ চোৰাংচোৱাৰ হাতলৈ অহা তথ্য অনুসৰি, আলফাৰ এঘাৰজনীয়া দুধৰ্ষ কেডাৰৰ এটা দলে অত্যাধুনিক মাৰণাস্ত্ৰৰে সু-সজ্জিত হৈ অসম-নাগালেণ্ড সীমান্তয়েদি চৰাইদেউ জিলাত প্ৰৱেশ কৰি উজনি অসমৰ বিভিন্ন ঠাইত ২৮ নৱেম্বৰৰ প্ৰতিবাদী দিৱসৰ প্ৰাকক্ষণত কূটাঘাত সংঘটিত কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে৷ ম্যানমাৰৰ পৰা অহা আলফাৰ দলটোৱে ১৪ নৱেম্বৰত ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ১৬ নৱেম্বৰত নাগালেণ্ডৰ ৱামছা বস্তি আৰু পৰৱৰ্তী সময়ত লংছু বস্তিত বাহৰ পাতি অসমত প্ৰৱেশৰ বাবে সুযোগৰ অপেক্ষাত আছে৷ অত্যাধুনিক মাৰণাস্ত্ৰৰে সজ্জিত আলফাৰ (স্বাধীন) দলটোৱে আৰ পি জিৰ লগতে টি এন টিৰ দৰে শক্তিশালী বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা বুলি দাবী কৰা হৈছে৷ গণেশ লাহন ওৰফে গণেশ অসমৰ নেতৃত্বত অহা ১১ জনীয়া দলটোৰ অকণ গগৈ ওৰফে প্ৰদীপ অসম, ডিকম অসম, গজেন্দ্ৰ অসম, জ’ন সিং, অভিনৱ অসম আদি আলফাৰ সদস্যসকলে অসমত প্ৰৱেশৰ সুযোগ বিচাৰি আছে যদিও এইপৰ্যন্ত দুয়োখন ৰাজ্যৰ নিৰাপত্তাৰ বেহু ভেদি অসমত প্ৰৱেশ কৰিব পৰা নাই৷ এনেক্ষেত্ৰত নিষিদ্ধঘোষিত সংগঠনটোৱে নগা যুৱকক নিয়োগ কৰিও অসমত কূটাঘাতমূলক ঘটনা সংঘটিত কৰাৰ পূৰ্ণ অৱকাশ আছে৷ ইফালেদি, মাৰণাস্ত্ৰসহ অসমত প্ৰৱেশ নগা যুৱকজনৰ সন্ধানত সীমান্তৱৰ্তী অঞ্চলটোত সেনা-আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছে যদিও এইপৰ্যন্ত নগা যুৱকজনক আটক কৰাৰ তথ্য লাভ কৰা নাই৷ ঘটনাটোৰ ফলত সীমান্তৱৰ্তী অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে৷  আনহাতে, ২৮নৱেম্বৰৰ আলফাৰ প্ৰতিবাদী দিৱসৰ প্ৰতি লক্ষ্য ৰাখি চৰাইদেউ জিলা আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী নামতোলাকে ধৰি জিলাখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে৷