Logo
image

আন্দোলন চলিছিল, চলিছে আৰু চলিব : আকৌ 'কা' বিৰোধী আন্দোলনৰ হুংকাৰ আছুৰ

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ 'কা' বিৰোধী আন্দোলনৰ উকমুকনি৷ পুনৰ ৰাজপথত 'কা' বিৰোধী আন্দোলন হোৱাৰ সম্ভাৱনা৷ গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ পিছতে পুনৰ 'কা' আন্দোলনৰ হুংকাৰ দিছে সদৌ অসম ছাত্ৰ সন্থাই৷

অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্টকৈ কৈছে যে শীঘ্ৰে বলৱৎ হ'ব নাগৰিকত্ব সংশোধনী আইন৷  নাগৰিকত্ব সংশোধনী আইন এতিয়া বাস্তৱ আৰু 'কা' দেশৰ আইন৷ যিসকল লোকে 'কা' বলৱৎ নহয় বুলি ভাবিছে, তেওঁলোক ভুল৷ 'কা'ক লৈ জনতা বিভ্ৰান্ত হ'ব নালাগে বুলি কয় অমিত শ্বাহে৷ লগতে তেওঁ কয় যে ক'ভিডৰ বাবেহে 'কা' বলৱৎ হোৱাত পলম হৈছে৷ বৰ্তমান দেশত ক'ভিড পৰিস্থিতি উন্নত হোৱাত শীঘ্ৰে 'কা' কাৰ্যকৰী কৰাৰ বাবে কাম কৰা হ'ব৷

অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে পুনৰ 'কা' বিৰোধী আন্দোলনৰ হুংকাৰ দিছে আছুৱে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে 'কা' বিৰোধী আন্দোলন চলিছিল, চলিছে আৰু চলিব৷ নেছ'ৰ অধিৱেশনৰ পাছতে এই হুংকাৰ দিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷ লগতে তেওঁ কয় যে ক'ভিডৰ বাবেহে স্তিমিত হৈছিল 'কা' বিৰোধী আন্দোলন৷ পুনৰ চলিব 'কা' বিৰোধী আন্দোলন৷