Logo
image

কাজিৰঙাত নিয়ম ভাঙি কংগনাৰ শ্বুটিং, ক্ষোভ

ডিজিটেল ডেস্ক, ২৭ নৱেম্বৰ: বলীউডৰ মোহময়ী অভিনেত্ৰী কংগনা ৰাণাৱতৰ প্ৰযোজনাত কাজিৰঙাৰ বিভিন্ন প্ৰান্তত হিন্দী বোলছবি ইমাৰজেন্সীৰ দৃশ্যগ্ৰহণ বিগত এমাহৰ পৰা চলি আছে৷ দেশৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সময়ত অৰ্থাৎ ১৯৭৫-৭৭ চনলৈকে ভাৰতত জৰুৰীকালীন অৱস্থাৰ ওপৰত ভিত্তি কৰি হিন্দী বোলছবি ইমাৰজেন্সীৰ শ্বুটিঙক লৈ বিগত এমাহ দিন ধৰি বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱতে কাজিৰঙাৰ হংথুৰ পৰ্যটন নিৱাসত বাহৰ পাতি কাজিৰঙাৰ ভালুকজুৰী জলপ্ৰপাত, ধনশিৰি নদীৰ পাৰত তথা বোকাখাতৰ আমটেঙা বজাৰকে ধৰি বিভিন্ন লোকেচনত দৃশ্যগ্ৰহণ কৰি আছে৷ উল্লেখ্য, দুদিন পূৰ্বে এই ছবিখনৰ কাজিৰঙাত কৰা এক দৃশ্যগ্ৰহণক লৈ এতিয়া বিতৰ্ক সৃষ্টি হৈছে৷ জানিব পৰা মতে, কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনশ্ৰী পৰ্যটন নিৱাসত বিভাগীয় কোনো অনুমতি নোলোৱাকৈ অভিনেত্ৰী কংগনা ৰাণাৱতৰ তত্ত্বাৱধানত এটা দলে কেইবাঘণ্টা ধৰি উক্ত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হয়৷ উল্লেখ্য, ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী এসময়ত নিজ পিতৃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে কাজিৰঙাত উপস্থিত হৈ কাজিৰঙাৰ কহঁৰাত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনানী পৰ্যটন নিৱাসত ৰাত্ৰি যাপন কৰিছিল৷ অভিনেত্ৰী কংগনা ৰাণাৱতৰ দলটোৱে উক্ত বনানী পৰ্যটন নিৱাসৰ কাষত অৱস্থিত অসম পৰ্যটন বিভাগৰ বনশ্ৰী পৰ্যটন নিৱাসত বিভাগীয় কতৃৰ্পক্ষৰ কোনো অনুমতি নোলোৱাকৈ দৃশ্যগ্ৰহণ কৰাত এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে৷ অসম পৰ্যটন বিভাগৰ কাজিৰঙাস্থ উপ-সঞ্চালক বাথৌ কুংৰু বড়োৱে জানিবলৈ দিয়া মতে, স্থানীয় এজন যুৱকে উক্ত পৰ্যটন নিৱাসৰ কেইখনমান ফটো লোৱাৰ কথা কৈ কংগনা ৰাণাৱতৰ ইমাৰজেন্সী ছবিৰ দৃশ্যগ্ৰহণ কৰে৷ দলটোৱে বনশ্ৰী পৰ্যটন নিৱাসৰ সন্মুখত তেজপুৰ চাৰ্কিট হাউচ নামৰ এখন ফলক লগাই এই দৃশ্যগ্ৰহণ সম্পন্ন কৰিছিল৷ দলটোৱে তেজপুৰলৈ নোযোৱাকৈ কাজিৰঙাৰ কহঁৰাত থকা অসম পৰ্যটন বিভাগৰ বনশ্ৰী পৰ্যটন নিৱাসটোক তেজপুৰ চাৰ্কিট হাউচ বুলি দৃশ্যগ্ৰহণ কৰে৷ পৰ্যটন বিভাগৰ উপ-সঞ্চালকে আৰু জানিবলৈ দিয়া মতে, বিভাগীয় কতৃৰ্পক্ষৰ অনুমতি অবিহনে চৰকাৰী এটা পৰ্যটন নিৱাসত ছবিৰ শ্বুটিং কৰা তথা অসম পৰ্যটন বিভাগৰ বনশ্ৰী পৰ্যটন নিৱাসক তেজপুৰ চাৰ্কিট হাউচ বুলি মিছাকৈ দৃশ্যগ্ৰহণ কৰা ঘটনাটো তদন্ত কৰি থকা হৈছে আৰু বিভাগীয় উৰ্ধতম বিষয়াক ইতিমধ্যে কথাটো অৱগত কৰোৱা হৈছে৷  অন্যহাতে, শ্বুটিং কৰাৰ পাছত উক্ত পৰ্যটন নিৱাসৰ পৰা কেইপদমান সামগ্ৰী হৰণ- ভগন হৈছে বুলিও পৰ্যটন নিৱাসৰ কৰ্মচাৰী কমলেশ্বৰ শইকীয়াই অভিযোগ উত্থাপন কৰিছে৷ ইফালে ছবিখনৰ দৃশ্যগ্ৰহণ কৰা দলটোৰ সৈতে জড়িত থকা স্থানীয় স্বপন তামুলী নামৰ যুৱকজনে জানিবলৈ দিয়া মতে, উক্ত বিভাগৰ কৰ্মচাৰীৰ পৰা ছবিখনৰ শ্বুটিঙৰ বাবে মৌখিক অনুমতি লোৱা হৈছে বুলি মত প্ৰকাশ কৰে৷ উল্লেখ্য, উক্ত দিনা অসম পৰ্যটন বিভাগৰ কাজিৰঙাস্থ উপ-সঞ্চালকজন উপস্থিত নাছিল যদিও অনুমতি নোলোৱাকৈ এটা চৰকাৰী পৰ্যটন নিৱাসত কেইবাঘণ্টা ধৰি এখন হিন্দী বোলছবিৰ দৃশ্যগ্ৰহণ কৰি থকা অৱস্থাত সহকাৰী পৰ্যটন বিষয়া বা বনানী, বনশ্ৰী আদি পৰ্যটন নিৱাসৰ কৰ্মচাৰী ক’ত আছিল বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে৷

‘ফাইটাৰ’ৰ শ্বুটিং সামৰি তেজপুৰৰ পৰা উলটিল টীম কংগনা
তেজপুৰৰ বায়ু সেনা চৌহদত চলা বলিউডৰ ছবি ফাইটাৰৰ দৃশ্যগ্ৰহণৰ কাম অন্ত পৰিছে৷ সমাপ্ত হৈছে আঢ়ৈশ কোটি টকা ব্যয়েৰে নিৰ্মীয়মাণ ছবিখনৰ তেজপুৰত দৃশ্যগ্ৰহণৰ কাম যোৱা প্ৰায় ১০দিন ধৰি চলিছিল৷ উল্লেখ্য যে, আকাশ মাৰ্গত যুঁজাৰু বিমানৰ মুখামুখি যুদ্ধৰ কাহিনীৰে নিৰ্মিত দেশৰ প্ৰথমখন ছবি হিচাপে অভিহিত সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে যোৱা ১৪নৱেম্বৰত তেজপুৰত উপস্থিত হৈছিলহি ছবিখনত যুঁজাৰু বিমানৰ পাইলটৰ ভূমিকাত অৱতীৰ্ণ হোৱা নায়ক হৃত্বিক ৰোশন৷ ইয়াৰ দুদিন পাছতে ছবিখনৰ নায়িকা দীপিকা পাডুকন আৰু আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা বলিউডৰ বিখ্যাত অভিনেতা অনিল কাপুৰ ১৬ নৱেম্বৰত তেজপুৰত উপস্থিত হয়হি৷ ১৫ নৱেম্বৰৰ পৰাই দিনে নিশাই বিভিন্ন ভাগত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলে তেজপুৰৰ বায়ু সেনা ঘাটিত৷ অত্যাধুনিক যুদ্ধ বিমান ছুখই এমকে আই, হেলিকপ্টাৰ আদিৰ ব্যৱহাৰৰে দৃশ্যগ্ৰহণ কৰা হয় ছবিখনৰ৷ উল্লেখ্য যে, এই সময়চোৱাত তিনিওজন তাৰকাই বায়ু সেনা চৌহদৰ ভিআইপি অতিথিশালাতে থাকে৷ যোৱা দুদিন ছবিখনৰ কেতবোৰ দৃশ্যগ্ৰহণ কৰা হয় বায়ু সেনা চৌহদৰ আজাদ ফিল্ডত৷ উল্লেখ্য যে, আজি দুপৰীয়া দৃশ্যগ্ৰহণ শেষ হোৱাৰ পাছতে দুপৰীয়া প্ৰায় ১:১৫বজাত অভিনেতা অনিল কাপুৰ চৌহদতে থকা বায়ু সেনা স্কুলত উপস্থিত হয়হি৷ দুজন কমাণ্ডিং অফিচাৰৰ সৈতে অহা অভিনেতাজনে বিদ্যালয়খনৰ সকলো শিক্ষক, শিক্ষাৰ্থীক সাক্ষাৎ কৰাৰ লগতে গ্ৰন্থাগাৰ, শ্ৰেণীকোঠা দৰ্শন কৰি শিক্ষাৰ্থীসকলৰ আগত অনুপ্ৰেৰণামূলক বক্তব্য ৰাখে৷ বিশিষ্ট অভিনেতাজনৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰে৷ প্ৰায় ২০মিনিট সময় ইয়াত অতিবাহিত কৰে জ্যেষ্ঠ অভিনেতাজনে৷ ইপিনে, ফাইটাৰ ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হোৱাত অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকলৰ বাবে কাইলৈ আজাদ ফিল্ডত বায়ু সেনাই এক বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰিব৷ আনহাতে, ইয়াৰ পাছতে অভিনেতা-অভিনেত্ৰীসকল মুম্বাইলৈ উভতিব৷