Logo
image

কেজৰিৱালৰ ভৱিষ্যদ্বাণী : গুজৰাটত আম আদমী পাৰ্টীয়ে গঠন কৰিব চৰকাৰৰ

ডিজিটেল ডেস্ক : তিহাৰ জে'লত বন্দী দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ভিডিঅ' ভাইৰেলৰ প্ৰসংগ উল্লেখ কৰি বিজেপিক সমালোচনা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ৷ গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাই অৰবিন্দ কেজৰিৱালে কয় যে বিজেপি এতিয়া ভিডিঅ' বনোৱা কোম্পানীত পৰিণত হৈছে৷ লগতে কেজৰিৱালে কয় যে বিজেপিয়ে দিল্লীত প্ৰতিটো ৱাৰ্ডতে ভিডিঅ' দোকান খোলাৰ গেৰাণ্টী দিছে। এতিয়া দিল্লীৰ জনতাই সিদ্ধান্ত ল'ব তেওঁলোকে ভিডিঅ' নিৰ্মাণ কৰা কোম্পানী বিচাৰে নে চৰকাৰে ভালদৰে চলোৱা আৰু তেওঁলোকৰ সন্তানৰ ভৱিষ্যত গঢ়াৰ চৰকাৰ লাগে।

আনহাতে গুজৰাট নিৰ্বাচনক লৈ পুনৰ ভৱিষ্যদ্বাণী কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে৷ কেজৰিৱালে কয়, ''বহুলোকে কৈছে যে ৰাজনীতিত তেওঁৰ ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈছে। দিল্লীৰ নিৰ্বাচনত, মই কংগ্ৰেছক শূণ্যখন আসনৰ ভৱিষ্যদ্বাণী কৰিছিলো৷ সেয়া সঁচা প্ৰমাণিত হৈছে। মই পঞ্জাৱৰ বিষয়ে যি ভৱিষ্যদ্বাণী কৰিছিলো সেয়া শুদ্ধ আছিল। লগতে তেওঁ কয় যে আজি মই গুজৰাট নিৰ্বাচনক লৈ ভৱিষ্যদ্বাণী কৰিছোঁ। গুজৰাটত আম আদমী পাৰ্টিৰ চৰকাৰ গঠন হ'ব।" তদুপৰি গুজৰাটত আপৰ চৰকাৰ গঠন হ'লে ৩১ জানুৱাৰীৰ ভিতৰত পুৰণি পেঞ্চন আঁচনি ৰূপায়ণৰ বাবে জাননী জাৰি কৰা হ'ব বুলিও প্ৰতিশ্ৰতি দিয়ে অৰবিন্দ কেজৰিৱালে৷

উল্লেখ্য যে তিহাৰ জে'লত বন্দী দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কেনেকৈ পঞ্চতাৰকাযুক্ত হোটেলৰ সুবিধা পাইছে তাক লৈ প্ৰশ্ন উত্থাপন হৈ আহিছে৷ এইপৰ্যন্ত তিহাৰ জে'লত বন্দী দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ ৰাজ আতিথ্যৰ দুটা ভিডিঅ' ভাইৰেল হৈছে৷ ভিডিঅ' দুটাত দিল্লীৰ মন্ত্ৰীগৰাকীয়ে মালিচ লোৱাৰ লগতে সতেজ আহাৰ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে৷ তিহাৰ জে'লত দিল্লীৰ মন্ত্ৰী সত্যেন্দ্ৰ জৈনে কাৰ ছত্ৰছায়াত ৰাজসুখ লাভ কৰিছে তাক লৈ সমালোচনা সন্মুখীন হৈ আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজলৰিৱাল৷ ইফালে জে'লৰ ভিতৰৰ ভিডিঅ' কেনেকৈ ভাইৰেল হ'বলৈ পালে তাক লৈ প্ৰশ্ন অৰবিন্দ কেজৰিৱালৰ৷ জে'লৰ ভিতৰৰ ভিডিঅ' বিজেপিয়ে ভাইৰেল কৰা বুলি অভিযোগ উত্থাপন কৰি নিৰ্বাচনী প্ৰচাৰত বিজেপি ভিডিঅ' বনোৱা কোম্পানীত পৰিণত হৈছে বুলি সমালোচনা কৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে৷