Logo
image

মমতা বেনাৰ্জীক চেলেঞ্জ বিজেপিৰ : দম আছে যদি কৰি দেখুওৱাক...

ডিজিটেল ডেস্ক : নাগৰিকত্ব সংশোধনী আইনক লৈ পুনৰ বিতৰ্ক আৰম্ভ হৈছে৷ গৃহমন্ত্ৰী অমিত শ্বাহে শীঘ্ৰে 'কা' বলৱৎ হ'ব বুলি কোৱাৰ পাছত পুনৰ আন্দোলনৰ উকমুকনি উঠিছে৷ শেহতীয়াকৈ পশ্চিম বংগৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়ে ৰাজ্যখনত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ'ব বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক প্ৰত্যাহ্বান জনাইছে৷ মমতা বেনাৰ্জীক 'কা' কাৰ্যকৰী হোৱাত বাধা দিবলৈ প্ৰত্যাহ্বান জনাইছে সুভেন্দু অধিকাৰীয়ে৷

ইফালে নন্দীগ্ৰামৰ বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক উদ্দেশ্যি কয় যে 'কা'ৰ সন্দৰ্ভত কেইবাবাৰো আলোচনা কৰা হৈছে। পশ্চিমবংগত 'কা' কাৰ্যকৰী কৰা হ'ব। যদি আপোনাৰ সাহস আছে, তেন্তে ইয়াক কাৰ্যকৰী হোৱাত বাধা দিয়ক। 'কা' জৰিয়তে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান সম্প্ৰদায়ৰ প্ৰব্ৰজনকাৰীসকলক নাগৰিকত্ব প্ৰদান কৰাত সহায় কৰে৷ যিহেতু নাগৰিকত্ব সংশোধনী আইনক লৈ এতিয়ালৈকে নিয়ম চৰকাৰে প্ৰস্তুত কৰা নাই, সেয়ে বৰ্তমানে ইয়াৰ অধীনত কোনো লোকক নাগৰিকত্ব প্ৰদান কৰিব নোৱাৰি।

উল্লেখ্য যে অলপতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্পষ্টকৈ কৈছে যে শীঘ্ৰে বলৱৎ হ'ব নাগৰিকত্ব সংশোধনী আইন৷ নাগৰিকত্ব সংশোধনী আইন এতিয়া বাস্তৱ আৰু 'কা' দেশৰ আইন৷ যিসকল লোকে 'কা' বলৱৎ নহয় বুলি ভাবিছে, তেওঁলোক ভুল৷ 'কা'ক লৈ জনতা বিভ্ৰান্ত হ'ব নালাগে বুলি কয় অমিত শ্বাহে৷ লগতে তেওঁ কয় যে ক'ভিডৰ বাবেহে 'কা' বলৱৎ হোৱাত পলম হৈছে৷ বৰ্তমান দেশত ক'ভিড পৰিস্থিতি উন্নত হোৱাত শীঘ্ৰে 'কা' কাৰ্যকৰী কৰাৰ বাবে কাম কৰা হ'ব৷ অমিত শ্বাহৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশতে আকৌ এবাৰ 'কা' বিৰোধী আন্দোলনৰ উকমুকনি দেখিবলৈ পোৱা গৈছে৷