Logo
image

বিশ্ববিদ্যালয়ত ৰেগিং : প্ৰাক্তন ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত প্ৰথম ষান্মাসিকৰ ছাত্ৰ

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পুনৰ ৰেগিঙৰ ঘটনা।  এজন ছাত্ৰক ওৰে নিশা প্ৰহাৰ কৰিলে জ্যেষ্ঠ ছাত্ৰই। অতি সংকটজনক অৱস্থান এম কমৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মা বৰ্তমান আদিত্য নাছিং হোমৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে। পি এন জি বি ছাত্ৰাবাসত ৰেগিঙৰ নামত ওৰেনিশা মাৰপিট কৰি হাত-ভৰি ভাঙি দিয়াৰ অভিযোগ আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীৰ। পৰিয়ালৰ লোকে জনোৱা অনুসৰি ছাত্ৰজনৰ দুয়োখন হাতৰ লগতে ভৰি আৰু ককাল ভাগিছে।  ওৰে নিশা ৰেগিঙৰ নামৰ মাৰপিট কৰি অভিযোগ নিদিবৰ বাবে মদৰ বটল, ভাং হাতত দি জ্যেষ্ঠ ছাত্ৰকেইজনে ফটো তুলি ৰখা বুলিও অভিযোগ তুলিছে পৰিয়ালে। আজি পুৱা ছাত্ৰজনক আদিত্য নাছিংহোমৰ আই চি ইউত ভৰ্তি কৰোৱা হয়৷ আনহাতে স্নানাগাৰত পৰিহে ছাত্ৰজনে দুখ পোৱা বুলি পৰিয়ালৰ লোকক জনাইছে হোষ্টেলৰ আৱাসীয়ে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰৰ নাম ৰেগিঙৰ ঘটনাৰে সাঙোৰ খাইছে। বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰই কেনেকৈ নিশা হোষ্টেলত থাকি ৰেগিং কাণ্ড সংঘটিত কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সভাপতি পাৰ্থ সাৰথি গগৈয়ে। লগতে ঘটনাৰ উচিত তদন্ত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনাইছে  ছাত্ৰ একতা সভাৰ লগতে পৰিয়ালৰ লোকে ।