Logo
image

পথ মুকলি, সমাধানৰ পথ মুকলি নহ’ল

আমাৰ অসম, ২৮ নৱেম্বৰঃ সম্পূৰ্ণ ৬টা দিনৰ অন্তত খোল খালে অসম-মেঘালয়ৰ প্ৰৱেশ পথ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ মুক্ৰত মঙলবাৰে পুৱা হোৱা সংঘৰ্ষৰ পাছতেই মেঘালয়লৈ অসমৰ পৰা যান-বাহন তথা পৰ্যটকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও অৱশেষত দেওবাৰৰে পৰা সকলো নিষেধাজ্ঞা উঠাই লয় অসম চৰকাৰে৷ নিৰাপত্তাজনিত কাৰণত দেওবাৰে মেঘালয়ৰ সাতখন জিলাত মোবাইল ডাটা তথা ইণ্টাৰনেট সেৱা বন্ধ আছে যদিও কোনো সুৰক্ষামূলক ব্যৱস্থাৰ অবিহনেই দিনৰ ১২ বজাৰ পৰা চুবুৰীয়া ৰাজ্যখনলৈ যাতায়াতৰ পথ মুকলি কৰি দিয়ে অসম চৰকাৰে৷ লক্ষণীয় বিষয়টো হৈছে, মেঘালয়ৰ প্ৰৱেশ পথ   ছদিনৰ মূৰত খুলি দিলেও সীমান্তৰ সংঘৰ্ষৰ কোনো সমাধান নোহোৱাকৈ পথ কিন্তু মুকলি কৰি দিলে৷ অৰ্থাৎ চলিত সপ্তাহৰ মঙলবাৰে বিশেষকৈ গুৱাহাটীৰ যোৰাবাট আৰু বৰাকৰ দীঘৰখালত প্ৰশাসনে বন্ধ কৰি ৰখা মেঘালয় সীমান্তৰ প্ৰৱেশ পথ খুলি দিয়াৰ পাছত অসমৰ বাহন তথা পৰ্যটকে নিজৰ সুৰক্ষাৰ নিজেই মূৰ পাতি লৈ দুৰ্বৃত্তৰ আক্ৰমণৰ আশংকাৰ মাজেৰে মেঘালয়ৰ ৰাজপথেৰে গন্তব্য স্থানলৈ ৰাওনা হৈছে৷ মেঘালয় আৰক্ষীয়ে ৰাজপথত নিৰাপত্তাৰ প্ৰতিশ্ৰুতি দিলেও কোন সময়ত মেঘালয়ৰ দুবৃৰ্ত্ত তথা উন্মত্ত লোকে অসমৰ বাহন তথা যাত্ৰীৰ ওপৰত আক্ৰমণ চলাই তাৰ যেন কোনো নি(য়তা নাই৷ কিয়নো মুক্ৰৰ সংঘৰ্ষত অসম আৰক্ষী তথা বনৰক্ষীৰ গুলীত মেঘালয়ৰ পাঁচজন দুবৃৰ্ত্তৰ মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিবাদত একাংশ উন্মত্ত লোকে শ্বিলঙত অসমৰ বাহনত অগ্নি সংযোগ কৰাতে ক্ষান্ত নাথাকি অসমৰ যাত্ৰী তথা পৰ্যটককো বেয়াকৈ মাৰধৰ কৰিছে৷ আনকি উন্মত্ত প্ৰতিবাদকাৰীয়ে শ্বিলঙত আৰক্ষী তথা চি আৰ পি এফৰ বাহনলৈ লক্ষ্য কৰি পেট্ৰ’ল বোমা নিক্ষেপ কৰাৰ লগতে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বাসভৱন ঘেৰাও কৰিও প্ৰতিবাদ সাব্যস্ত কৰিছে৷ তদুপৰি সীমান্তৰ ঘটনাৰ ন্যায়ৰ দাবীত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি জ্বলাই শুকুৰবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল মেঘালয়ৰ কেইবাটাও ছাত্ৰ সংগঠনে৷ খোদ অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি মেঘালয়ৰ ছাত্ৰ সংগঠনে শ্বিলঙৰ ৰাজপথত ক্ষোভ ব্যক্ত কৰাৰ এদিনৰ পাছতেই কোনো সুৰক্ষামূলক ব্যৱস্থাৰ অবিহনে  অসমৰ পৰা বাহন তথা পৰ্যটকৰ বাবে চুবুৰীয়া ৰাজ্যখনলৈ যোৱা সকলো প্ৰৱেশ পথ মুকলি কৰি দিয়ে৷ এক কথাত মেঘালয়ৰ উন্মত্ত লোকৰ হিংসাত্মক প্ৰতিবাদ দেখিও জীৱনৰ নিৰাপত্তা বন্ধকত থৈ যেন অসমৰ পঞ্জীয়নভুক্ত বাহনৰ চলাচলত আৰম্ভ হয়৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, মঙলবাৰে পুৱা অসম আৰক্ষী আৰু বনৰক্ষীৰ দলে চোৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাত দুবৃৰ্ত্ত তথা মেঘালয়ৰ উন্মত্ত লোকে আক্ৰমণ চলোৱাত অসম আৰক্ষীৰ গুলীত ছয় জন লোকৰ মৃত্যু হৈছিল৷ এই ঘটনাত অসমৰ বিদ্যাছিং লেকথে নামৰ বনৰক্ষীজনো শ্বহীদ হৈছিল৷ নিজৰ প্ৰাণ ৰক্ষাৰ বাবে অসম আৰক্ষী আৰু বনৰক্ষীৰ দলটোৱে গুলী চলাবলৈ বাধ্য হৈছিল যদিও কোনো তদন্ত অবিহনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীকে ওলোটাই গুলীচালনাৰ বাবে জগৰীয়া কৰিছিল৷ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংঘৰ্ষৰ ঘটনাৰ চি বি আইৰ তদন্ত ঘোষণা কৰাৰ লগতে আক্ৰমণকাৰী মৃত মেঘালয়ৰ পাঁচ দুবৃৰ্ত্তৰ পৰিয়ালকো পাঁচ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছিল৷ অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ওপৰত কাৰ্যতঃ আত্মসমৰ্পণ কৰিলেও ইয়াৰ পাছতো ক্ষুব্ধ কনৰাড চাংমাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অসম চৰকাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল৷ তদুপৰি মেঘালয় চৰকাৰে অসম আৰক্ষী তথা বনৰক্ষীৰ বিৰুদ্ধে ৫ জন লোকক গুলীয়াই হত্যা কৰা ঘটনাক মানৱ অধিকাৰ উলংঘনৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকো অভিযোগ দিছিল৷ কিন্তু ইমানৰ পাছতো সীমান্তৰ ঘটনাক লৈ ক্ষোভ উপশম ঘটা নাছিল মেঘালয়বাসীৰ৷ মেঘালয় চৰকাৰৰ এই তাৎক্ষণিক পদক্ষেপৰ পাছতো সীমান্তৰ ঘটনাৰ ন্যায়ৰ দাবীত মেঘালয়ৰ কেইবাটাও ছাত্ৰ-যুৱ সংগঠনে ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উদণ্ড প্ৰতিবাদকাৰীয়ে অসমৰ বাহন আৰু যাত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মৃত পাঁচ দুবৃৰ্ত্তৰ পৰিয়ালক পাঁচ লাখ টকাকৈ ক্ষতিপূৰণ ঘোষণা কৰিছিল যদিও অসম চৰকাৰৰ উক্ত ক্ষতিপূৰণ ল’বলৈ অস্বীকাৰ কৰি ক্ষোভ ব্যক্ত কৰিছে মৃত লোককেইজনৰ পৰিয়ালে৷ কিন্তু মেঘালয়বাসীৰ এনে ক্ষোভ দেখিও অসম চৰকাৰে সংঘৰ্ষৰ ঘটনাৰ কোনো সমাধান সূত্ৰ নোলোৱাকৈ সীমান্তৰ পথ মুকলি কৰি দিয়াত অসমৰ বাহন তথা পৰ্যটকক অনাকাংক্ষিত বিপদৰ মুখলৈ ঠেলি দিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ মেঘালয়ৰ দুবৃৰ্ত্তই যদিহে অসমৰ বাহনৰ ওপৰত পূৰ্বৰ দৰে আক্ৰমণৰ চেষ্টা চলাই তেনেহ’লে  ইয়াৰ দায়িত্ব কোনে ল’ব বুলিও চৰ্চা লাভ কৰিছে৷ ইফালে ২৯ নৱেম্বৰত বৰাকত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকৰ পৰিপ্ৰেক্ষিততেই দিছপুৰে ততাতৈয়াকৈ মেঘালয়মুখী প্ৰৱেশ পথ মুকলি কৰি দিয়া বুলি অভিযোগ উঠিছে৷ শিলচৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশেষ বিমানেৰে যাব যদিও আন মন্ত্ৰী আৰু আমোলা-বিষয়াসকল মেঘালয়ৰ মাজেৰে স্থলপথেৰে যাব লাগিব৷ মন্ত্ৰী তথা আমোলা-বিষয়াসকলৰ যাতায়াত সুচল স্বাৰ্থতেই কোনো সুৰক্ষামূলক ব্যৱস্থাৰ অবিহনেই অসমৰ বাহন তথা যাত্ৰীৰ বাবে দেওবাৰৰ পৰা মেঘালয়ৰ প্ৰৱেশ পথ মুকলি কৰি দিয়া বুলিহে বিৰোধীয়ে অভিযোগ কৰিছে৷

মেঘালয়ৰ হিংসাত জড়িত ব্যক্তিয়ে শাস্তি পাবইঃ নোমল মমিন

 অসম মেঘালয়ৰ সীমান্তবৰ্তী এলেকা মুক্ৰ’ত সংঘটিত হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ নোমল মমিনে৷ বকলীয়াঘাটত সাংবাদিকৰে হোৱা এক বাৰ্তালাপত উপাধ্যক্ষজনে উক্ত ঘটনা কাঠ চোৰ সংক্ৰান্তত সংঘটিত হোৱা বুলি মন্তব্য কৰিছে ৷ তেও কয় যে, ঘটনাটো দুৰ্ভাগ্যজনক৷ যিসকলে উক্ত ঘটনাটো সংঘটিত কৰিলে তেওলোকে আইনমতে শাস্তি পাব৷ মেঘালয় এখন জনজাতীয় ৰাজ্য৷ ঠিক সেইদৰে কাৰ্বি আংলঙো এখন জনজাতীয় জিলা৷ দুয়ো পক্ষই আলোচনাত বহি শান্তিৰ পৰিৱেশ আনিব লাগিব৷ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মুক্ৰ’ত সংঘটিত ঘটনাৰ চি বি আই আৰু নিয়াৰ দ্বাৰা তদন্তৰ বাৱে পত্ৰ প্ৰেৰণ কৰিছে৷ দোষীয়ে শাস্তি পাবই ৷ ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ অব্যাহত ৰাখিছে৷ শীঘ্ৰে দুয়োগৰাকী মুখ্যমন্ত্ৰীৰে বৈঠক অনুষ্ঠিত হব বুলি তেও মন্তব্য কৰে৷ কাৰ্বি আংলঙৰ ব্যৱসায়ীসকলৰ জ্বলন্ত সমস্যা ট্ৰেডিং লাইচেঞ্চক লৈ উপাধ্যক্ষই কয় যে,কাৰ্বি আংলংঙৰ ব্যৱসায়ী সকলে এটা ভাল পৰিৱেশৰ মাজেদি ব্যৱসায় কৰিব পাৰিব লাগিব৷ ঠিক সেইদৰে পৰিষদেও ব্যৱসায়ী সকলৰ পৰা যি কৰ ধাৰ্য কৰিছে সেয়া পাব লাগিব৷ আলাপ-আলোচনাৰ মাজেৰে সমস্যাটো সামাধান হ’ব বুলি তেও মন্তব্য কৰে৷ উল্লেখ্য, ট্ৰেডিং লাইচেঞ্চৰ নামত পৰিষদে অধিক কৰ ধাৰ্য কৰাত কিছুদিনৰ আগতে বোকাজানত ব্যৱসায়ীসকলে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি  কৰিছিল৷ আগন্তুক লোকসভা নিৰ্বাচনত উপাধ্যক্ষ গৰাকীয়ে প্ৰাৰ্থীত্ব পাব নেকি বুল সোধা প্ৰশ্নৰ উত্তৰত তেও কয় যে,ভাৰতীয় জনতা পাৰ্টীত দেশ প্ৰথম৷ তাৰ পিছতে দল৷ পৃথিবীৰ সৰ্ববৃহৎ দলটোত টিকট কোনে পাব, কোনে নাপাব সেয়া মূল কথা নহয়৷ দেশ সেৱাৰ জড়িয়তে দলক শক্তিশালী কৰাটোহে প্ৰকৃত বিজেপি কৰ্মীয়ে মনোনিৱেশ কৰে বুলি মন্তব্য কৰে৷