Logo
image

বিষম অৱস্থা চৰকাৰী স্কুলৰ! উৎসৱ-দিৱস-উদ্‌যাপনৰ প্ৰকোপত ৮ মাহত ৪০ দিনহে পাঠদান

আমাৰ অসম, ২৮ নৱেম্বৰঃ উৎসৱ-পাৰ্বন, দিৱস তথা চৰকাৰী বিশেষ কাৰ্যসূচী উদ্‌যাপনৰ নামত প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে বিষম ফল ভোগ কৰিবলগীয়া হৈছে৷ কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যসূচী ফুলকুমলীয়া শিক্ষাৰ্থীসকলৰ ওপৰত এককথাত বোজাৰ দৰে জাপি দিয়াৰ পৰিণতিত শিক্ষাগ্ৰহণৰ গুৰুত্বপূৰ্ণ সোণোৱালী সময়খিনি যেন অথলে গৈছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও চলিত শিক্ষাবৰ্ষৰ এপ্ৰিলৰ পৰা চলিত নৱেম্বৰ পৰ্যন্ত ১৪০ দিনীয়া শ্ৰেণী দিনৰ বিপৰীতে এনে উৎসৱ-দিৱস উদ্‌যাপনৰ নামত নূ্যনতম ৪০ দিনৰ  পাঠ্যক্ৰমৰো পাঠদান হোৱা নাই৷ আ(ৰ্যজনকভাৱে শিক্ষা বিভাগৰ শৈক্ষিক দিনপঞ্জীৰ বাহিৰত ঘৰে ঘৰে জাতীয় পতাকা তথা অমৃত মহোৎসৱৰ পৰা আৰম্ভ কৰি লাচিত জয়ন্তীৰ দৰে কাৰ্যসূচী উদ্‌যাপনৰ নামতেই ৫০ দিন ধৰি পাঠদান বন্ধ ৰাখি অবাবত নষ্ট কৰিবলগীয়া হৈছে সময়৷ শিক্ষাদান প্ৰক্ৰিয়া হৈছে দুটা স্তৰৰ৷ এটা পঢ়িবলৈ শিকা আৰু আনটো শিকাৰ বাবে পঢ়া৷ প্ৰাথমিক বিদ্যালয়ৰ স্তৰ হৈছে পঢ়িবলৈ শিকা স্তৰ৷ পঢ়িবলৈ শিকিব লোৱা শিশু সকলক পাঠভিত্তিক ক্ৰম ৰক্ষা কৰি পাঠদান কৰিব নোৱাৰিলে কেৱল শিক্ষকৰ মূল্যায়নে শিক্ষাৰ্থীক প্ৰকৃত শিক্ষা দিব নোৱাৰে৷ স্বাভাৱিকতেই এতিয়া চৰকাৰৰ এনে অদূৰদৰ্শী চিন্তাক প্ৰত্যাহ৩ান জনাই যিকোনো দিৱস উদ্‌যাপনৰ বাবে দিৱসৰ আগে পাছে নিৰ্ধাৰণ কৰা অতিৰিক্ত কাৰ্যসূচীসমূহৰ পৰা প্ৰাথমিক বিদ্যালয়সমূহক ৰেহাই দিয়াৰ দাবী জনাই অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে শিক্ষামন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰিবলৈ বাধ্য হৈছে৷ দেওবাৰে শিক্ষামন্ত্ৰীলৈ প্ৰেৰণ কৰা সন্মিলনীৰ সভাপতি অখিল চন্দ্ৰ নাথ আৰু প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে স্বাক্ষৰ কৰা স্মাৰক-পত্ৰখনত উল্লেখ কৰা মতে চলিত শিক্ষা বৰ্ষ আৰম্ভ হৈছে এক এপ্ৰিলৰ পৰা৷ এছচিআৰটিৰ পৰা প্ৰকাশিত শৈক্ষিক দিনপঞ্জী অনুসৰি এপ্ৰিলৰ পৰা নৱেম্বৰ মাহলৈ মুঠ ১৪০ দিন শ্ৰেণী দিন ৰূপে নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰ বিপৰীতে ১৪০ দিনৰ ভিতৰত ২৩ দিন ভিন্ন দিৱস উদ্‌যাপনৰ দিন৷ চলিত শিক্ষাবৰ্ষৰ আৰম্ভণিতে আয়োজিত গুণোৎসৱ আৰু বানপানীৰ বাবে জুন মাহৰ প্ৰথম ভাগলৈ বিদ্যালয়সমূহত নিৰ্বাচিত পাঠ্যক্ৰমভিত্তিক পাঠদান প্ৰকৃতাৰ্থত হোৱা নাই৷ গুণোৎসৱৰ বাবে প্ৰস্তুতি আৰু প্ৰশিক্ষণ আদিসহ সাত দিন, শক্তি সঞ্চয়ৰ ৰাষ্ট্ৰীয় সজাগতা দিৱস, স্বচ্ছ পষেকৰ দিন ভিত্তিত নিৰ্ধাৰিত কাৰ্যসূচী, আজাদী কা অমৃত মহোৎসৱৰ ৩-১৫ আগষ্টলৈ নিৰ্ধাৰণ কৰা ভিন্ন কাৰ্যসূচী, ঘৰে ঘৰে জাতীয় পতাকা, পোষণ মাহৰ বাবে নিৰ্ধাৰণ কৰা কাৰ্যসূচী, লাচিত বৰফুকন জয়ন্তীৰ বাবে নিৰ্ধাৰণ কৰা কাৰ্যসূচী আদিৰ বাবে উদ্‌যাপন কৰিব লগা দিনৰ সংখ্যাই পঞ্চাশৰ ঘৰ অতিক্ৰম কৰিছে৷ অৰ্থাৎ দিনপঞ্জী আৰু দিনপঞ্জীৰ উপৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ সিদ্ধান্তত উদ্‌যাপন হোৱা দিনৰ সংখ্যা প্ৰায় পয়সত্তৰ দিন হৈছে৷ ইয়াৰোপৰি এফ এল এন, গুৰু শালা আৰু অন্যান্য অনলাইন প্ৰশিক্ষণ, বন্ধু বিদ্যালয়ৰ পাঠদান, বেংকৰ লেন-দেনৰ প্ৰশিক্ষণ, ইউ-ডাইচ পূৰ্ণ কৰাৰ প্ৰশিক্ষণ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰশিক্ষণ, গুণোৎসৱৰ ফলাফল মূল্যায়নৰ পৰ্যালোচনা আদি ভিন্ন দিৱস, প্ৰশিক্ষণ আৰু সভাৰ ফলত চলিত শিক্ষা বৰ্ষৰ মূল পাঠৰ পাঠদান প্ৰক্ৰিয়া প্ৰকৃতাৰ্থত হোৱা নাই৷ বিহু, পূজা, ঈদ, আদি উৎসৱ সমূহৰ আগ আৰু পিছদিনাও শিক্ষাৰ্থীৰ উপস্থিতিয়ে শৈক্ষিক ক্ৰম আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি কৰে৷ আনহাতে শিক্ষকসকলে উৎসৱ উদ্‌যাপনৰ সমান্তৰালকৈ অনলাইনত বিভাগীয় তথ্য আপলোডৰ কামত ঘণ্টাৰ পাছত ঘণ্টা পাৰ কৰিব লগা পৰিস্থিতিয়ে পাঠ্যক্ৰমৰ আধাৰত পাঠদান আগবঢ়াই নিয়াটো কোনো বিদ্যালয়ৰ বাবেই সম্ভৱ হোৱা নাই৷ সেয়ে পঢ়িবলৈ শিকিবৰ বাবে প্ৰাথমিক বিদ্যালয়লৈ অহা শিক্ষাৰ্থীসকলক দিৱস-অনুষ্ঠান উদ্‌যাপনৰ আগে-পিছে পালন কৰিবলৈ দিয়া ভিন্ন কাৰ্যসূচীসমূহৰ পৰা ৰেহাই দি পাঠ্যক্ৰমৰ ভিত্তিত পাঠদানৰ সুযোগ প্ৰদানৰ চিন্তা কৰাৰ বাবে শিক্ষামন্ত্ৰী তথা চৰকাৰক আৱেদন জনাইছে প্ৰাথমিক শিক্ষক সমাজে৷