Logo
image

তেজপুৰত হূত্বিক, অনিল কাপুৰক বায়ুসেনাৰ সম্বৰ্ধনা

আমাৰ অসম, ২৮ নৱেম্বৰঃ ১৬ নৱেম্বৰৰ পৰা তেজপুৰৰ বায়ু সেনাৰ ঘাটিত চলি থকা আকাশী যুদ্ধৰ অন্ত পৰিল৷ কিন্তু এয়া আচল যুদ্ধ নহয়৷ এখন বলিউডৰ ছবিৰ হে ছুটিং৷ আজি তেজপুৰৰ বায়ু সেনাৰ ঘাটিত ছুটিং শেষ কৰি যোৱাৰ প্ৰাক্‌ক্ষণত বলিউডৰ দুই বিখ্যাত অভিনেতাক বায়ু সেনাৰ পৰিয়ালৰ তৰফৰ পৰা বিপুল অভিনন্দন জ্ঞাপন কৰে৷ তেজপুৰৰ বায়ু সেনা চৌহদত চলা বলিউডৰ ছবি ফাইটাৰৰ দৃশ্যগ্ৰহণৰ কাম অন্ত পৰিছে৷ আঢ়ৈশ কোটি টকা ব্যয়ৰে নিৰ্মীয়মাণ ছবিখনৰ তেজপুৰত দৃশ্যগ্ৰহণৰ কাম যোৱা প্ৰায় ১০দিন ধৰি চলিছিল৷ উল্লেখ্য যে, আকাশমাৰ্গত যুঁজাৰু বিমানৰ মুখামুখি যুদ্ধৰ কাহিনীৰে নিৰ্মিত দেশৰ প্ৰথমখন ছবি হিচাপে অভিহিত সিদ্ধাৰ্থ আনন্দ পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে ১৪নৱেম্বৰত তেজপুৰত উপস্থিত হৈছিলহি ছবিখনত যুঁজাৰু বিমানৰ পাইলটৰ ভূমিকাত অৱতীৰ্ণ হোৱা নায়ক হৃত্বিক ৰোশন৷ ইয়াৰ দুদিন পাছতে ছবিখনৰ নায়িকা দীপিকা পাডুকন আৰু আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা বলিউডৰ বিখ্যাত অভিনেতা অনিল কাপুৰ ১৬ নৱেম্বৰত তেজপুৰত উপস্থিত হয়হি৷ ১৫ নৱেম্বৰৰ পৰাই দিনে-নিশাই বিভিন্ন ভাগত ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলে তেজপুৰৰ বায়ু সেনা ঘাটিত৷ অত্যাধুনিক যুদ্ধ বিমান ছুখই এমকে আই, হেলিকপ্টাৰ আদিৰ ব্যৱহাৰেৰে দৃশ্যগ্ৰহণ কৰা হয় ছবিখনৰ৷ উল্লেখ্য যে, এই সময়চোৱাত তিনিওজন তাৰকাই বায়ু সেনা চৌহদৰ ভিআইপি অতিথিশালাতে থাকে৷ যোৱা দুদিন ছবিখনৰ কেতবোৰ দৃশ্যগ্ৰহণ কৰা হয় বায়ু সেনা চৌহদৰ আজাদ ফিল্ডত৷ উল্লেখ্য যে, আজি দুপৰীয়া দৃশ্যগ্ৰহণ শেষ হোৱাৰ পাছতে দুপৰীয়া প্ৰায় ১-১৫বজাত অভিনেতা অনিল কাপুৰ চৌহদতে থকা বায়ু সেনা স্কুলত উপস্থিত হয়হি৷ দুজন কমাণ্ডিং অফিচাৰৰ সৈতে অহা অভিনেতাজনে বিদ্যালয়খনৰ সকলো শিক্ষক, শিক্ষাৰ্থীক সাক্ষাৎ কৰাৰ লগতে গ্ৰন্থাগাৰ, শ্ৰেণীকোঠাত দৰ্শন কৰি শিক্ষাৰ্থীসকলৰ আগত অনুপ্ৰেৰণামূলক বক্তব্য ৰাখে৷ বিশিষ্ট অভিনেতাজনৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰে৷ প্ৰায় ২০মিনিট সময় ইয়াত অতিবাহিত কৰে জ্যেষ্ঠ অভিনেতাজনে৷