Logo
image

গণতন্ত্ৰ দিৱসত মিছৰৰ ৰাষ্ট্ৰপতি হ’ব ৰাজঅতিথি

আমাৰ অসম, ২৮ নৱেম্বৰঃ এইবাৰৰ গণতন্ত্ৰ দিৱসত ভাৰতৰ বিদেশী ৰাজঅতিথি হিচাপে নতুন দিল্লীত উপস্থিত থাকিব মিছৰৰ ৰাষ্ট্ৰপতি  ফাট্টাহ আল ছিছি৷ ক’ভিড অতিমাৰীৰ  বাবে বিগত  দুবছৰ ভাৰতৰ গণতন্ত্ৰ দিৱসত কোনো বিদেশী ৰাষ্ট্ৰপ্ৰধান অতিথি হিচাপে উপস্থিত থকা নাছিল৷ অৱশ্যে বিগত বছৰ ভাৰতে ব্ৰিটেইনৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনক আমন্ত্ৰণ জনাইছিল যদিও শেষমুহূৰ্তত তেওঁ ভাৰত ভ্ৰমণ বাতিল কৰে৷  ব্ৰিটেইনত ক’ভিড মহামাৰীয়ে অতি জটিল পৰিস্থিতি সৃষ্টি কৰাৰ বাবেই বৰিছ জনছনে ভাৰতৰ আমন্ত্ৰণ ৰক্ষা কৰাৰ পৰা বিৰত থাকে৷ চ্ছ জানুৱাৰী অৰ্থাৎ ভাৰতৰ গণতন্ত্ৰ দিৱসত বিদেশী ৰাষ্ট্ৰপ্ৰধানক আমন্ত্ৰণ জনোৱাটো পৰম্পৰা হিচাপে চলি আহিছে৷ ২০১৫ চনত আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাক আৰু ২০১৬ চনত তেতিয়াৰ ফৰাচী ৰাষ্ট্ৰপতি ফ্ৰাঁছোৱা ওলাঁডক আমন্ত্ৰণ জনোৱা হৈছিল৷ এইবাৰ সেই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে মিছৰৰ ৰাষ্ট্ৰপতিক৷ ফাট্টাহ আল ছিছি ২০১৪ চনৰ  পৰা মিছৰৰ ৰাষ্ট্ৰপতি হৈ আছে৷  মিছৰ হৈছে আফ্ৰিকা মহাদেশৰ দ্বিতীয় বৃহত্তম অৰ্থনীতিৰ দেশ৷ চলিত বছৰত ভাৰত আৰু মিছৰে  উভয় দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫সংখ্যক বাৰ্ষিকী উদ্‌যাপন কৰিছে৷ উল্লেখ্য ভাৰতৰ গণতন্ত্ৰ দিৱসৰ অনুষ্ঠান নতুন দিল্লীৰ প্ৰখ্যাত ৰাজপথত আয়োজন কৰা হয় আৰু সেই অনুষ্ঠানত ভাৰতে নিজৰ সামৰিক শক্তি প্ৰদৰ্শন কৰাৰ লগতে প্ৰত্যেকখন ৰাজ্যৰ কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰে৷