Logo
image

পুনৰ ৮০০ কোটি টকাৰ ঋণ ল’ব চৰকাৰে

আমাৰ অসম, ২৮ নৱেম্বৰঃ কোটি কোটি টকা ব্যয় কৰি দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত তিনিদিনীয়াকৈ অতি লাহ-বিলাহেৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদ্‌যাপন কৰিলেও অসম চৰকাৰে এতিয়াও অৰ্থ সংকটৰ পৰা মূৰ দাঙি উঠিব পৰা নাই৷ এক কথাত দিছপুৰ এই মুহূৰ্তত ধাৰ-ঋণত যেন ককবকাই থাকিবলগীয়া হৈছে৷ হিতাধিকাৰী আঁচনিয়ে সাধাৰণ ৰাইজক সন্তুষ্ট কৰি ৰখা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে ঋণ   লৈ লৈ যেন তৎ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ বাবে ৰাজহ ঘাটি জোৰা মৰাৰ স্বাৰ্থত বিগত পহিলা নৱেম্বৰত ৮০০ কোটি টকাৰ ষ্টক নিলাম কৰি ঋণ লোৱাৰ পাছত এইবাৰ পুনৰ আৰু ৮০০ কোটি টকাৰ ষ্টক নিলামেৰে ধাৰ লোৱাৰ বাবে নিবিদাৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ২৯ নৱেম্বৰত ১০ বছৰৰ বাবে ষ্টক নিলাম কৰি ৮০০ কোটি টকা ঋণ ল’ব অসম চৰকাৰে৷ দিছপুৰে ৰাজহ ঘাটি জোৰা মৰাৰ বাবে ইতিপূৰ্বে মুকলি বজাৰৰ পৰাও হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱাত জনমূৰি ধাৰৰ বোজা বৃদ্ধি পাব ধৰিছে৷ ইফালে ৰিজাৰ্ভ বেংকৰ ‘ভাৰতীয় ৰাজ্যসমূহৰ পৰিসংখ্যা হাতপুথি’ শীৰ্ষক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০২১-২২ বিত্তীয় বৰ্ষত অন্তত অসমৰ ধাৰাৰ পৰিমাণ ১ লাখ ৭ হাজাৰ ৭২০ কোটি টকা স্পৰ্শ কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱা পাছত এটা বছৰত অৰ্থাৎ বিগত মাৰ্চ পৰ্যন্ত অসম চৰকাৰে বিভিন্ন উৎসৰ পৰা ঋণ লয় প্ৰায় ৮,৯৫৫ কোটি টকা৷ অৱশ্যে চলিত এপ্ৰিলৰ পৰা নৱেম্বৰ পৰ্যন্ত ৰাজ্য চৰকাৰে অতিৰিক্ত প্ৰায় ২২ হাজাৰ কোটি টকা ঋণ গ্ৰহণ কৰিছে৷ ফলত ৰাজ্য চৰকাৰৰ বৰ্তমান দেনাৰ পৰিমাণ প্ৰায় ৰ লাখ ৩০ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে৷ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনখনত লগতে প্ৰকাশ পোৱা মতে ২০২১-২২ বিত্তীয় বৰ্ষৰ ধাৰৰ ক্ষেত্ৰত বিভিন্ন বেংকৰ পৰা ঋণ লৈছে সৰ্বমুঠ ৮,১০৬ কোটি টকা৷ তদুপৰি আভ্যন্তৰীণ উৎসৰ পৰা ৮১ হাজাৰ কোটি টকা ধাৰ লোৱাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰৰ পৰাও অগ্ৰিম পুঁজি তথা ঋণ হিচাপে লৈছে ৰ হাজাৰ ৮০০ কোটি টকা৷ ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনখনত উল্লেখ থকা অনুসৰি অসম চৰকাৰে ২০২১-২২ বৰ্ষত হিতাধিকাৰী আঁচনি তথা সামাজিক ক্ষেত্ৰত ব্যয় কৰিছে সৰ্বাধিক ৪৭ হাজাৰ ৮৭৮ কোটি টকা৷ আনহাতে, উক্ত বৰ্ষটোত কৰ্মচাৰীৰ পেঞ্চনৰ বাবদ ৰাজকোষৰ পৰা চৰকাৰে ব্যয় কৰে ৮ হাজাৰ ৬৯৭ কোটি টকা৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে, ২০২১-২২ বিত্তীয় বৰ্ষত ৰ লাখ ৭ হাজাৰ কোটি টকা ধাৰৰ বিপৰীতে উক্ত বৰ্ষটোত ঋণৰ বাবদ অসম চৰকাৰে কেৱল সুদ পৰিশোধ কৰিছে ৭,০৬৪ কোটি টকা৷ অথচ ২০২০-২১ বৰ্ষত চৰকাৰে ঋণ বিপৰীতে সুদ আদায় দিছিল ৫,৮০২ কোটি টকা৷ ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত বিগত ছয়টা বিত্তীয় বৰ্ষত দিছপুৰে বিভিন্ন উৎসৰ পৰা ঋণ লৈছে সৰ্বমুঠ ৬৫,৭৫৫ কোটি টকা৷ ইয়াৰ বিপৰীতে ৬ বছৰত কেৱল সুদৰ নামত ৰাজকোষৰ পৰা পৰিশোধ কৰিছে ২৭ হাজাৰ ৩১৮ কোটি টকা৷ আনহাতে ২০২১-২২ বৰ্ষত ৰাজ্য চৰকাৰৰ ৰাজহ ঘাটিৰ পৰিমাণ হৈছে ৪,৫৭৪ কোটি টকা৷