Logo
image

২৯ নৱেম্বৰত কেবিনেট চূণ-তেল ঘঁহি সাজু শিলচৰ

ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত বৰাকত অনুষ্ঠিত হ’ব অসম চৰকাৰৰ কেবিনেট বৈঠক৷ ২৯ নৱেম্বৰত কাছাৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক৷ পূৰ্বতে ৪ বাৰকৈ বৰাকত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ দিন বাৰ চূড়ান্ত কৰাৰ পাছতো শেষ মুহূৰ্তত প্ৰত্যাহাৰ কৰা হৈছিল কেবিনেট বৈঠক৷ মঙলবাৰে শিলচৰত পৰৱৰ্তী ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ চূড়ান্ত কৰাত বৰাকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এইখন প্ৰথম কেবিনেট বৈঠক হিচাপেও চিহ্নিত হ’ব৷ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে কাছাৰৰ উপায়ুক্ত কাৰ্যালয়ত তিনি হাজাৰ বৰ্গফুটৰ বিশাল কনফাৰেন্স হ’ল সাজু কৰি তুলিছে প্ৰশাসনে৷ তদুপৰি ৰং তেল ঘঁহি মনোমোহা কৰা হৈছে শিলচৰৰ বাট-পথ৷ পথৰ কাষত দেৱালতো অংকন কৰা হৈছে বিভিন্ন মনোমোহা ছবি৷ মুঠৰ ওপৰত কোটি টকা ব্যয় কৰি শিলচৰত কেবিনেট বৈঠকত অনুষ্ঠিত কৰিবলৈ সাজু হৈছে দিছপুৰ৷ কিন্তু ২৯ নৱেম্বৰত এই কেবিনেট বৈঠক অনুষ্ঠিত কৰা প্ৰস্তুতি চলিলেও পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ কাৰ্যকালত শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ কোনো এটা প্ৰতিশ্ৰুতিয়েই পূৰণ নোহোৱাৰ অভিযোগ উঠিছে৷ সোণোৱাল চৰকাৰৰ কেবিনেটত বৰাকত মিনি ছেক্ৰেটেৰিয়েট নিৰ্মাণৰ কথা ঘোষণা কৰিছিল যদিও সেয়া আজিও নিৰ্মাণ নহ’ল৷ আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বাজেটতো বৰাকত চিৰিয়াখানা আৰু নতুনকৈ মেডিকেল কলেজ হাস্পতালকে ধৰি একাধিক আঁচনি ঘোষণা কৰিছিল যদিও কোনো ঘোষণাই কাৰ্যকৰী ৰূপ নোপোৱাৰ অভিযোগ কৰিছে বিৰোধীয়ে৷ অৱশ্যে বিৰোধীৰ এই সমালোচনাৰ মাজতে শিলচৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাবে মন্ত্ৰী-বিষয়াৰ বৰাকলৈ যাতায়াতৰ স্বাৰ্থত মেঘালয়ৰ বন্ধ প্ৰৱেশ পথ কোনো সমাধান নোহোৱাকৈ মুকলি কৰি দিয়া বুলিও অভিযোগ উঠিছে৷ ইফালে, ২৯ নৱেম্বৰত শিলচৰত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকৰ প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলা প্ৰশাসনৰ সৈতে ভাৰ্চুৱেল কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়৷ জনতা ভৱনত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে বৰ্তমানে ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ লগতে পাইপলাইনত থকা বিভিন্ন প্ৰকল্পৰ বুজ লয়৷ বৈঠকত মুখ্যমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু সাধাৰণ প্ৰসাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী উপস্থিত আছিল৷ উল্লেখ্য এই কেবিনেট বৈঠকখনৰ বাবে আশাৰে বাট চাই ৰৈছে সমগ্ৰ বৰাক উপত্যকাবাসীয়ে৷ কেবিনেট বৈঠকখনৰ জৰিয়তে বৰাক উপত্যকাৰ বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সমাধানৰ দিশ নিৰ্ণয় হ’ব বুলিও আশা কৰিছে বৰাকবাসীয়ে৷ কেবিনেটৰ যোগেদি বৰাকলৈ বহু আশাৰ বতৰা আহিব বুলি সকলোৱে বাট চাই ৰৈছে৷ উল্লেখ্য কেবিনেটৰ যোগেদি বৰাক উপত্যকাৰ কনকপুৰৰ পৰা ৰাংগীৰখাৰী লৈ ৰাংগীৰখালৰ দুয়োপাৰৰ গাৰ্ডৱাল প্ৰকল্পৰ উদ্বোধন কৰাৰ সম্ভাৱনা আছে৷ বিগত ১১ নৱেম্বৰতে অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক শিলচৰত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ সেই অনুসৰি প্ৰস্তুতি চলোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত স্থগিত ৰখা হৈছিল৷ ইফালে শিলচৰত কেবিনেট বৈঠকৰ পৰিৱৰ্তে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহৰ পূৰণৰ আহ্বান জনাই কংগ্ৰেছ বিধায়ক কমলাক্ষ দেৱ পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত কয়–‘শিলচৰত কেবিনেট পাতিবলৈ লৈছে ভাল কথা৷ কিন্তু ৰাইজৰ দাবী শিলচৰত কেবিনেট পতাৰ আগে আগে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰক৷ পূৰ্বতে বৰাকত মিনি ছেক্ৰেটৰিয়েট নিৰ্মাণৰ কথা কৈছিল৷ চিৰিয়াখানা বনাব আদি বিভিন্ন প্ৰতিশ্ৰুতি দিছিল যদিও তাৰ কোনো এটাই পূৰণ কৰা নাই৷ মই ভাৱো কেবিনেট পতাৰ আগতে বাজেটত ঘোষণা কৰা প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি দেখুওৱাক৷’ অৱশ্যে, কংগ্ৰেছ বিধায়কজনৰ এই মন্তব্যৰ বিপৰীতে বৰাকত কেবিনেট পতাৰ সিদ্ধান্তক আদৰণি জনাইছে এ আই ইউ ডি এফে৷ এ আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ দাবী কেৱল শিলচৰতেই নহয়, হাইলাকান্দি আৰু কৰিমগঞ্জতো অনুষ্ঠিত কৰক কেবিনেট বৈঠক৷