Logo
image

চৰকাৰী আঁচনিৰ কাম কৰি দিয়াৰ নামত দুখীয়াৰ ধন আত্মসাৎ : আৰক্ষীয়ে আটক কৰিলে শুকুৰ আলীক

ডিজিটেল ডেস্ক : কান্দি কান্দি শুকুৰ আলীৰ পৰা এগৰাকী মহিলাই টকা বিচাৰিছে৷ শুকুৰ আলীক সন্মুখত পাই মোৰ টকা কেইটা ঘূৰাই দিয়ক বুলি চিঞৰি চিঞৰি কান্দিছে মহিলাগৰাকীয়ে৷ দুখীয়াৰ ধন আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ উঠিছে শুকুৰৰ বিৰুদ্ধে৷ ফোন কৰিলেও ফোন ৰিচিভ নকৰে শুকুৰ আলীয়ে৷ বিগত কেইবাদিন ধৰি সন্ধানহীন হৈ আছিল ছ'চিয়েল মিডিয়া ষ্টাৰ তথা ৰাজনৈতিক নেতা শুকুৰ আলী৷ অৱশেষত সন্ধান ওলোৱাত ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী৷

সন্ধান ওলোৱাৰ পাছতেই আৰক্ষীয়ে আটক কৰিলে BTRৰ পৰ্বতঝোৰা দেৱীতোলা উন্নয়ন খণ্ডৰ মদাতী VCDCৰ অধ্যক্ষ শুকুৰ আলীক৷ শুকুৰ আলীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ৷ দুখীয়াৰ ধন আত্মসাতৰ অভিযোগ উঠিছে শুকুৰ আলীৰ বিৰুদ্ধে৷ সন্ধান ওলোৱাৰ পাছতেই ৰাইজে আৱদ্ধ কৰি জবাবদিহি কৰিলে শুকুৰ আলীক৷

উল্লেখ্য যে দুখীয়াক PMAYৰ গৃহ আৰু চৰকাৰী আঁচনিৰ কাম কৰি দিয়াৰ নামত ধন আত্মসাতৰ অভিযোগ শুকুৰৰ বিৰুদ্ধে৷ একোজন লোকৰ পৰা  ১০ৰ পৰা ২০ হাজাৰ টকাকৈ আত্মসাৎ কৰাৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি টকা লোৱাৰ পিছত শুকুৰে ধুবুৰীৰ গৌৰীপুৰত আত্মগোপন কৰি থকাৰো অভিযোগ উঠিছে৷ অৱশেষত সন্ধান ওলোৱাৰ পাছত ৰাইজে জবাবদিহি কৰি আৰক্ষীক চমজালে শুকুৰক৷