Logo
image

চকলেটেই হ'ল কাল : চকলেট খাই ৮ বছৰীয়া শিশুৰ মৃত্যু

ডিজিটেল ডেস্ক: কোন শিশুৱে চকলেট খাই ভাল নাপায়! শিশুয়েই হওক বা ডাঙৰ ব্যক্তিয়েই হওক সকলোৱে চকলেট খাই ভাল পায়। কোৱা হয় যে বেছিকৈ চকলেট খালে দাঁত ক্ষয়ৰ দৰে সমস্যা হ’ব পাৰে৷ কিন্তু চকলেট খোৱাৰ বাবেই শিশুৰ মৃত্যু হোৱা বুলি কেতিয়াবা শুনিছেনে? শুনিবলৈ আচৰিত হ'লেও কিন্তু এই ঘটনা সংঘটিত হৈছে তেলেংগানাৰ ৱাৰংগল চহৰত। চকলেটেই কাল হ'ল এটি শিশুৰ বাবে৷ চকলেটে প্ৰাণ কাঢ়িলে এটি ৮ বছৰীয়া শিশুৰ। 

জানিব পৰা মতে, এই চকলেটসমূহ শিশুটিৰ পিতৃয়ে অষ্ট্ৰেলিয়াৰ পৰা আনিছিল। এই ঘটনাৰ বিষয়ে কেৱল তেলেংগানাতে নহয়, সমগ্ৰ দেশতে চৰ্চা অব্যাহত আছে। শিশুটিৰ নাম সন্দীপ বুলি জানিব পৰা গৈছে৷ সন্দীপ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ। স্কুলত থকা সময়তেই সন্দীপৰ লগত ঘটিছিল এই ভয়াৱহ ঘটনা। ৮ বছৰীয়া সন্দীপ সিঙে চকলেট খোৱাৰ সময়তে চকলেটৰ এটা টুকুৰা ডিঙিত আবদ্ধ হৈ পৰে৷ চকলেটৰ টুকুৰা ডিঙিত আৱদ্ধ হৈ পৰাৰ পিছত সন্দীপে কাহ মাৰি বাহিৰ কৰিবলৈ চেষ্টা কৰিছিল যদিও ডিঙিৰ পৰা ওলাই নাহিল চকলেটৰ টুকুৰা। পুত্ৰৰ সংকটজনক অৱস্থা দেখি পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইফালে বিদ্যালয় কৰ্তৃপক্ষই জনোৱা মতে, সন্দীপৰ পিতৃয়ে স্কুলত নমাই দিয়াৰ পিছত ক্লাছত অচেতন হৈ পৰিছিল সন্দীপ।

চিকিৎসকে ডিঙিত আৱদ্ধ হৈ থকা চকলেটৰ টুকুৰা আঁতৰাবলৈ অস্ত্ৰোপচাৰৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে যদিও অস্ত্ৰোপচাৰৰ পূৰ্বেই মৃত্যু হয় শিশুটিৰ। জানিব পৰা মতে সন্দীপৰ পিতৃয়ে এখন বৈদ্যুতিক দোকান চলাই আছে। শেহতীয়াকৈ তেওঁ অষ্ট্ৰেলিয়ালৈ গৈছিল আৰু অষ্ট্ৰলিয়াৰ পৰা উভতি আহোঁতে সন্তানৰ বাবে চকলেট লৈ আহিছিল। সেই চকলেটেই কাল হ'ল সন্দীপৰ বাবে।