Logo
image

বিশ্ববিদ্যালয়ত ৰেগিং কাণ্ড : বিশ্ববিদ্যালয়ৰ পৰা ১৮ ছাত্ৰক বহিষ্কাৰ

ডিজিটেল ডেস্ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিঙৰ ঘটনাই সমগ্ৰ ৰাজ্যতে তোলপাৰ লগাইছে৷ এগৰাকী ছাত্ৰক প্ৰাক্তন ছাত্ৰই মাৰপিট কৰি হাত-ভৰি ভাঙি দিয়াৰ ঘটনা পোহৰলৈ আহিছে৷ প্ৰাক্তন ছাত্ৰৰ ৰেগিঙৰ প্ৰকোপত আই চি ইউত চিকিৎসাধীন হৈ আছে ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা৷ 

ৰেগিং কাণ্ডক লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সোমবাৰে সংবাদমেল সম্বোধন কৰে। ভৱিষ্যতে যাতে বিশ্ববিদ্যালয়ত এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে এণ্টি ৰেগিং কমিটীয়ে। উল্লেখ্য যে ৰেগিং কাণ্ডৰ লগত জড়িত ১৮ গৰাকীকৈ ছাত্ৰআক বহিস্কাৰ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰাবাসৰ পৰা ১৮ গৰাকী ছাত্ৰক বহিষ্কাৰ কৰাৰ লগতে সাময়িকভাৱে শ্ৰেণীকোঠাত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে। আনহাতে ৰেগিং কাণ্ডৰ লগত জড়িত মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই৷ ৰাহুল ছাত্ৰীক বিশ্ববিদ্যালয়ত কেম্পাচত প্ৰৱেশ কৰিব নোৱাৰাকৈ বিহিত ব্যৱস্থা লোৱা হ’ব।

বহিষ্কৃত ছাত্ৰকেইজন হ’ল গালব ডেকা, নিৰঞ্জন যাদৱ, কল্যাণ দত্ত, সীমান্ত হাজৰিকা, প্ৰাণজিৎ বৰুৱা, চন্দনজ্যোতি বৰা সোণোৱাল, শিৱম শ্ৰফ, পাছাংখাম বৰুৱা, পল্লৱ বৰা, চিত্ৰবন বৰুৱা, নাৰায়ণ অধিকাৰী, নয়নজিৎ ঠেঙাল, মনোৰঞ্জন দাস, মৌচম ফুকন, বিশাল ডেকা, নৱদ্বীপ শৰ্মা, দেৱাশিস বিশ্বাস আৰু অমৰজ্যোতি নাথ। আটাইকেইগৰাকী ছাত্ৰক হোষ্টেল খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে। আনহাতে নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা আৰু প্ৰাণজিৎ বৰুৱাক সোধা–পোছাৰ বাবে আটক কৰা হৈছে । কমল কৃষ্ণ কাকতি নামৰ ছাত্ৰজনক আগন্তুক পৰীক্ষাসমূহত উপস্থিত থকাৰ পৰা বাৰণ কৰা হৈছে।