Logo
image

মুছলমান ছাত্ৰক 'সন্ত্ৰাসবাদী' আখ্যা অধ্যাপকৰ

ডিজিটেল ডেস্ক : কৰ্ণাটকৰ মণিপাল বিশ্ববিদ্যালয়ত মুছলমান ছাত্ৰক 'সন্ত্ৰাসবাদী' আখ্য়া অধ্যাপকৰ৷ ছ'চিয়েল মিডিয়াত প্ৰচুৰভাৱে ভাইৰেল হৈছে ছাত্ৰগৰাকীক অপমান কৰা ভিডিঅ'৷ শুকুৰবাৰে সংঘটিত হয় এই ঘটনা৷ এগৰাকী মুছলমান ছাত্ৰক অধ্যাপকে অপমান কৰাক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ পাঠদান চলি থকাৰ সময়তে মুছলমান ছাত্ৰজনক সন্ত্ৰাসবাদী বুলি কয় এগৰাকী অধ্যাপকে৷

সন্ত্ৰাসবাদী বুলি কোৱা পাছত অধ্যাপকগৰাকীক উদ্দেশ্যি ছাত্ৰজনে কয়  "ছাৰ, এইটো কৌতুক নহয়। আপুনি মোক সন্ত্ৰাসবাদী বুলি ক'ব নোৱাৰে। আপুনি আপোনাৰ পুত্ৰকো এনে ব্যৱহাৰ কৰে নেকি বুলি অধ্যাপকগৰাকীক প্ৰশ্ন কৰে ছাত্ৰজনে৷

ঘটনাৰ বিৱৰণ অনুসৰি অধ্যাপকজনে ছাত্ৰজনক তেওঁৰ নাম সুধিছিল আৰু ছাত্ৰজনৰ নাম শুনাৰ পিছত অধ্য়াপকগৰাকীয়ে কয়, "তুমি কাচাবৰ দৰে!" উল্লেখ্য যে ২৬/১১ ৰ মুম্বাই আক্ৰমণৰ পিছত জীৱিত অৱস্থাত বন্দী হোৱা একমাত্ৰ পাকিস্তানী সন্ত্ৰাসবাদী আজমল কাচাব ২০১২ চনত নিহত হৈছিল। বহুলভাৱে শ্বেয়াৰ কৰা ভিডিঅ'টোত ছাত্ৰজনে অধ্যাপকজনৰ মুখামুখি হোৱা আৰু তেওঁক সন্ত্ৰাসবাদীৰ সৈতে তুলনা কৰি তেওঁৰ ধৰ্মক বদনাম কৰাৰ অভিযোগ উঠিছে।

কাচাবৰ সৈতে তুলনা কৰাৰ পাছত ছাত্ৰজনে কয়, "২৬/১১ ধেমেলীয়া নাছিল। এজন মুছলমান হোৱা বাবে এইখন দেশত প্ৰতিদিনে এই সকলোবোৰৰ সন্মুখীন হ'বলগীয়া হয়। ছাৰ, আপুনি মোৰ ধৰ্মক লৈ উপহাস কৰিব নোৱাৰে।"

পৰৱৰ্তী সময়ত অধ্য়াপকগৰাকীয়ে ছাত্ৰজনক ক্ষমা খোজে যদিও ছাত্ৰজনে কয়,"ক্ষমাই এইটো নুবুজাই যে আপুনি কেনেদৰে চিন্তা কৰে বা ক্ষমাৰ দ্বাৰা আপোনাৰ চিন্তাধাৰাৰ পৰিৱৰ্তন নহয়৷" এই ঘটনাৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে আৰু অধ্যাপকগৰাকীক নিলম্বন কৰে৷