Logo
image

ডিব্ৰুগড় বিঃবিঃৰ ১৮ ছাত্ৰক বহিষ্কাৰ, ছাত্ৰনেতা পলাতক

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰঃ ৰেগিঙৰ দৰে লজ্জানজনক ঘটনাই জোকাৰি গৈছে উজনি অসমৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ক৷ বিশ্ববিদ্যালয়ৰ ইতিহাসক কলংকিত কৰা এই ভয়ংকৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে উঠিছে প্ৰতিবাদৰ ঢৌ৷ বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ  আৱাসী তথা বাণিজ্য বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ আনন্দ শৰ্মাক শনিবাৰে জ্যেষ্ঠ ছাত্ৰই ওৰে নিশা প্ৰহাৰ কৰাৰ ফলত সম্প্ৰতি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ছাত্ৰজন৷ জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ বলি হৈ সম্প্ৰতি ডিব্ৰুগড় আদিত্য নাৰ্চিং হোমৰ আই চি ইউত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাক ন্যায় প্ৰদানৰ দাবীত আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ সমাজে সাব্যস্ত কৰিলে প্ৰতিবাদ৷ অন্যহাতে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী এই ৰেগিং কাণ্ডৰ মূল মাষ্টাৰমাইণ্ড বুলি অভিযোগ উঠিছে৷ ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে পাঁচ ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷ ডিব্ৰুগড় সদৰ থানাৰ ৭২৯/২২ নম্বৰৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনৰ ১২০[বি]/৩৪১/৩৯৫/৩০৭/১৪৩ ধাৰাৰ অধীনত পঞ্জীয়ন গোচৰ৷ এই গোচৰৰ ভিত্তিত কালি নিশা ডিব্ৰুগড় আৰক্ষীয়ে পি এন জি বি ছাত্ৰাৱাসৰ পৰা শাৰীৰিক শিক্ষা আৰু অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ নিৰঞ্জন ঠাকুৰ, অৰ্থনীতি বিভাগৰ ছাত্ৰ সীমান্ত হাজৰিকা, ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ প্ৰাণজিত বৰুৱাক গ্ৰেপ্তাৰ কৰে৷  অন্যহাতে বৰ্তমানেও পলাতক হৈ আছে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰী, ৰাজনীতি বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ শুভ্ৰজিত বৰুৱা, প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ দিব্যজ্যোতি গগৈ আৰু বুৰঞ্জী বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ কল্যাণ দত্ত৷ ছাত্ৰ মুক্তিৰ নেতা ৰাহুল ছেত্ৰী পলাতক হৈ থকাৰ ফলত সোধপোচৰ বাবে আজি লেখাপানী আৰক্ষীয়ে ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল ছেত্ৰীক আটক কৰে৷ ইফালে আজি বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱনৰ সন্মুখত ছাত্ৰ সমাজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভা আৰু ছাত্ৰ সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আনন্দ শৰ্মাক ন্যায় প্ৰদান কৰা, ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰা, ৰেগিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰায় কেইবাঘণ্টা ধৰি ছাত্ৰ সমাজে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উত্তপ্ত হৈ পৰে বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন৷ ইফালে ৰেগিঙৰ বিৰুদ্ধে প্ৰতিবাদত বহে ৰেগিঙত বলি হৈ মৃত্যুক আকোৱালি লোৱা  এজন ছাত্ৰৰ মাতৃ ৰেহানা আহমেদ৷ যোৱা ১৪ অক্টোবৰত আই আই টিৰ খড়গপুৰত অধ্যয়নৰত তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ ছাত্ৰজনো ৰেগিঙৰ বলি হৈ মৃত্যুক আকোৱালি লৈছিল৷ যাৰ বাবে ৰেগিঙৰ দৰে এই মাৰাত্মক ব্যাধিৰ বিৰুদ্ধে ছাত্ৰ সমাজৰ সৈতে প্ৰতিবাদত বহিল মাতৃগৰাকী৷ ৰেগিঙৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ৩ান জনালে চৰকাৰ আৰু ছাত্ৰ সন্থাক৷ বিশেষকৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যক ৰেগিঙৰ বিৰুদ্ধে শক্তিশালী পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেখেতে কয় যে, মোৰ পুত্ৰক হেৰুৱালো অন্য এগৰাকী মাতৃৰ বুকু যাতে উদং নকৰে তাৰ বাবে প্ৰতিবাদত অংশ লৈছো৷ মন কৰিবলগীয়া যে, শনিবাৰে সংঘটিত হোৱা ঘটনাত আন দুজন ছাত্ৰইয়ো আঘাত পাইছিল৷ পি এন জি বি ছাত্ৰাৱাসৰ বন্ধ কোঠাত জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ আন দুজন ছাত্ৰকো নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল৷ অৱশ্যে এই দুই ছাত্ৰক বিশ্ববিদ্যালয়ৰ স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়৷

আত্মৰক্ষাৰ বাবেহে জঁপিয়াইছিল আনন্দই

আনন্দ শৰ্মাৰ শৌচাগাৰত পৰি দুখ¸ পোৱা নাছিল, ৰেগিঙৰ পৰা  ৰক্ষা পৰাৰ বাবেহে দুমহলীয়া অট্ৰালিকাৰ পৰা জঁপিয়াই আত্মৰক্ষাৰ চেষ্টা চলাইছিল৷ উল্লেখ্য যে, আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং বিৰোধী কমিটিৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়৷ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা বৈঠকৰ পিছতে বিশ্ববিদ্যালয়ৰ চিন্তন প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সংবাদমেলত এই কথা প্ৰকাশ কৰিলে পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে৷ এই অনাকাংক্ষিত ঘটনাৰ বাবে দুখ ¸ প্ৰকাশ কৰি এই ঘটনাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত কলংক বুলি অভিহিত কৰে৷ ওৰে নিশা ছাত্ৰজনক অমানুষিক অত্যচাৰ চলোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ বিশ্ববিদ্যালয়ৰ ৰেগিং বিৰোধী কমিটিৰ বৈঠকে আজি চ্ছজন ছাত্ৰৰ বিৰুদ্ধে গ্ৰহণ কৰিছে শাস্তিমূলক ব্যৱস্থা৷ পাঁচজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে  অন্য ১৮জন অভিযুক্ত ছাত্ৰ জীৱ বিজ্ঞান বিভাগৰ গালব ডেকা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ তৃতীয় বিভাগৰ ছাত্ৰ নিৰঞ্জন যাদৱ, বুৰঞ্জী বিভাগৰ কল্যাণ দত্ত, অৰ্থনীতি বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ সীমান্ত হাজৰিকা, ৰসায়ন বিজ্ঞান বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ প্ৰাণজিত বৰুৱা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ চন্দন জ্যোতি বড়া সোণোৱাল, পৰিকলন বিজ্ঞান আৰু প্ৰযোগ কেন্দ্ৰৰ ছাত্ৰ শিৱম শ্ৰোফ, টাই ভাষাৰ দুবছৰীয়া পাঠ্যক্ৰম, ভাষা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ পুচাং থাম বৰুৱা, শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ পল্লৱ বড়া, পৰিকলন বিজ্ঞান আৰু প্ৰযোগ কেন্দ্ৰৰ ছাত্ৰ চিত্ৰবন বৰুৱা, ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ নাৰায়ণ অধিকাৰী, মনোবিজ্ঞান অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ নয়নজিত ঠেকান, নৃতত্ত্ব বিভাগৰ ছাত্ৰ মনোনয়ন দাস, তৃতীয় ষাণ্মাসিকৰ, প্ৰায়োগিক ভূতত্ত্ব বিজ্ঞান বিভাগৰ ছাত্ৰ মৌচুম ফুকন, ভূগোল ভূগোল অধ্যয়ন কেন্দ্ৰৰ বিশাল ডেকা, পৰিসংখ্যা বিজ্ঞান বিভাগৰ ছাত্ৰ দেবাশি বিশ্বাস, ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ অমৰ জ্যোতি নাথ, প্ৰায়োগিক ভূতত্ত্ব বিজ্ঞান বিভাগৰ ছাত্ৰ নবদীপ  শৰ্মাক শ্ৰেণীত প্ৰৱেশত বাৰণ কৰাৰ উপৰিও প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰী, দিব্যজ্যোতি গগৈ, শুভ্ৰজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ, কল্যাণ দত্তক বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ নিষিদ্ধ কৰিছে৷ এই ১৮জন অভিযুক্ত ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা সাময়িকভাৱে বহিস্কাৰৰ সিদ্ধান্ত লৈছে কমিটীয়ে৷ আনহাতে নিৰঞ্জন ঠাকুৰ, সীমান্ত হাজৰিকা, প্ৰাণজিত, কমল কৃষ্ণ কাকতিক বিশ্ববিদ্যালয়ৰ অনাগত পৰীক্ষাত বহাৰ পৰা বাৰণ কৰিছে বিশ্ববিদ্যালয়ৰ ৰেগিং বিৰোধী কমিটিয়ে৷

কি হৈছিল শনিবাৰৰ নিশা 

ডিব্ৰুগড়ৰ আদিত্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ থকা আনন্দ শৰ্মাক বিগত চাৰিমাহৰ পৰাই ৰেগিঙৰ নামত অকৰ্থ্য নিৰ্যাতন চলাই আছিল একাংশ প্ৰাক্তন ছাত্ৰই৷ এই সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ পি এন জি বি ছাত্ৰাৱাসৰ তত্ত্বাৱধায়ক দিব্যজ্যোতি দত্তক অভিযোগ দিয়াৰ পিছতো এই ক্ষেত্ৰত তেওঁ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল৷ নিৰ্যাতিত ছাত্ৰজনে লগতে অভিযোগ কৰামতে, ৰেগিং সন্দৰ্ভত ছাত্ৰাৱাসৰ তত্ত্বাৱধায়কক অভিযোগ দিয়াৰ বাবে শনিবাৰে নিশা অভাৱনীয় শাৰীৰিক নিৰ্যাতন চলাইছিল আনন্দ শৰ্মাক৷ আনন্দৰ মোবাইল কাঢ়ি ওৰে নিশা প্ৰহাৰ কৰিছিল জ্যেষ্ঠ ছাত্ৰই৷ যাৰ বাবে ছাত্ৰজনৰ কঁকাল, হাত, ভৰি আদিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে নাৰ্ভতো আঘাত পায়৷ ইফালে জ্যেষ্ঠ ছাত্ৰৰ অমানুষিক অত্যাচাৰ সহিব নোৱাৰি দুমহলীয়া অট্ৰালিকাৰ পৰা জঁপিয়াই আত্মৰক্ষাৰ চেষ্টা চলাইছিল ছাত্ৰজনে৷ ইয়াৰ পিছতে ৰেগিঙৰ নামত ওৰে নিশা অকৰ্থ্য নিৰ্যাতন চলোৱা জ্যেষ্ঠ আৰু প্ৰাক্তন ছাত্ৰ কেইজনে আনন্দ শৰ্মাক নিজৰ ব্যক্তিগত বাহনেৰে লৈ গৈ ভৰ্তি কৰাইছিল আদিত্য নাৰ্চিং হোমত৷ ভয় আৰু শংকাত ভীতিগ্ৰস্ত হৈ থকা ছাত্ৰজনে অভিভাৱক প্ৰথমে বাথৰুমত পৰি আঘাতপ্ৰাপ্ত হোৱাৰ কথা প্ৰকাশ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সোধাপোচা কৰাৰ অন্ততঃ জ্যেষ্ঠ ছাত্ৰৰ নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ জঁপিয়াই দিয়াৰ বাবেহে আঘাতপ্ৰাপ্ত হোৱা বুলি স্বীকাৰ কৰে৷ ইফালে এই সমগ্ৰ ঘটনাটোত ছাত্ৰাৱাসটোৰ তত্ত্বাৱধায়কজনৰ ওপৰত সন্দেহৰ আঙুলি উঠিছে৷ তত্ত্বাৱধায়কৰ অনুমতি নোলোৱাকৈ প্ৰাক্তন ছাত্ৰৰ প্ৰৱেশৰ কোনে অনুমতি দিছিল আৰু দীৰ্ঘদিনৰ চলি অহা ৰেগিং সন্দৰ্ভত অভিযোগ দিয়াৰ বিষয়টো জ্যেষ্ঠ ছাত্ৰক কোনে জনাইছিল সেই লৈ সন্দেহৰ সৃষ্টি হৈছে৷ অৱশ্যে তত্ত্বাৱধায়কজনৰ বিৰুদ্ধে এই পৰ্যন্ত কোনো ব্যৱস্থা কৰা নাই বিশ্ববিদ্যালয় কতৃৰ্পক্ষই৷ ইফালে এই সমগ্ৰ ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে৷

ৰেগিঙৰ বাবেই ডিব্ৰুগড় বিশ্ববিদ্যালয় এৰিব লগীয়া হ’ল চতিয়াৰ যুৱকে

জ্যেষ্ঠ ছাত্ৰৰ ৰেগিং সহ্য কৰিব নোৱাৰি অৱশেষত বিশ্ববিদ্যালয় এৰি নিজৰ ঘৰলৈ উভতি আহিব লগীয়া হ’ল চতিয়াৰ উদ্বীপ্ত বৈদ্য নামৰ ছাত্ৰজন৷ ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত৷ শিক্ষা গ্ৰহণৰ বাবে বিশ্ববিদ্যালয় খনত যোৱা ২৮ ছেপ্টেম্বৰত উপস্থিত হোৱা ছাত্ৰজনক বিশ্ববিদ্যালয় খনলৈ যোৱাৰ পিছদিনা অৰ্থাৎ ২৯ ছেপ্টেম্বৰৰ পৰাই তেওঁৰ ওপৰত ৰেগিঙৰ নামত একাংশ জ্যেষ্ঠ ছাত্ৰই চলাইছিল বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতন৷ যাৰ ফলত বিশ্ববিদালয় এৰি বিশ্ববিদ্যালয় খনৰ পৰা পলাই আহি চতিয়াৰ ঘৰত উপস্থিত হ’বলগীয়া হয়হি ছাত্ৰজন৷ স্নাতক মহলাৰ পৰিৱেশ্য কলাৰ ছাত্ৰজন আছিল পদ্মনাথ গোহাঁই বৰুৱা হোষ্টেলত৷ ৰেগিঙৰ নামত ইমানেই নিৰ্যাতন কৰা হয় যে ছাত্ৰজনে অৱশেষত বিশ্ববিদ্যালয় এৰিবলৈ বাধ্য হয়৷ অৱশ্যে পলমকৈ পোহৰলৈ অহা এই ঘটনাটোৰ পিছত আজি ছাত্ৰজনে কয় যে, ‘বহু আশা মনত পুহি মই বিশ্ববিদ্যালয় খনত নামভৰ্তি কৰিছিলো৷ কিন্তু জ্যেষ্ঠ ছাত্ৰই ৰেগিঙৰ নামত চলোৱা শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বাবেই মোৰ সকলো আশা বিফলে গ’ল৷ ‘আনহাতে ছাত্ৰজনৰ পিতৃ মাতৃৰো আহ্বান যে ৰেগিঙৰ নামত কৰা এনে নিৰ্যাতন ইয়াতেই শেষ হওক৷

এণ্টি ৰেগিং স্কোৱাডক অধিক সক্ৰিয় কৰাৰ দাবী অসম যুৱ তৃণমূল কংগ্ৰেছৰ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোঁহাঞি বৰুৱা হোষ্টেলত সংঘটিত ৰেগিঙৰ ঘটনা অতিকৈ দুৰ্ভাগ্যজনক বুলি কৈ অসম যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি বনদ্বীপ দত্তই টুইটযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, শীঘ্ৰেই ৰাজ্যৰ শিক্ষানুষ্ঠানবোৰত এণ্টি ৰেগিং স্কোৱাড মানে ৰেগিং প্ৰতিৰোধী দল অধিক সক্ৰিয় কৰাৰ বাবে দাবী জনায়৷ শিক্ষানুষ্ঠানত সংঘটিত ৰেগিং সম্বন্ধীয় ঘটনাবোৰ দুৰ্ভাগ্যজনক বুলি আখ্যা দি অসম তৃণমূল কংগ্ৰেছে কয় যে, ৰেগিং এক সামাজিক ব্যাধি আৰু এই ৰেগিঙে শিক্ষাৰ্থীৰ জীৱনত বিৰূপ প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা থাকে৷ গতিকে ৰেগিংজাতীয় ঘটনাবোৰ প্ৰতিৰোধ কৰাৰ বাবে এণ্টি ৰেগিং স্কোৱাডৰ প্ৰয়োজনীয়তা আছে৷ আনহাতে, অসম তৃণমূল যুৱ কংগ্ৰেছৰ লগতে দলটোৰ সমূহ নেতৃবৰ্গই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আহত ছাত্ৰ তথা ৰেগিঙৰ দ্বাৰা নিৰ্যাতিত শিক্ষাৰ্থী আনন্দ শৰ্মাৰ আশু আৰোগ্য কামনা কৰিছে৷

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৰেগিং, আমগুৰিত প্ৰতিক্ৰিয়া

 ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞিবৰুৱা ছাত্ৰৱাসত সংঘটিত ৰেগিং ঘটনাত আমগুৰিৰ মেধাৱী ছাত্ৰ আনন্দ শৰ্মা আহত হৈ চিকিৎসাধীন হ’ব লগা ঘটনাই আমগুৰিত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ আমগুৰিৰ পাঁচ নং ৱাৰ্ডৰ এটা ভাৰাঘৰত বাসকৰা আনন্দৰ পিতৃ শংকৰ শৰ্মা স্থানীয় এক ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত৷ মেধাৱী ছাত্ৰজনে কি পৰিস্থিতিত পৰি দুমহলাৰ পৰা জপিয়াব লগা হ’ল এই লৈ আমগুৰিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আমগুৰিৰ বিভিন্ন ব্যক্তিয়ে এই ঘটনা ধিক্কাৰ দিয়াৰ লগতে ছাত্ৰাৱাসত ছাত্ৰৰ নিৰাপত্তা সন্দৰ্ভতো প্ৰশ্ন উত্থাপিত কৰিছে৷ ইফাল অসম যুৱ পৰিষদ আমগুৰি বিধান পৰিষদে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ উক্ত কাৰ্যসূচীত উপস্থিত আছিল অসম গণ পৰিষদ আমগুৰি নগৰৰ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ লাহন, অসম যুৱ পৰিষদৰ আমগুৰি সমষ্টিৰ সমিতিৰ সম্পাদক আদিত্য শইকীয়া, উপ-সভাপতি লক্ষ্মী বড়া, আমগুৰি পৌৰসভাৰ উপ-সভানেত্ৰী মানসী বড়া৷ উক্ত বিষয়টো ওপৰত সাংবাদিকৰ আগত অসম যুৱ পৰিষদ আমগুৰি বিধান পৰিষদৰ সাংগঠনিক সম্পাদক মিনহাজ ইছলামে কয় যে– আজিৰ প্ৰজন্মই এইদৰে কু-কৰ্মত লিপ্ত হয় তেনেহ’লে এই ছাত্ৰই কিদৰে অসমীয়া জাতি-সংস্কৃতি ৰক্ষা কৰিব৷ এই ঘটনাৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীক যদি অতিশীঘ্ৰে গ্ৰেপ্তাৰ নকৰে তেন্তে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি অৱগত কৰে৷ ইপিনে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সভানেত্ৰী ড॰ অংকিতা দত্তই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই কাণ্ডৰ লগত জড়িতক উপযুক্ত শাস্তি প্ৰদান কৰাৰ উপৰিও আহত ছাত্ৰজনক উচিত চিকিৎসাৰ লগতে ন্যায় প্ৰদানৰ ক্ষেত্ৰত ক্ষিপ্ৰ ব্যৱস্থাগ্ৰহণৰ বাবে বিশ্ববিদ্যালয় কতৃৰ্পক্ষক দাবী জনাইছে৷

বিশ্ববিদ্যালয় কতৃৰ্পক্ষকো তদন্তৰ আউটিলৈ আনকঃ এছ এফ আই

ৰাজ্যৰ উচ্ছ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিঙৰ ঘটনাত এছ এফ আইৰ অসম ৰাজ্যিক কমিটি স্তম্ভিত হৈছে আৰু কঠোৰ ভাষাৰে গৰিহণা দিছে৷ এজন ছাত্ৰৰ জীৱনকলৈ সংকট নমাই অনা ৰেগিঙৰ সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে কতৃৰ্পক্ষকো তদন্তৰ আওঁতালৈ আনিবলৈ এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে দাবী জনাইছে৷ কমিটীৰ সভাপতি হৰ্ষজিৎ দাস আৰু সম্পাদক সংগীতা দাসে সোমবাৰে সংবাদ মাধ্যমক কয়– পৰিয়ালৰ তথ্য অনুসৰি এই ঘটনাৰ বলি হোৱা ছাত্ৰজনে বাৰে বাৰে হোষ্টেল কতৃৰ্পক্ষক জনোৱাৰ পাছতো কতৃৰ্পক্ষই বিষয়টো গুৰুত্ব দিয়া নাছিল৷  এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত ৰেগিং চলাটোৱেই দুৰ্ভাগ্যজনক৷ কিন্তু বিশ্ববিদ্যালয়ৰ কেম্পাছত ‘ছিনিয়ৰগিৰি’ৰ নামত অনুজ ছাত্ৰৰ ওপৰত চলা দমন আৰু শোষণৰ ভয়ংকৰ পৰিণাম এই ভয়ংকৰ ঘটনা৷ এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া আৰু কতৃৰ্পক্ষকো জবাবদিহি কৰাৰ ব্যৱস্থা কৰিব লাগে৷ সকলো বিশ্ববিদ্যালয়তে ‘ছিনিয়ৰ’ ছাত্ৰ আৰু বছৰ-বছৰ ধৰি ছুপাৰ ছিনিয়ৰ হৈ হোষ্টেলৰ ৰূমত থাকি নিৰ্যাতন- ৰেগিঙৰ দৰে কাৰ্য চলাই নেকি তাৰ এক অনুসন্ধান হ’ব লাগে৷ তদুপৰি ভৱিষ্যতে সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু কতৃৰ্পক্ষক অধিক সচেতন আৰু দায়বদ্ধ কৰি তুলি ৰেগিঙৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ লগতে প্ৰাক্তন ছাত্ৰ হোষ্টেলত থাকিবলৈ হ’লে নিৰ্দিষ্ট নিয়ম প্ৰস্তুত কৰি তাক বলবৎ কৰা উচিত৷’

নিজাববীয়াকৈ তদন্ত কমিটী গঠন কৰিলে ছাত্ৰ মুক্তিয়ে

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷ শৈক্ষিক প্ৰতিষ্ঠানত ৰেগিঙৰ দৰে ঘটনা হোৱাটো অনুচিত৷ শৈক্ষিক প্ৰতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে ৰেগিং মুক্ত ৰূপে গঢ়ি তুলিব লাগে৷ এটা প্ৰেছ বিবৃতিৰ জৰিয়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দেৱব্ৰত শইকীয়া, মানস কোঁৱৰ, কাৰ্যকৰী সভাপতি পাপু দত্ত, কাশ্যপ নন্দন কলিতা, ৰাহুল চৌধুৰী আৰু সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ৰেগিং কাণ্ডৰ এক উচিত তদন্ত হোৱা উচিত৷ দোষী ছাত্ৰৰ ওপৰত ইতিমধ্যে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই ব্যৱস্থা লৈছে৷ ৰেগিঙৰ ফলত আঘাতপ্ৰাপ্ত হোৱা আনন্দ শৰ্মা নামৰ ছাত্ৰজনৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ৷ বিবৃতিটোত লগতে সংগঠনটোৱে কয় যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেতিয়াও ৰেগিঙৰ পক্ষত নাই৷ এই ঘটনাৰ লগত জড়িত বুলি যি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰীৰ নাম ওলাইছে এই কথাৰ তদন্ত কৰিবলৈ ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সমিতিয়ে এখন তদন্ত সমিতি গঠন কৰি দিছে৷ তদন্ত সমিতিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী পৰ্যায়ত তেওঁৰ ওপৰত বিহীত ব্যৱস্থা লোৱা হ’ব৷