Logo
image

অসমৰ চাহ+গুজৰাটৰ গাখীৰ =মোদী!হিমন্ত

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰঃ ভাৰতবৰ্ষ এতিয়া অলিম্পিক অনুষ্ঠিত কৰিবলৈ সাজু৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাটৰ পৰা এই কথা ৰাজহুৱা হ’বলৈ গৈ আছে যে ভাৰত অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাবলৈ সাজু৷ গুজৰাটৰ পৰা নৱ ভাৰতৰ দিশ উন্মোচন হৈছে৷ এয়া অতি মহত্বপূৰ্ণ কথা৷ –এই ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ  গৈ মুখ্যমন্ত্ৰী শৰ্মাই সোমবাৰে এখন সংবাদ মেল আয়োজন কৰি এই কথা ঘোষণা কৰে৷ তেওঁ আৰু কয়–গুজৰাটত নেশ্বনেল গেমছ অনুষ্ঠিত হোৱাৰ পাছত ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃগাঠনি এনেধৰণে উন্নয়ন কৰা হৈছে যে আগন্তুক অলিম্পিক অনুষ্ঠিত কৰিবলৈ গুজৰাটে আমন্ত্ৰণ জনাব পৰা হৈছে৷ দেশবাসীয়ে দীৰ্ঘদিনে সমগ্ৰ দেশত উমৈহতীয়া বিধি বিচাৰি আছিল৷ কিন্তু জৱাহৰলাল নেহৰুৱে সেয়া হ’বলৈ দিয়া নাছিল৷ আজি বিজেপিয়ে উত্তৰাখণ্ডত উমৈহতীয়া বিধি ৰূপায়ণ কৰিম বুলি কৈ নিৰ্বাচন খেলিলে৷ ৰাইজে বিজেপিক সমৰ্থন জনালে৷ হিমাচল প্ৰদেশৰ নিৰ্বাচনতো একে প্ৰতিশ্ৰুতি দিয়াৰ পাছত দেশবাসীয়ে বিজেপিক চৰকাৰ গঠন কৰিবলৈ জনাদেশ দিলে৷ লাহে লাহে সমগ্ৰ দেশত উমৈহতীয়া বিধিৰ পৰিৱেশ নিৰ্মাণ হৈ আছে৷ কংগ্ৰেছে মুছলমান মহিলাসকলক ন্যায্যৰ পৰা বঞ্চিত কৰি আহিছে৷ নেহৰুৰ কাৰ্যকালত কংগ্ৰেছে সমগ্ৰ নাৰীক বঞ্চনা কৰিছে৷ পিএফআয়ে সমগ্ৰ দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি অনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে পিএফআইক নিষিদ্ধ কৰিলে৷ পিএফআইক নিষিদ্ধ কৰা বাবে কিছুমানে সমগ্ৰ দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ব বুলি আশংকা কৰিছিল৷ কিন্তু ক’তো একো নহ’ল৷ এইবেলি গুজৰাট বিধানসভা নিৰ্বাচনত মৌলবাদৰ বিৰুদ্ধে বিজেপিয়ে ‘যুদ্ধ’ ঘোষণা কৰিছে৷ এয়া বিজেপিৰ শক্তিশালী আৰু নিৰ্ণায়ক সিদ্ধান্ত৷ বিজেপিয়ে দেশত মৌলবাদ হ’বলৈ নিদিয়ে৷ তেওঁ আৰু কয়–আজি গুজৰাটে সমগ্ৰ দেশক নেতৃত্ব দিছে৷ মই কামাখ্যাৰ ভূমি অসমৰ পৰা আহিছো৷ দেশৰ চাহ উৎপাদনৰ আটাইতকৈ বেছি উৎপাদন কৰে অসমে৷ আনহাতে দেশৰ আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰে গুজৰাটে৷ চাহ আৰু গাখীৰৰ মিলন মানেই নৰেন্দ্ৰ মোদী৷ যিদৰে চাহ আৰু গাখীৰ ভালকৈ দি ভাল চাহ প্ৰস্তুত কৰা হয় নৰেন্দ্ৰ মোদীয়ে তেনেকৈ ভাৰতবৰ্ষক নিৰ্মাণ কৰিছে৷ ইফালে গুজৰাটতো মুখ্যমন্ত্ৰী শৰ্মাই ৰাহুল গান্ধীক ছাদ্দাম হুছেইনৰ দৰে দেখা গৈছে বুলি পুনৰবাৰ কয়৷ তেওঁ কয়–ৰাহুল গান্ধীক ছাদ্দাম হুছেইনৰ দৰে দেখা গৈছে বুলি কোৱা কাৰণে কিছু কংগ্ৰেছী লোকে বেয়া পাইছে৷ এনে কথাৰ বাবে তেওঁলোকে কিয় বেয়া পাইছে মই বুজি পোৱা নাই৷ বেয়া পাবলগীয়া কি আছে  এইটো মোৰ মতে মূল্যায়ন৷ উল্লেখ্য, নিৰ্বাচনী প্ৰচাৰত অনুপস্থিত থকা স্বত্বেও ডাঢ়িত ‘ধৰি’ ৰাহুল গান্ধীক গুজৰাটৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰলৈ ‘টানি’ আনিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এবাৰ নহয়, এসপ্তাহৰ ভিতৰত দুবাৰকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ডাঢ়িৰ প্ৰসংগৰে গুজৰাটৰ নিৰ্বাচনী সভা গৰম কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈছে কংগ্ৰেছ৷ হিমন্ত বিশ্ব শৰ্মাক উভটি ধৰি কংগ্ৰেছ দলে সিমানতে ক্ষান্ত থকা নাই, টানি আনিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঢ়িৰ প্ৰসংগও৷ প্ৰসংগতঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঢ়ি. দীঘল কৰিছিল ক’ভিড অতিমাৰীৰ লকডাউনৰ সময়ত৷ ডাঢ়ি দীঘল কৰি প্ৰধানমন্ত্ৰী মোদীয়ে পশ্চিমবংগৰ নিৰ্বাচনত সেই ৰূপ কৌশলগতভাৱে ব্যৱহাৰ কৰিছিল৷ অৰ্থাৎ ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক সময়ত ডাঢ়িৰ প্ৰভাৱ তেনেই নোহোৱা নহয়৷ সেই দিশৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ডাঢ়িৰ প্ৰসংগ গ্ৰহণযোগ্য নহ’ব পাৰে কিন্তু তেনেই অবাঞ্চিত নহয়৷ গুজৰাটৰ কচ্চৰ ৰাণ অঞ্চলত প্ৰথমখন নিৰ্বাচনী সভাত ভাগ লৈয়েই হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তেওঁৰ দীঘল ডাঢ়িৰ সৈতে ইৰাকৰ প্ৰয়াত ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনৰ দৰে চেহেৰা হোৱা বুলি মন্তব্য কৰিছিল৷ তাৰ পাছত মঙলবাৰে আহমেদাবাদৰ এখন নিৰ্বাচনী সভা আৰু সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক ইৰাকৰ প্ৰয়াত ৰাষ্ট˜পতি ছাদ্দাম হুছেইনৰ সৈতে ডাঢ়িৰে অবিকল হৈ পৰা বুলি মন্তব্য কৰে৷ আহমেদাবাদত নিৰ্বাচনী সভাত তেওঁ ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি থকা ৰাহুল গান্ধীক উদ্দেশ্যি কয়– ‘মই দেখিছো তেওঁৰ চেহেৰা এতিয়া সলনি হৈছে৷ কেইদিনমানৰ পূৰ্বে মই এটা টিভি চেনেলৰ সাক্ষাৎকাৰতো এই কথা উল্লেখ কৰিছিলো৷ তেওঁৰ নতুন ৰূপক লৈ আচলতে ক’ব লগা একো নাই৷ কিন্তু যদিহে তেওঁ নিজৰ চেহেৰা সলনি কৰিব খুজিছে তেন্তে তেওঁ চৰ্দাৰ বল্লভভাই পেটেলৰ দৰে হওক বা তেওঁৰ আজোককাক জৱাহৰলাল নেহৰুৰ দৰে হওক৷ গান্ধীজীৰ দৰে হোৱা হ’লেও ভাল হ’লহেঁতেন৷ কিন্তু তেওঁ যিটো চেহেৰা বনাইছে দেখিবলৈ তেওঁক ঠিক ডাঢ়িৰে সৈতে ইৰাকৰ প্ৰয়াত ৰাষ্ট˜পতি ছাদ্দাম হুছেইন যেন লগা হৈছে৷ তেওঁ ছাদ্দাম হুছেইনৰ দৰে কিয় হৈছে?’ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যই স্বাভাৱিকতে ৰাষ্ট˜জোৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিৰোধী ৰাজনৈতিক দলে হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যক অতিশয় তুচ্ছ মন্তব্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰ কৰা মন্তব্যত কংগ্ৰেছে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল৷ এসপ্তাহৰ ভিতৰত তেওঁ দ্বিতীয়বাৰ একেই মন্তব্য কৰি ৰাহুল গান্ধীক ছাদ্দাম হুছেইনৰ দৰে হোৱা বুলি আক্ৰমণ কৰাত এইবাৰ কংগ্ৰেছে উভতি ধৰিছে৷ কংগ্ৰেছ নেতা মণীষ তিৱাৰীয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য ৰাজনৈতিক ক্ষেত্ৰত অশালীন শব্দৰ ব্যৱহাৰ বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ তেওঁৰ মতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে পদবীত থকা এজন ব্যক্তিয়ে এনে তুচ্ছ মন্তব্য কৰি নিজৰ পদমৰ্যাদা হানি কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাক তেওঁ প্ৰশ্ন কৰে– ‘পশ্চিমবংগৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুত দীঘলকৈ ডাঢ়ি ৰাখি নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল৷ আমি তেতিয়া তেওঁৰ ডাঢ়িৰ বিষয়ে কোনো মন্তব্য কৰা নাছিলো৷ কিন্তু তেতিয়া চৰ্চা হৈছিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজকে ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ৰূপ দিবলৈ চেষ্টা কৰিছে আৰু সেই ৰূপেৰে তেওঁ পশ্চিমবংগৰ ভোটাৰক প্ৰভাৱিত কৰিবলৈ প্ৰয়াস চলাইছে৷ আমি তেতিয়া প্ৰধানমন্ত্ৰীৰ ডাঢ়িৰ বিষয়ে কোনো মন্তব্য কৰিছিলো নেকি? তেনে তুচ্ছ মন্তব্যৰ পৰা আমি বিৰত আছিলো৷’ ইপিনে কংগ্ৰেছৰ আন এজন নেতা জয়ৰাম ৰমেশে শুকুৰবাৰে দেশৰ আগশাৰীৰা টিভি চেনেলসমূহক চোকা ভাষাৰে সমালোচনা কৰি কয় যে হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীৰ ডাঢ়িৰ বিষয়ে কৰা মন্তব্যক লৈ বিতৰ্ক অনুষ্ঠান আয়োজন কৰি নিজৰ মৰ্যাদা নিজেই হ্ৰাস কৰিছে৷ সেই প্ৰসংগও বিতৰ্ক অনুষ্ঠানৰ বিষয় হ’ব পাৰে নেকি বুলি তেওঁ প্ৰশ্ন কৰে৷