Logo
image

শ্ৰদ্ধাৰ হত্যাকাৰী আফতাবক জে’ললৈ নিয়া আৰক্ষীৰ গাড়ীত আক্ৰমণ

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰঃ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাক আজি দিল্লী আৰক্ষীয়ে কাৰাগাৰলৈ নি থকাৰ সময়তে একাংশ হিন্দু সেনাৰ সদস্যই আৰক্ষী ভানখনতে তৰোৱালেৰে আক্ৰমণ কৰে৷ ৰোহিনীৰ এফএছএলৰ  বাহিৰত এই ঘটনা সংঘটিত হয়৷ পলিগ্ৰাফ পৰীক্ষাৰ পাছত পুলিচ ভানখনে আফতাবক পশ্চিম ৰোহিনীৰ ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ পৰা পুনৰ কাৰাগাৰলৈ লৈ গৈ আছিল৷ আক্ৰমণকাৰীসকলে তৰোৱালেৰে আফতাবক কঢ়িয়াই নিয়া গাড়ীৰ ওপৰত আক্ৰমণ কৰিছিল৷ অভিযুক্ত আফতাবক লক্ষ্য কৰিয়েই এই আক্ৰমণ চলাইছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে৷ আৰক্ষীয়ে লগতে জানিবলৈ দিয়া মতে আক্ৰমণৰ ঘটনাত অভিযুক্ত আফতাবৰ কোনো ক্ষয়ক্ষতি হোৱা নাই৷ আৰক্ষীয়ে আফতাবৰ ভানখনত আক্ৰমণ কৰা লোকসকলক আটক কৰিছে৷ আক্ৰমণকাৰী সকলে নিজেই দাবী কৰিছে যে তেওঁলোক হিন্দু সেনাৰ সদস্য৷ উল্লেখ্য যে যোৱা ১৮ মে’ত দিল্লীৰ এটা ফ্লেটত নৃশংসভাৱে শ্ৰদ্ধা ৱাকাৰক হত্যা কৰিছিল প্ৰেমিক আফতাব পুনাৱালাই৷ পাছত প্ৰেমিকাৰ মৃতদেহ ৩৫ টুকুৰা কৰি দিল্লীৰ বিভিন্ন স্থানত দলিয়াইছিল আফতাবে৷ যোৱা এটা পষেকৰ পূৰ্বে এই ঘটনা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷