Logo
image

শ্বুটিং শেষ! অসমক শলাগি উভতিল হৃত্বিক, কংগনা, দীপিকা, অনিল কাপুৰ

ডিজিটেল ডেস্ক, ২৯ নৱেম্বৰঃ শ্বুটিং শেষ, প্ৰায় এটা পষেক অসমত থাকি চিনেমাৰ শ্বুটিং কৰি অসমক শলাগি মুম্বাইলৈ উভটিল বলিউদৰ তাৰকা অভিনেতা-অভিনেত্ৰী হৃত্বিক ৰোচন, কংগনা ৰাণাৱট, দীপিকা পাডুকন, অনিল কাপুৰ আৰু সুনীল গ্ৰভাৰ৷ উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰৰ পৰা অসমত বাহৰ পাতি কাৰ্বি আংলং, কাজিৰঙা, বোকাখাট, চন্দ্ৰপুৰ আৰু চানডুবিত বলিউদৰ ছবি ‘ইমাৰজেন্সি’ৰ শ্বুটিং কৰে বলীউদ কুইন খ্যাত কংগনা ৰাণাৱটে৷ ১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ঘোষণা হোৱা জৰুৰীকালীন অৱস্থাৰ ভিত্তিত নিৰ্মাণ হোৱা ছবিখনত ইন্দিৰা গান্ধীৰ চৰিত্ৰত   অভিনয় কৰিছে কংগনাই৷ ছবিখনৰ প্ৰযোজনা আৰু পৰিচালনাও কংগনাৰ৷ কংগনাৰ শ্বুটিং উপলক্ষত অৰ্ধ শতাধিক গাড়ীৰে আজি ভৰি পৰে চানডুবি৷ এখন ৰঙা লাইট লগোৱা পুৰণি এম্বেচাদৰ গাড়ীত শ্বুটিং কৰে কংগনাই৷ শ্বুটিং চাবলৈ যদিওৱা বহু লোকৰ সমাগম ঘটিল যদিও সুৰক্ষা আৰু দৃশ্যগ্ৰহণৰ বাবে প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল কোনো লোকক৷ উল্লেখ্য যে ৰ নৱেম্বৰত শ্বুটিঙৰ বাবে চানডুবি পৰিদৰ্শন কৰি গৈছিল কংগনাই৷ সোমবাৰে সন্ধিয়া শ্বুটিং সামৰি মুম্বাইলৈ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মুম্বাইলৈ উৰা মাৰে কংগনা ৰাণাৱটে৷ ইফালে তেজপুৰৰ শালনিবাৰী বায়ুসেনা শিৱিৰৰ চৌহদত যোৱা ১৫ নৱেম্বৰৰ পৰা চলা বলিউদৰ ছবি ‘ফাইটাৰ’ৰ দৃশ্য গ্ৰহণ সমাপ্ত কৰি আজি দুপৰীয়া তেজপুৰৰ পৰা মুম্বাই অভিমুখে উৰা মাৰে ছবিখনৰ তিনি তাৰকাই৷ ছবিখনৰ নায়ক হৃত্বিক ৰোশন, দীপিকা পাডুকনৰ লগতে আনগৰাকী জ্যেষ্ঠ অভিনেতা অনিল কাপুৰে আজি তেজপুৰ ত্যাগ কৰে৷ তেওঁলোকৰ লগত সুনীল গ্ৰভাৰো আছিল৷ উল্লেখযোগ্য যে, আকাশী যুঁজৰ ব্যয় বহুল ছবি ফাইটাৰৰ এক বৃহৎ পৰিমাণৰ ব্যয়ৰে সম্পন্ন হয় তেজপুৰত দৃশ্য গ্ৰহণৰ কাম৷ উল্লেখযোগ্য যে, ১৪ নৱেম্বৰত তেজপুৰত উপস্থিত হোৱা হৃত্বিক ৰোশন আৰু পৰিচালক সিদ্ধাৰ্থ আনন্দে ১৫ নৱেম্বৰৰ পৰা ইয়াত ফাইটাৰৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰে আৰু ১৬ নৱেম্বৰত ছবিখনৰ আন দুই তাৰকা অনিল কাপুৰ আৰু দীপিকা পাডুকন তেজপুৰত উপস্থিত হৈ নিশাৰ পৰা দৃশ্য গ্ৰহণৰ কামত ব্যস্ত হয়হি৷ বিমান ঘাটিৰ মূল ৰাণৱে’ৰ লগতে আজাদ ময়দানাতো ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম চলে৷ ২৬ নৱেম্বৰত দৃশ্য গ্ৰহণৰ অধিকাংশ কাম পূৰ্ব নিৰ্দ্ধাৰিত সময়তে সম্পন্ন হয় আৰু সেইদিনা চুখইৰ এক টেষ্ট ফ্লাইটৰো প্ৰদৰ্শনত উপস্থিত থাকে তিনি অভিনেতা অভিনেত্ৰী৷ আনহাতে তিনিও তাৰকাৰ বাবে বায়ুসেনাই কালি আজাদ ময়দানত এক প্ৰদৰ্শনীমূলক কাৰ্যসূচীৰ আয়োজন কৰে আৰু হেলিকপ্টাৰ উৰণৰ প্ৰদৰ্শন কৰা হয়৷ উল্লেখযোগ্য যে, ইয়াতে ছবিখনৰ বাবে প্ৰয়োজন হোৱা দুটামান দৃশ্যও পুনৰ গ্ৰহণ কৰাৰ লগতে যোৱা নিশা মূল ৰাণৱেতো আন এক দৃশ্য গ্ৰহণ কৰে৷ আজি তিনিওজন তাৰকা মুম্বাইলৈ উভটাৰ পথত স্থানীয় সংবাদমাধ্যমৰ আগত জ্যেষ্ঠ অভিনেতা অনিল কাপুৰে তেজপুৰত যথেষ্ট সুন্দৰ সময় অতিবাহিত কৰা বুলি মন্তব্য কৰাৰ লগতে তেজপুৰ এখন সুন্দৰ জেগা বুলিও কয়৷ অৱশ্যে অভিনেত্ৰী দীপিকাই স্থানীয় সংবাদকৰ্মীৰ কোনো প্ৰশ্নৰ উত্তৰ দিয়াৰ আগ্ৰহ নেদেখুৱালে৷