Logo
image

চীনৰ বন্দৰত আঠমাহে আৱদ্ধ ভাৰতীয় জাহাজ

আমাৰ অসম, ২৬ ডিচেম্বৰঃ সুদীৰ্ঘ আঠ মাহ ধৰি চীনৰ হুবেই প্ৰদেশৰ ঝিং টাং বন্দৰত আৱদ্ধ হৈ আছে ভাৰতৰ এম ভি জগ আনন্দ নামৰ এখন জাহাজ৷ এই জাহাজখনত থকা ২৩জন জাহাজকৰ্মীয়ে কাৰ্যতঃ এতিয়া চীনৰ বন্দৰটোত  বন্দিত্বৰ জীৱন অতিবাহিত কৰিব লগাত পৰিছে৷ প্ৰাপ্ত বাতৰি মতে কয়লাভৰ্তি জাহাজখনক চীনা কতৃৰ্পক্ষই বন্দৰটোত কয়লা নমাবলৈ অনুমতি প্ৰদান কৰা নাই৷ এনে অৱস্থাত জাহাজখনত থকা নাবিক তথা অন্যান্য কৰ্মীসকল গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ইপিনে বিষয়টো সন্দৰ্ভত আজি ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁ কয়– চীন কতৃৰ্পক্ষই ভাৰতীয় জাহাজ কৰ্মীসকলৰ ওপৰত মানসিক চাপৰ সৃষ্টি কৰি অন্যায় কৰিছে৷