Logo
image

সীমান্ত আলোচনা বিঘ্নিত

ডিজিটেল ডেস্ক :মুক্ৰৰ সংঘৰ্ষৰ ঘটনাই আউল লগালে অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ আলোচনা প্ৰক্ৰিয়াত৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ প্ৰচেষ্টাত চুবুৰীয়া দুয়োখন ৰাজ্যৰে সীমান্তৰ বিবদমান ভূমি ভাগ-বটোৱাৰাৰ বাবে দুয়োখন ৰাজ্যই বুজাবুজিত মিলিত হৈছে৷ ইতিমধ্যে অসম-মেঘালয়ৰ মন্ত্ৰীপৰ্যায়ৰ প্ৰথমলানি সীমা সমস্যা সমাধানৰ আলোচনাত দুয়োখন ৰাজ্যই সৰ্বসন্মত সিদ্ধান্তলৈ আহিছে৷ বৰ্তমান দ্বিতীয়লানি সীমা সমস্যা সমাধানৰ মন্ত্ৰীপৰ্যায়ৰ আলোচনা  আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্তত বিগত ২২ নৱেম্বৰত পশ্চিম কাৰ্বি আংলং জিলা মুক্ৰত অসম আৰক্ষী তথা বনৰক্ষীৰ সৈতে মেঘালয়ৰ দুবৃৰ্ত্ত তথা উন্মত্ত লোকৰ হোৱা সংঘৰ্ষত  মেঘালয়ৰ প্তজন লোকৰ লগতে অসমৰ এজন গৃহৰক্ষী জোৱানৰো মৃত্যু হয়৷ কিন্তু মুক্ৰৰ এই সংঘৰ্ষই এতিয়া যেন ওলট-পালট কৰি দিলে চুবুৰীয়া ৰাজ্য দুখনৰ সীমা সমস্যা সমাধানত৷ মুক্ৰৰ ঘটনাক লৈ মেঘালয় উত্তপ্ত হৈ থকাৰ মাজতে মঙলবাৰে চুবুৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সীমা সমস্যা দ্বিতীয় পৰ্যায়ৰ আলোচনা পলম হ’ব বুলি স্পষ্ট কৰি দিছে৷ সংবাদ মাধ্যমৰ আগত কনৰাড চাংমাই নিজৰ স্থিতি স্পষ্ট কৰি কয়– ‘চলিত মাহতে অসম-মেঘালয়ৰ সীমা বিবাদক লৈ দ্বিতীয় পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰাৰ বাবে আমি সাজু আছিলোঁ৷ কিন্তু মুক্ৰৰ ঘটনাই পৰিস্থিতি জটিল কৰি তুলিলে৷ হয়টো তাৎক্ষণিকভাৱে দুয়োখন চৰকাৰৰ আলোচনা সম্ভৱ নহ’ব৷ কিন্তু সীমা সমস্যাৰ স্থায়ী সমাধান হোৱাটো আমি বিচাৰিছোঁ৷’ ইফালে, মঙলবাৰে মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নেতৃত্বত অনুষ্ঠিত মেঘালয় চৰকাৰৰ কেবিনেট বৈঠকত অসম সীমান্তৰ ৭টা স্থানত মেঘালয়ে আৰক্ষীৰ চকী স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সীমান্তৰ ভূমি বিবাদ মীমাংসা অবিহনে মেঘালয় চৰকাৰে সীমান্তত আৰক্ষী চকী স্থাপন কৰাৰ  বাবে লোৱা সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ মঙলবাৰে কেবিনেট বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই এই সন্দৰ্ভত ক্ষোভ ব্যক্ত কৰি কয়– ‘অসম-মেঘালয়ৰ সীমা হৈছে সাংবিধানিক সীমা৷ দুয়োখন ৰাজ্যৰে সীমাৰ মেপ আছে৷ আমি আশা কৰিম মেঘালয় চৰকাৰে যাতে অসমৰ সীমাৰ ভিতৰত কোনো কাম নকৰে৷ কিয়নো সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যই স্থিতাৱস্থা বাহাল ৰাখিম বুলি বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছোঁ৷ মই আজিও কম– ‘আৰক্ষীয়ে কেতিয়াও নিৰপৰাধী লোকৰ ওপৰত গুলীচালনা কৰিব নালাগে৷ আৰক্ষীয়ে সন্ত্ৰাসবাদী-অপৰাধীৰ বিৰুদ্ধেহে গুলী চলাওক৷’ ইফালে, মুক্ৰৰ ঘটনাৰ পাছতেই মেঘালয় সীমান্তৰ প্ৰৱেশ পথ বন্ধ থকা বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়–“বিগত ৫ দিন মেঘালয়লৈ সীমান্তৰ প্ৰৱেশ-পত্ৰ অসম চৰকাৰেহে বন্ধ কৰি ৰাখিছিলোঁ৷ মেঘালয়ে অসমৰ পৰা যান-বাহন চলাচলত কোনো নিষেধাজ্ঞা আৰোপ কৰা নাছিল৷ ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থতে মই মেঘালয়লৈ যান-বাহনৰ চলাচল বন্ধ ৰাখিছিলোঁ৷’ লক্ষণীয়ভাৱে মঙলবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্ৰধান জি পি সিঙে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক লগত লৈ সংঘৰ্ষস্থলী পৰিদৰ্শন কৰাৰ সময়তে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই পুনৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত মুক্ৰ অঞ্চল মেঘালয়ৰ বুলি দাবী কৰে৷ ইফালে অসম আৰক্ষীৰ গুলীত মেঘালয়ৰ প্তজন লোকৰ মৃত্যু হোৱা ঘটনাক মানৱ অধিকাৰ উলংঘনৰ অভিযোগ তুলি মেঘালয় চৰকাৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষক দিয়া অভিযোগক আয়োগে পঞ্জীয়ন কৰি সীমান্তৰ এনে ঘটনাৰ মেক্ৰত সুৰক্ষামূলক ব্যৱস্থা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু অসম চৰকাৰক অভিমত দাখিলৰ বাবে নিৰ্দেশ দিছে৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে সীমান্তৰ বিবাদৰ পৰিণতি মুক্ৰ-কাণ্ড বুলিও অভিহিত কৰে৷ এক কথাত মুক্ৰক লৈ অচলাৱস্থা অব্যাহত থকাৰ বাবেই দুয়োখন ৰাজ্যৰ সীমান্তৰ বিবাদ নিষ্পত্তিৰ বৈঠক বিঘ্নিত হৈ পৰিছে৷ এফালে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাই আকোঁৰ গোঁজ স্থিতি লোৱাৰ বিপৰীতে অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ক্ষুন্ন হৈ পৰা দেখা গৈছে৷

মেঘালয় চৰকাৰ বন মাফিয়াৰ বন্ধু!সাংসদ হৰেন ছিং বে’  

 ঘটনাৰ এসপ্তাহ পাছত আজি কাৰ্বি আংলং জিলাৰ মক্ৰত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সাংসদ হৰেন ছিং বে’, অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং, মধ্য মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, বৈঠালাংচ’ৰ বিধায়ক ৰূপছিং টেৰণ, পৰিষদৰ কাৰ্যবাহী সদস্য লুংছিং টেৰণসহ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰে৷ উল্লেখ্য যে, ২১ নৱেম্বৰৰ পুৱতি নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা চোৰাং পাইন কাঠ নি থকা এখন  ট্ৰাক বন বিভাগে জব্দ কৰি ৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল৷ পাছত পাইনভৰ্তি ট্ৰাকখন আনিবলৈ যাওঁতে বন মাফিয়া ফৈদৰ খাছী লোকে বনৰক্ষী আৰু আৰক্ষীৰ দলটোক ঘেৰাও কৰি আক্ৰমণ কৰাত দলটোৱে গুলীচালনা কৰে৷ এই সংঘৰ্ষত ৫ জন খাছী লোক আৰু অসমৰ এজন গৃহৰক্ষীৰ জোৱানৰ মৃত্যু হৈছিল৷ পিছদিনাৰ পৰাই কেন্দ্ৰীয় চৰকাৰে অসমৰ সীমান্তত দুই প্লাটুন আৰু মেঘালয়ৰ সীমান্তত দুই প্লাটুন বি এছ এফ মকৰল কৰি ৰাখিছে৷  উল্লেখ্য যে, সীমান্তৰ মক্ৰ এলেকাটো অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত যদিও তাত খাছী আৰু পামে লোকে বাস কৰাৰ বাবে মেঘালয়ে এই এলেকাটো নিজৰ বুলি দাবী কৰি আহিছে৷ ঘটনাৰ দিনা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পৰা আৰম্ভ কৰি সমগ্ৰ ৰাজ্য চৰকাৰ আৰু প্ৰশাসন ব্যস্ত আছিল দিল্লীৰ লাচিত দিৱসক লৈ৷ সেয়ে আজি অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানসহ সকলো গৈ ঘটনাস্থলীত উপস্থিত হয়৷ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘটনাৰ দিনটোৰ পৰাই মক্ৰ মেঘালয়ৰ বুলি দাবী কৰি আহিছে৷ আনকি কালি ছিলঙত অনুষ্ঠিত সৰ্বদলীয় সভাত সীমান্তত সকলো সুবিধাসহ আৰক্ষী চকী নিৰ্মাণ কৰাৰো সিদ্ধান্ত লয়৷ আজি ঘটনাস্থলীত উপস্থিত হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, এই ভূমি আমাৰ৷ মেঘালয়ে দাবী কৰিলেই এয়া মেঘালয়ৰ হৈ নাযায়৷ ২২ নৱেম্বৰৰ সংঘাত সীমান্তৰ সংঘাত নহয়৷ বন মাফিয়াৰ লগত হোৱা বন-বিভাগৰ সংঘাত৷ বন বিভাগে জব্দ কৰা ২৩খন ট্ৰাকসহ পাইন গছ এতিয়াও বন বিভাগৰ জিম্মাত আছে৷ সিদিনাৰ ঘটনাক নিন্দা কৰি তেওঁ কয়, মক্ৰত বেটেলিয়ান কেম্পসহ ৰেঞ্জ অফিচ নিৰ্মাণ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ন্যায়িক তদন্ত ঘোষণা কৰাৰ কথা কৈ তেওঁ চিবিআইৰ তদন্ত দাবী কৰে৷ ৰংহাঙে খেৰণি বন বিভাগৰ অতিথিশালাত মক্ৰৰ ঘটনাত আহত অভিমন্যু দাসক অসম চৰকাৰৰ তৰফৰ পৰা ১ লাখ আৰু পৰিষদৰ তৰফৰ পৰা ৰ লাখ টকা মুঠ ২ লাখ টকাৰ চেক প্ৰদান কৰে৷ আনহাতে, উমতাং নদীৰ পৰা মকৌলুমলৈ মেঘালয় চৰকাৰে পকী পথ নিৰ্মাণ কৰা প্ৰসংগত তেওঁ কয়– পকী পথ সকলোৱে নিৰ্মাণ কৰিব পাৰে৷ এয়া এনইচিৰ টকাৰে নিৰ্মাণ কৰিছে৷ মানে কেন্দ্ৰীয় চৰকাৰৰ টকা৷ আমিও খেৰণিৰ পৰা মকৌলুমলৈ পকী পথ নিৰ্মাণ কৰিম৷ আনহাতে, ডিফু লোকসভা সমষ্টিৰ সাংসদ হৰেন ছিং বে’য়ে উভতি ধৰিছে মেঘালয়ৰ সাংসদ কনৰাড চাংমাক৷ মক্ৰত তেওঁ কয় কনৰাড চাংমাই ক’লেই এই মাটি মেঘালয়ৰ হৈ নাযায়৷ এতিয়াও জি পি টিপিলে এয়া কাৰ্বি আংলঙৰ মাটি বুলি স্পষ্ট হ’ব৷ তেওঁ কয়– মেঘালয় চৰকাৰে চোৰাং কাঠ মাফিয়াক সহযোগ কৰি আহিছে৷ তেওঁলোকে অসমৰ মাটিৰ গছ কাটি তহিলং কৰাত এই বন মাফিয়াসকলক উৎসাহ যোগাইছে বুলি অভিযোগ কৰে৷ তেওঁ পোনপতীয়াকৈ এই যড়যন্ত্ৰত কনৰাড চাংমা জড়িত বুলি অভিযোগ কৰে৷ পৰিষদে সীমান্তত উপযুক্ত ব্যৱস্থা লৈছিল যদিও বন মাফিয়াই এইদৰে আক্ৰমণ কৰিব বুলি কোনেও ভবা নাছিল বুলি কয়৷ কনৰাড চাংমাই মেঘালয়ৰ মাটিত সীমান্ত আৰক্ষী চকী নিৰ্মাণ কৰক কিন্তু কাৰ্বি আংলঙৰ মাটিত নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি কয় সংসদ হৰেন ছিং বে’য়ে৷ আজি মক্ৰত উপস্থিত হোৱা অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে সংবাদ মাধ্যমৰ আগত কয় যে, এনে ঘটনাৰ পাছত পৰিস্থিতি স্বাভাবিক হোৱাত কিছু সময়ৰ প্ৰয়োজন হয়৷ ঘটনাৰ দিনাই আইন শৃংখলাৰ আই জি প্ৰশান্ত ভূঞা আৰু ডি আই জি সত্যৰাজ হাজৰিকা ইয়াত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে৷ কেচটো চি বি আয়ে দুই-এদিনতে ল’ব৷ ন্যায়িক তদন্ত দিয়া হৈছে৷ এইটো সীমা বিবাদৰ বিষয় নহয় এইটো বন মাফিয়াৰ লগত হোৱা সংঘৰ্ষ৷ বন সুৰক্ষাৰ বাবে দেশৰ উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশনা মেঘালয় চৰকাৰেও পালন কৰিব লাগিব৷ সীমান্তত অসম আৰু মেঘালয়ৰ যুটীয়া বেটেলিয়নৰ দৰে পেট্ৰ’লিং কৰিব বুলিও কয় বিষয়াগৰাকীয়ে৷ হামৰেণত এ এছ ডি চি, কে এছ এ আৰু কে এন চি এৰ ধৰ্ণাঃ সীমান্তত ২২ নৱেম্বৰত সংঘটিত সংঘাতৰ ঘটনাত নিহত বিদ্যাছিং লেকথেৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ, চৰকাৰী চাকৰি আৰু তেওঁৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ দাবীত আজি হামৰেণত এ এছ ডি চি, কে এছ এ আৰু কে এন চি এই এক ধৰ্ণা কাৰ্যসূচী পালন কৰে৷ এ এছ ডি চিৰ নেতা চাৰছিং ইংলেঙে কয় যে, সীমাসমস্যা সমাধানৰ নামত গীভ এন্‌ড টেক পলিচি কোনোকাৰণে পাহাৰৰ জনতাই নামানে৷ তেওঁ অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক ১৯৫১ চনৰ ছাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰিয়েই সীমাবিবাদৰ স্থায়ী সমাধান দাবী কৰে৷ সংগঠনকেইটাই উপায়ুক্তৰ জৰিয়তে সমগ্ৰ বিষয়টো লৈ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷

সীমান্তৰ আৰক্ষী সংযত হওকঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ

অসম-মেঘালয় সীমান্তৰ বিবদমান এলেকাত আৰক্ষীক সংযত হ’বলৈ পৰামৰ্শ প্ৰদান কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে৷ লগতে আয়োগে মুক্ৰ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ মুক্ৰত আৰক্ষীৰ গুলীচালনাৰ ঘটনা স্পষ্টকৈ মানৱ অধিকাৰ উলংঘা বুলি অভিহিত কৰিছে আয়োগে৷ এক বিবৃতিযোগে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তৰফত এই কথা প্ৰকাশ কৰা হৈছে৷ কোৱা হৈছে— দিৰ্ঘদিনীয়া সীমাবিবাদৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে৷ সীমাবিবাদৰ নিষ্পত্তি ঘটিলে এনেধৰণৰ ঘটনা কেতিয়াও নহ’লহেঁতেন বুলিও আয়োগে স্পষ্ট কৰি দিয়ে৷ পিছে বিবাদ যিমানে জটিল নহওক কিয় যিকোনো পৰিস্থিতিত আৰক্ষীক সংযত হ’বই লাগিব৷ ভৱিষ্যতে এনেধৰণ ঘটনা কেনেদৰে প্ৰতিহত কৰিব পাৰি তাৰ বাবে এখন এছ অ’ পি প্ৰস্তুত কৰিবলৈ আয়োগৰ অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুণ কুমাৰ শৰ্মাই কেন্দ্ৰীয় গৃহ সচিব আৰু অসমৰ মুখ্য সচিবলৈ জাননী জাৰি কৰে৷ আগন্তুক দুসপ্তাহৰ ভিতৰত দুয়োপক্ষক উত্তৰ দিবলৈও আয়োগে নিৰ্দেশ প্ৰদান কৰিছে৷ উল্লেখ্য যে, অসম-মেঘালয় বিবদমান সীমান্তৰ মুক্ৰ গাঁৱত ২২ নৱেম্বৰত অসম আৰক্ষীৰ গুলীচালনাত মেঘালয়ৰ প্তজন লোকৰ লগতে অসমৰ এজন বনকৰ্মীৰো মৃত্যু ঘটিছিল৷ ইয়াৰ পাছত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা আৰু উপ-মুখ্যমন্ত্ৰী প্ৰীষ্টন টিনছঙেই ২৫ নৱেম্বৰত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছিল৷ তেওঁলোকে আয়োগৰ অধ্যক্ষ অৰুণ কুমাৰ শৰ্মাক সাক্ষাত কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰিছিল৷ উক্ত স্মাৰক-পত্ৰৰ ভিত্তিত আয়োগে আজি মুক্ৰ কাণ্ডৰ গোচৰ ৰজু কৰে৷ লক্ষণীয়ভাৱে আজিৰ বিবৃতিটোত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে মুক্ৰ গাঁওখনক মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰ জিলাৰ অন্তৰ্গত বুলি উল্লেখ কৰা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে, আয়োগৰ অধ্যক্ষ অৰুণ কুমাৰ শৰ্মাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বিবদমান এলেকাত উদ্ভুত পৰিস্থিতি মোকাবিলাৰ বাবে এছ অ’ পি প্ৰস্তুত কৰাৰ নিৰ্দেশ জাৰি কৰাৰ পূৰ্বেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২৩ নৱেম্বৰত অনুৰূপ এছ অ’ পি প্ৰস্তুত কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগক নিৰ্দেশ জাৰি কৰিছিল৷ ইপিনে জানিব পৰা মতে, মেঘালয় কেবিনেটে আজি অসম-মেঘালয় বিবদমান সীমান্তৰ জ্জখন ঠাইত সীমান্ত আৰক্ষী চকী স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ সীমান্তৰ এই ঠাইসমূহ হৈছে লাংপি, লেজাডুবি, উমৱালী, মুৰিয়াজ আৰু ৰাণী৷ আনহাতে, পাথৰখামা আৰু কিৰছাং আৰক্ষী চকীক পূৰ্ণাংগ আৰক্ষী থানালৈ উন্নীত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয় কেবিনেটে৷